ইণ্ডোনেছিয়াত অভিনৱ অফাৰ! কৰ’নাৰ ভেক্চিন ল’লেই মুৰ্গী উপহাৰ
আমাৰ অসম, ১৯ জুনঃ বিশ্বজুৰি কৰ’নাৰ বিৰুদ্ধে যুদ্ধ অব্যাহত আছে৷ কিন্তু কৰ’নাই যিমানেই আতংকৰ সৃষ্টি নকৰক কিয়, অতিমাৰী ভাইৰাছ বিধক লৈ একাংশ লোক এতিয়াও সচেতন নহয়৷ ফলত এনে লোকসকলে মাস্ক পৰিধান বা সামাজিক দূৰত্ব কোনো কৰ’না বিধিয়েই মানি চলা পৰিলক্ষিত হোৱা নাই৷ এনে লোকসকলে আনকি কৰ’নাৰ প্ৰতিষেধক লোৱাৰ পৰাও বিৰত আছে৷ কিন্তু ইয়াৰ বিপৰীতে সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশৰ চৰকাৰে সকলোকে ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছে৷ ইণ্ডোনেছিয়াতো বহুলোকে কৰ’নাৰ ভেকচিন গ্ৰহণৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছে৷ ফলত দেশখনৰ আৰক্ষী প্ৰশাসনে এক অভিনৱ আঁচনি ঘোষণা কৰিছে৷ সেই অনুসৰি কৰ’নাৰ প্ৰতিষেধক গ্ৰহণ কৰা প্ৰতিজন লোককে প্ৰশাসনৰ তৰফৰ পৰা একোটাকৈ মুৰ্গী উপহাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে মুৰ্গীৰ লোভত হ’লেও লোকসকলে ভেকচিন ল’বলৈ আহে৷