Logo
image

কি ৰঙৰ ফল-পাচলি খালে কি কি উপকাৰ

আমাৰ অসম, ০২ অক্টোবৰঃ জীৱন ৰঙীন হ’ব যদিহে আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকে৷ সুস্বাস্থ্য বজাই ৰাখিবলৈ মানুহে ফলাহাৰ গ্ৰহণ কৰে৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে ফলৰ বিভিন্ন বৰণত থাকে স্বাস্থ্যৰ বিভিন্ন উপকাৰ৷ সেউজীয়া ফল বা পাচলি বুলি ক’লে মনলৈ আহে কেপচিকাম, ব্ৰুকলি, তৰমুজ আৰু বাৰীৰ বিভিন্ন শাক৷ সেউজীয়া শাক-পাচলিত থাকে প্ৰচুৰ পৰিমাণে লুটেইন গিক্সাথিন এণ্টিঅক্সিডেণ্ট৷ দৃষ্টিশক্তিৰ বাবে সেউজীয়া পাচলিত থকা এণ্টিঅক্সিডেণ্ট খুবেই উপকাৰী৷ ৰঙা বৰণৰ ফল বা পাচলি বুলি ক’লে মনলৈ আহে বিলাহী, তৰমুজ, শুকান জলকীয়া আদি৷ এনেবোৰ ফল বা পাচলিত লাইকোপেন এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে৷ এনে এণ্টিঅক্সিডেণ্টে কৰ্কট ৰোগৰ সৈতে যুঁজিবলৈ শক্তি যোগায়৷ কমলা ৰঙৰ ফল বা পাচলি বুলিলে মনলৈ আহে গাজৰ, কমলা টেঙা, নেমু, আনাৰস, অমিতা আদি৷ এনেবোৰ ফলে শৰীৰত এণ্টিঅক্সিডেণ্ট আৰু বিটাকেৰোটিনৰ পৰিমাণ বৃদ্ধি কৰে৷ তদুপৰি কমলা ৰঙৰ ফলে শৰীৰত ভিটামিন ‘এ’ৰ ঘাটি পূৰণ কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বেগুণীয়া বৰণৰ ফল বা পাচলি বুলি ক’লেই বেঙেনা, ক’লা আঙুৰ, চেৰী, নীলবেৰী, গুজবেৰী, ষ্ট্ৰবেৰী আদিৰ কথা আহে৷ বেগুণীয়া বৰণৰ ফলত থাকে এন্থোকায়ানিৰ৷ এনেবোৰ ফলে কৰ্কটৰ বিৰুদ্ধে যুঁজিবলৈ ‘ভাস্কুলাৰ ছিষ্টেম’ক সবল কৰি ৰাখে৷ সেইদৰে বগা বৰণৰ পাচলি বুলিলে পিয়াঁজ, নহৰু, মূলা, কাঠফুলা আদিৰ কথা কোৱা হয়৷ এনেবোৰ পাচলিত ছাইটোকেমিকেল থাকে৷ ছাইটোকেমিকেলে হাড় মজবুত কৰাৰ লগতে কৰ্কটপ্ৰতিৰোধত সহায় কৰে৷