Logo
image

কয়ল নালাগে, আপোনাৰ ঘৰত থকা সামগ্ৰীৰেই সহজে খেদিব পাৰি মহ

আমাৰ অসম বিশেষঃ গৰমৰ দিন আহিল মানে মহৰ উপদ্ৰপো বাঢ়ি আহিল৷ ঘৰত সামান্য সময় আহৰি পালেও মহৰ উপদ্ৰপৰ কাৰণে যেন জিৰণি লোৱা নহয়৷ আনকি দিনৰ ভাগতো মহৰ উৎপাতৰ পৰা বাচিবলৈ মহ খোদ কয়ল, স্প্ৰে ব্যৱহাৰ কৰিবলগীয়া হয়৷ ৰাতিৰ কথাটো বাদেই৷ কিন্তু কয়লৰ গোন্ধ বহুতে সহ্য কৰিব নোৱাৰে৷ শিশু তথা হৃদৰোগীৰ বাবে কয়লৰ ধোৱা অতি ক্ষতিকাৰক৷ আহকচোন ঘৰত কয়ল বা স্প্ৰে ব্যৱহাৰ নকৰাকৈ কেনেকৈ মহ নাইকীয়া কৰিব পাৰি জানি লওঁ–

কৰ্পূৰৰ গোন্ধ মহে একেবাৰেই সহ্য কৰিব নোৱাৰে৷ সাধাৰণ গেলামাল বা ষ্টেচনাৰী দোকানত পোৱা যায় কৰ্পূৰ৷ কৰ্পূৰৰ টুকুৰা এটা সৰু পাত্ৰত ৰাখি পাত্ৰটো পানীৰে পূৰ্ণ কৰি দিয়ক৷ এই পাত্ৰটো ঘৰৰ এচুকত ৰাখি দিয়ক৷ কিছু সময়ৰ ভিতৰত আপোনাৰ ঘৰৰ ভিতৰৰ পৰা আঁতৰি যাব মহবোৰ৷ দুদিন পাছত পাত্ৰটোৰ পানী সলাই দিয়ক৷ পাত্ৰত থকা আগৰ পানীখিনিও পেলাই নিদিব৷ সেইখিনি পানী ঘৰ মচাত ব্যৱহাৰ কৰক৷ কপূৰ্ৰ মিহলি পানীৰে ঘৰ মচিলে পৰুৱাৰ উপদ্ৰপৰ পৰাও পৰিত্ৰাণ পাব৷

এটা নেমুটেঙা দুটুকুৰা কৰি লওক৷ কটা নেমুৰ ভিতৰৰ অংশত কেইটামান লং গাঁঠি দিয়ক৷ লঙৰ মূৰটো বাহিৰৰ ফালে ৰাখি কটা নেমুত ভৰাই ৰাখক৷ কিছু সময় পাছত নেমুৰ টুকুৰাকেইটা এখন প্লেটত ৰাখি ঘৰৰ চুকত থৈ দিয়ক৷ কিছু সময়ৰ পাছতে দেখিব আপোনাৰ ঘৰৰ পৰা পলাই পত্ৰং দিছে আপোনাক-মোক বিৰক্ত কৰা মহবোৰ৷ প্ৰয়োজন হ’লে আপুনি নেমুত লং ভৰাই ঘৰৰ গ্ৰীল বা খিড়িকীত ওলোমাই দিবও পাৰে৷ এনে কৰিলে মহৰ ঘৰত প্ৰৱেশ কৰা পথেই বন্ধ হৈ যাব৷

এনেধৰণৰ মহ খেদাৰ ব্যৱস্থাৰ ফলত শিশু বা হূদৰোগীৰ স্বাস্থ্যৰ ক্ষতি হোৱাৰ অৱকাশো নাথাকিব৷ এইবোৰ সামগ্ৰী যিহেতু প্ৰায় প্ৰতিটো পৰিয়ালত থাকে গতিকে কয়ল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আপোনাৰ ঘৰত থকা কপূৰ্ৰ, নেমু-লং ব্যৱহাৰ কৰিয়ে সহজে মহৰ উপদ্ৰপৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব৷