
আজি সোণোৱালৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী
‘ত্যাগ’ৰ এমাহ
আমাৰ অসম, ১০ জুনঃ বৃহস্পতিবাৰে এমাহ পূৰ্ণ কৰিলে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে৷ এমাহ পূৰ্তি উপলক্ষ্যে মুখ্যমন্ত্ৰী শৰ্মাই বৃহস্পতিবাৰে কেইজনমান বিশেষ ব্যক্তিৰ ঘৰলৈ যাব৷ প্ৰথমে মুখ্যমন্ত্ৰী শৰ্মা যাব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰলৈ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ পৰা মুখ্যমন্ত্ৰী শৰ্মাই পৰামৰ্শ আৰু শুভাশিষ গ্ৰহণ কৰিব৷ ১০ মে’ত অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিছিল ড॰ শৰ্মাই৷ যিদৰে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ এমাহ পূৰণ হ’ব একেদৰে সৰ্বানন্দ সোণোৱালৰ ‘ত্যাগ’ৰো এমাহ পূৰ হ’ল৷ অৱশ্যে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলৰ স্বাৰ্থত ‘ত্যাগ’ কৰাৰ কথা সদৰী কৰিছে৷ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে বিজেপি হাইকামাণ্ডে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰাৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ড॰ হিমন্ত বিশ্ব শৰ্মাক সাৱতি ধৰি আশীৰ্বাদ দিছিল৷ তেওঁৰ নেতৃত্বত অসমত মূল্যবোধৰ ৰাজনীতি ত্বৰান্বিত হ’ব বুলি মত প্ৰকাশ কৰিছিল৷ আনহাতে, ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সৰ্বকালৰ নেতা বুলি মন্তব্য কৰিছিল৷ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণৰ পূৰ্বে ড॰ হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰলৈ গৈ পৰামৰ্শ আৰু আশিষ গ্ৰহণ কৰিছিল৷