Logo
image

মাইক্ৰ’ছফ্‌টৰ অধ্যক্ষ হ’ল নাডেলা

আমাৰ অসম, ১৮ জুনঃ ভাৰতীয় মূলৰ সত্য নাডেলাই কৰ্ম জীৱনত সফলতাৰ শিখৰত আৰোহণ কৰিছে৷ বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি কোম্পানী মাইক্ৰ’ছফ্‌টৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত সত্য নাডেলাক এইবাৰ কোম্পানীটোৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হয়৷ মাইক্ৰ’ছফ্‌টৰ বিদায়ী অধ্যক্ষ জন থম্পছনৰ স্থানত সত্য নাডেলাক এই পদত নিযুক্তি দিয়া হয়৷ এয়া সত্য নাডেলাৰ বাবে আটইতকৈ ডাঙৰ সফলতা৷ ২০১৪ চনত সত্য নাডেলা মাইক্ৰ’ছফ্‌টৰ মুখ্য কাৰ্যবাহী বিষয়া হৈছিল৷ সত্য নাডেলাই মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব লোৱাৰ পিছতে মাইক্ৰ’ছফ্‌টে যথেষ্ট সফলতা লাভ কৰে আৰু লিংকডইন, নুয়েন্স কনিউনিকেশ্ব আৰু জেনিমেক্স আদি কোম্পানীৰ কেইবা বিলিয়ন ডলাৰৰ শ্বেয়াৰ দখল কৰিবলৈ সক্ষম হয়৷ বিল গেট্‌ছৰ পিছত ২০১৪ চনত জন থম্পছনে মাইক্ৰ’ছফ্‌টৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল৷ এতিয়া সেই পদত ভাৰতীয় মূলৰ সত্য নাডেলা অধিষ্ঠিত হোৱাটো তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ সফলতা৷ বিল গেট্‌ছৰ দৰে বিশ্বৰ অন্যতম আগশাৰীৰ লোকৰ আসনত সত্য নাডেলা বহিবলৈ সক্ষম হ’ল৷ এতিয়া জন থম্পচন মাইক্ৰ’ছফ্‌টৰ মুখ্য স্বতন্ত্ৰ সঞ্চালক হিচাপে থাকিব৷ মাইক্ৰ’ছফ্‌টৰ প্ৰতিষ্ঠাপক বিল গেট্‌ছ বৰ্তমান কোম্পানীটোৰ ব’ৰ্ডত নাই৷ অধ্যক্ষ হিচাপে সত্য নাডেলাই মাইক্ৰ’ছফ্‌টক আৰু আগুৱাই নিব বুলি আশা কৰা হৈছে৷ ১৯৬৭ চনত সত্য নাডেলাৰ জন্ম হৈছিল হায়দৰাবাদত৷ কিন্তু পিছলৈ তেওঁ আমেৰিকাত পঢ়িবলৈ যায়গৈ আৰু এতিয়া বিশ্বৰ অন্যতম সফল ব্যক্তি হিচাপে পৰিগণিত হৈছে৷