Logo
image

কেঁচা জলকীয়াত থাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ উপাদান

আমাৰ অসম বিশেষঃ কৰ’না ভাইৰাছে সৃষ্টি কৰা আজিৰ এই জটিল সময়ত সকলোৱে নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত সচেতনতা অৱলম্বন কৰিছে৷ ইয়াৰ বাবে বিভিন্নজনে বিভিন্ন দৰৱৰ আশ্ৰয় লৈছে৷ কিন্তু জানি আচৰিত হ’ব যে সকলোৰে বাবে সুলভ কেঁচা জলকীয়াত আছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ প্ৰচুৰ উপাদান৷ আজিৰ শিতানত কেঁচা জলকীয়াৰ উপকাৰিতা সম্পৰ্কে উল্লেখ কৰা হ’ল–

[১] হৃদযন্ত্ৰ ভালে ৰাখেঃ নিয়মিত অন্ততঃ দুটা কেঁচা জলকীয়া খালে হৃদযন্ত্ৰৰ ক্ষতি হোৱাৰ আশংকা নাথাকে৷ কেঁচা জলকীয়াত থকা উপকাৰী উপাদানসমূহে তেজৰ অপ্ৰয়োজনীয় কলেষ্টেৰ’লৰ মাত্ৰা হ্ৰাস কৰে৷ ফলত হাৰ্ট এটেকৰ আশংকা কমে৷

[২] ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়ঃ দৈনিক দুটা কেঁচা জলকীয়া খাব পাৰিলে যিকোনো ৰোগ সহজে নিৰাময় কৰিব পৰা যায়৷ ইয়াত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন ‘চি’, বিটা কেৰোটিন আৰু এণ্টিঅক্সিডেণ্টে দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাক শক্তিশালী কৰি তোলে৷ কেচাঁ জলকীয়াত থকা ভিটামিন ‘চি’ আৰু এণ্টিঅক্সিডেণ্টে শৰীৰত ইমিউনিটী বৃদ্ধি কৰাৰ লগতে দৃষ্টিশক্তি বঢ়ায় আৰু ছাল সুন্দৰ কৰি তোলে৷

[৩] চাইনাছৰ সমস্যা কমায়ঃ কেঁচা জলকীয়াত থকা কেপচিচিন নামৰ উপাদান বিধৰ বাবে ই খুব জ্বলা হয়৷ পিছে কেপচিচিন শৰীৰৰ বাবে সাংঘাতিক উপকাৰী৷ কেপচিচিন নামৰ উপাদান বিধে তেজৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰে৷ তদুপৰি এই উপাদান বিধৰ বাবে মিউকাছ মেমব্ৰেনৰ মাজত তেজৰ সৰবৰাহ বাঢ়ে৷ ফলত চাইনাছৰ পৰা হ’ব পৰা মূৰৰ বিষৰ সমস্যাৰ আশংকা নাথাকে৷ তদুপৰি কেঁচা জলকীয়াই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে৷

[৪] কৰ্কট ৰোগৰ আশংকা কমায়ঃ কেঁচা জলকীয়াত থকা প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্টে শৰীৰত জমা হোৱা ক্ষতিকাৰক ট’ক্সিন নামৰ উপাদান বিধ উলিয়াই দিয়ে৷ ইয়াৰ ফলত দেহত কৰ্কট ৰোগৰ চেল সৃষ্টি হোৱাৰ আশংকা কমে৷