Logo
image

চক্‌পেঞ্চিল আন বিভিন্ন কামতো ব্যৱহাৰ কৰিব পাৰে

আমাৰ অসম বিশেষঃ ল’ৰালি কালত ব্লেকব’ৰ্ডত চক্‌পেঞ্চিলৰ ব্যৱহাৰৰ অভিজ্ঞতা কোনেও পাহৰিব নোৱাৰে৷ চক্‌পেঞ্চিলৰ অৱশিষ্ট টুকুৰাটোক লৈ সহপাঠীৰ সৈতে টনা-আজোৰা কৰাটো স্কুলীয়া দিনৰ পৰিচিত দৃশ্য৷ বয়স বঢ়াৰ লগে লগে চক্‌পেঞ্চিল টুকুৰাৰ প্ৰতি লাহে লাহে সকলোৰে আগ্ৰহ কমি আহে৷ কিন্তু এই কথা জানি আচৰিত হ’ব যে ব্লেকব’ৰ্ডত লিখাৰ বাহিৰেও চক্‌পেঞ্চিলডাল আন কেতবোৰ কামতো ব্যৱহাৰ কৰিব পাৰি৷ আজিৰ শিতানত ব্লেকব’ৰ্ডৰ বাহিৰেও চক্‌পেঞ্চিলৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] কিবা খাওতে অসাৱধানবশতঃ কেতিয়াবা পোছাকত চব্‌জিৰ দাগ লাগি যায়৷ বহু চেষ্টাৰ পাছতো আপুনি সেই দাগ আঁতৰাব পৰা নাই৷ এই ক্ষেত্ৰত চক্‌পেঞ্চিল ব্যৱহাৰ কৰিব পাৰে৷ পোছাকৰ দাগ লগা অংশত চক্‌পেঞ্চিল ঘঁহি দিয়ক৷ দহ মিনিটৰ পাছত দাগ লগা ঠাইডোখৰ ধুই পেলাওক৷ দেখিব দাগ সম্পূৰ্ণৰূপে আঁতৰি গৈছে৷

[২] ছাৰ্টৰ কলাৰ বা হাতৰ অংশত প্ৰায়েই ময়লা বা দাগেৰে ভৰি পৰে৷ যিমানেই উৎকৃষ্ট ডিটাৰজেণ্ট পাউদাৰ ব্যৱহাৰ নকৰক কিয় সেই দাগ সহজে আঁতৰি নাযায়৷ এই ক্ষেত্ৰত চক্‌পেঞ্চিলৰ সহায় লওক৷ চকৰ টুকুৰা কলাৰ আৰু হাতৰ দাগ লগা অংশত ঘঁহি ধুই পেলাওক৷ দেখিব দাগো আঁতৰিছে আৰু পুৰণি ছাৰ্টটো নতুনৰ দৰে হৈ পৰিছে৷

[৩] সৰু ল’ৰা-ছোৱালী থকা ঘৰৰ বেৰত বিভিন্ন পেঞ্চিল বা ৰঙৰ দাগ দেখা যায়৷ এই দাগ চক্‌পেঞ্চিলৰ সহায়ত সহজে আঁতৰাব পাৰি৷ বেৰৰ যিবোৰ স্থানত ল’ৰা-ছোৱালীয়ে পেঞ্চিল বা ৰঙেৰে আঁকিছে সেই স্থানত চক্‌ ঘঁহি বেৰখনৰ পূৰ্বৰ সৌন্দৰ্য ওভোটাই আনিব পৰা যায়৷

[৪] বাৰিষা কালত বন্ধ আলমিৰাৰ পৰা ভেঁকুৰৰ গোন্ধ ওলায়৷ এই দুৰ্গন্ধৰ পৰা চক্‌পেঞ্চিলৰ সহায়ত মুক্তি লাভ কৰিব পৰা যায়৷ বাৰিষাৰ পূৰ্বে আলমিৰাত ৰখা কাপোৰৰ আশে-পাশে চক্‌পেঞ্চিলৰ গুড়ি সিঁচৰতি কৰি ৰাখক৷ দেখিব আলমিৰাৰ দুৰ্গন্ধ নাইকিয়া হৈ পৰিছে৷

[৫] ৰূপ বা তামৰ গহণাত ক’লা চামনিৰ দৰে দাগ লাগিলে চক্‌পেঞ্চিলৰ সহায়ত সেই দাগ আঁতৰাব পৰা যায়৷ এনে গহণাৰ ওপৰত চকৰ গুড়ি ছটিয়াই দিয়ক৷ অন্ততঃ এটা দিন চকৰ গুড়িৰ সৈতে ৰাখি থওক৷  পিছদিনা সেই গহণা ধুই পেলাওক৷ দেখিব পূৰ্বতকৈ অধিক উজ্জ্বল হৈ পৰিছে চামনি পৰা গহণাখিনি৷