Logo
image

আনৰ সোণৰ সংসাৰত জুই দি নিজে বিবাহত বহিল অভিনেত্ৰী য়ামী গৌতম

বিনোদন জগতখনত সম্প্ৰতি আটাইতকৈ চৰ্চিত নামটোৱেই হ’ল অভিনেত্ৰী য়ামী গৌতম৷ সুখৰ সন্ধানত নিজৰ সংসাৰ ভাঙি পুনৰ সংসাৰ গঢ়িবলৈ আনৰ সোণৰ সংসাৰত জুই জ্বলাই নিজে সংসাৰ তৰাৰ মানসিকতাৰ নাৰীগৰাকীৰ নামেই য়ামী গৌতম৷ যি বৰ্তমান বি-টাউনত অত্যাধিক চৰ্চিত৷ আনৰ সপোন ভাঙি নিজে সপোন দেখা য়ামী গৌতমে কৰ’না মহামাৰীৰ মাজতে পৰিচালক আদিত্য ধৰৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ল৷ যিখন বিয়া সৰ্বত্ৰ চৰ্চিত হৈছে৷ উল্লেখ্য আদিত্যৰ সৈতেই প্ৰথম প্ৰেমৰ বৰষুণত তিতা নাছিল য়ামী৷ ‘চনম ৰে’ ছবিত অভিনয়ৰ সময়তে আৰম্ভ হৈছিল অভিনেতা পুলকিত সম্ৰাটৰ সৈতে প্ৰেমপৰ্ব৷ আনহাতে, চৰ্চিত বিষয় যে এই অভিনেত্ৰীৰ বাবেই সংসাৰ ভাঙিছিল সুখী দম্পত্তি পুলকিত সম্ৰাট আৰু শ্বেতাৰ৷ এইকাৰণেই অভিনেত্ৰীগৰাকী চৰ্চিত হৈছে যে ‘উৰি দ্য চাৰ্জিকেল ষ্টাইক’ ছবিৰ পৰিচালক আদিত্যই য়ামীৰ জীৱনৰ প্ৰথম প্ৰেম নহয়৷ গছে পাত সলোৱাদি য়ামীয়ে পুৰুষ সলাইছে বুলি ক’লে অত্যুক্তি কৰা নহ’ব৷ য়ামীৰ সৈতে সম্পৰ্ক আছিল অভিনেতা পুলকিতৰ৷ ২০১৬ চনত মুক্তিপ্ৰাপ্ত ‘চনম ৰে’ ছবিত একেলগে অভিনয় কৰিছিল য়ামী আৰু পুলকিতে৷ সেই ছবিত অভিনয়ৰ পাছৰ পৰাই য়ামী আৰু পুলকিতৰ মাজত প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল৷ ছবিখনত অভিনয়ৰ সময়তে দুয়োৰে অন্তৰংগতা বৃদ্ধি পায় আৰু এই ঘনিষ্ঠতাক সহজভাৱে ল’ব পৰা নাছিল পুলকিতৰ পত্নী শ্বেতাই৷ কাজেই পুলকিত-শ্বেতাৰ সংসাৰত ফাট মেলে৷ উল্লেখ্য সেই সময়ত শ্বেতা আৰু পুলকিতৰ সংসাৰ গঢ়া মাত্ৰ এবছৰহে হৈছিল৷ সন্তান সম্ভৱা শ্বেতা আছিল নিজ মাতৃৰ গৃহত৷ এনেকৈয়ে য়ামীৰ বাবে ভাগি যায় এখন সুখৰ সংসাৰ৷ শ্বেতাই গৰ্ভপাত কৰাই ব্যস্ত হৈ পৰে নিজৰ সাংবাদিকতাৰ জগতখনত৷ ইফালে আনৰ সোণৰ সংসাৰ জুই দি য়ামী পুলকিতৰ সৈতে সুখী হ’ব পাৰিলো জানো তাই? নোৱাৰিলে৷ পুলকিতৰ সৈতে সম্পৰ্ক দীৰ্ঘস্থায়ী নহ’ল ‘ফেয়াৰ লাভলী গাৰ্লৰ’৷ য়ামীৰ সৈতে সম্পৰ্ক ছেদ কৰি পুলকিত সোমালগৈ ‘বীৰ দ্য ৱেডিং’ ছবিৰ নায়িকা কৃতী কাড়বান্দাৰ বুকুৰ চুবুৰীত৷ আনহাতে, য়ামী! প্ৰেম, মডেলিং আৰু অভিনয় কেৰিয়াৰ আগুৱাই নিয়াত  তেওঁ পাকৈত৷ যিদৰে অভিনেত্ৰীগৰাকীয়ে আনৰ সপোনৰ ঘৰ ভাঙি নিজে ঘৰ গঢ়িছে সেইদৰে বলীউডৰ প্ৰথম শাৰীৰ নায়িকা হোৱাৰ দৌৰতো পিছপৰি থকা নাই৷ ‘চনম ৰে’, ভিকি ডোনাৰ, একচন জেকচন, কাবিল, বদলাপুৰ, চৰকাৰ-থ্ৰী, বালা, ভূত পুলিচ ছবিৰ অভিনেত্ৰীগৰাকীৰ জনপ্ৰিয়তা ঈৰ্ষণীয়৷ বলীউডৰ প্ৰথম শ্ৰেণীৰ নায়িকালৈ উত্তৰণত ব্যস্ত য়ামী গৌতম৷