Logo
image

ডেল্টা প্ৰজাতিৰ সংক্ৰমণত পুনৰ স্তব্ধ বিশ্ব

আমাৰ অসম, ২৭ জুনঃ ক’ভিডৰ নতুন ভাইৰাছৰ প্ৰজাতি ডেল্টা প্লাছক লৈ উদ্বিগ্নতাৰ সৃষ্টি হোৱাৰ সময়তে দেশৰ মুঠতে দহখন ৰাজ্যত ডেল্টা প্লাছৰ উপস্থিতি ধৰা পৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত দ্বিতীয় ঢৌৰ সৃষ্টি কৰা ডেল্টা প্ৰজাতিৰ ভাইৰাছ মুঠতে ১৭৪ খন জিলাত সংক্ৰমিত হৈ আছে৷ সেই প্ৰজাতিৰ পৰাই উৎপৰিৱৰ্তনৰ জৰিয়তে নতুন ৰূপ লোৱা ততোধিক ভয়ংকৰ ডেল্টা প্লাছ প্ৰজাতিৰ ভাইৰাছ পোৱা গৈছে দহখন ৰাজ্যত৷ মুঠতে ৫২ খন জিলাত সম্প্ৰতি ডেল্টা প্লাছ প্ৰজাতি সংক্ৰমিত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে৷ আইচিএমআৰৰ মুৰব্বী ডাঃ বলৰাম ভাৰ্গবে সতৰ্ক কৰি দিছে যে, সঠিকভাৱে ক’ভিড বিধি পালন নকৰিলে অচিৰেই দেশৰ শতাধিক জিলাত ডেল্টা প্লাছ ভাইৰাছ বিয়পি পৰিব৷ তেওঁ কয় যে, দ্বিতীয় তৰংগৰ অৱসান নৌঘটোতেই দেশত ভাইৰাছৰ নতুন প্ৰজাতিৰ সন্ধান পোৱাটো অতিশয় উদ্বেগজনক বিষয়৷ নতুন প্ৰজাতিৰ বিষয়ে যথেষ্ট গৱেষণা নোহোৱাৰ বাবে দেশবাসীয়ে অধিক সাৱধানতা ল’ব লাগে বুলি তেওঁ মন্তব্য কৰে৷ কিয়নো ডেল্টা প্লাছ প্ৰজাতি পূৰ্বতকৈ অধিক সংক্ৰামক আৰু অধিক মাৰাত্মক হোৱাৰ আশংকা আছে৷ ইপিনে, এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই ডেল্টা প্লাছ ভাইৰাছ অধিক সংক্ৰামক বুলি মুকলিকৈ স্বীকাৰ কৰিছে৷ ৰণদীপ গুলেৰিয়াৰ মতে, ডেল্টা প্লাছৰ দ্বাৰা আক্ৰান্ত কোনো ব্যক্তিৰ কাষেৰে মাস্ক পৰিধান নকৰাকৈ পাৰ হৈ গ’লেই সেই ব্যক্তিজন ডেল্টা প্লাছৰ দ্বাৰা সংক্ৰমিত হোৱা দেখা গৈছে৷ সেয়েহে এই প্ৰজাতি পূৰ্বতকৈ অধিক ভয়ংকৰ বুলি ধাৰণা কৰা হৈছে৷

ব্ৰিটেইনত ভয়ংকৰ পৰিস্থিতি, পুনৰ স্তব্ধ হ’ব বিশ্ব

ক’ভিডৰ দ্বিতীয় ঢৌৰ প্ৰথম সাক্ষী হৈছিল ব্ৰিটেইন৷ ক’ভিডৰ প্ৰথম ঢৌ ইউৰোপৰ অধিকাংশ দেশত শেষ হোৱাৰ ঠিক পাছতে ক’ভিডৰ দ্বিতীয় ঢৌৱে বিধবস্ত কৰিছিল সমগ্ৰ ব্ৰিটেইনক৷ বিশ্ববাসীৰ বাবে সেয়া আছিল অতিশয় আতংকৰ ঘটনা৷ কিয়নো ক’ভিডে ইউৰোপ, আমেৰিকা, এছিয়া আৰু আফ্ৰিকাক ছাৰখাৰ কৰাৰ পাছত যেতিয়া ক্ৰমান্বয়ে সংক্ৰমণ কমি আহিছিল তেতিয়া বিশ্ববাসীয়ে আশা কৰিছিল এনেকৈয়ে ক’ভিডৰ পৰিসমাপ্তি ঘটিব৷ তেনে এক ধাৰণাৰে ক’ভিডক বিদায় দিবলৈ ওলাওতেই আচম্বিতে ব্ৰিটেইনত আবিৰ্ভাৱ ঘটিল দ্বিতীয় ঢৌৰ৷ উদ্বেগজনকভাৱে দ্বিতীয় ঢৌৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছিল দেশখন৷ দ্বিতীয় ঢৌৱে ইউৰোপৰ অন্যান্য দেশকো কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছিল৷ প্ৰতিষেধকৰ উদ্ভাৱন আৰু প্ৰয়োগৰ ফলত ইউৰোপ আৰু আমেৰিকাৰ সকলো দেশৰ দৰে ব্ৰিটেইনেও ক’ভিডৰ দ্বিতীয়টো ঢৌক অৱশেষত চম্ভালি লোৱা দেখা গৈছিল৷ মূলতঃ প্ৰতিষেধকৰ বহুল প্ৰয়োগে দেশবাসীক ৰক্ষা কৰিছিল৷ পিছে দ্বিতীয় ঢৌৰ সমাপ্তি আৰু প্ৰতিষেধকৰ বহুল প্ৰয়োগৰ মাজতে এতিয়া ব্ৰিটেইনক তৃতীয়টো ক’ভিডৰ ঢৌৱে আঘাত কৰাৰ আশংকা সৃষ্টি হৈছে৷ ব্ৰিটেইনত তৃতীয়টো ঢৌৰ আশংকা সৃষ্টি কৰিছে ডেল্টা নামৰ ভাৰতত দ্বিতীয় ঢৌত সৃষ্টি কৰা ক’ভিডৰ ভাইৰাছৰ শেহতীয়া প্ৰজাতিটোৱে৷ দ্বিতীয় ঢৌত ব্ৰিটেইনক ইউকে প্ৰজাতি নামৰ যিটো ভাইৰাছে বিধবস্ত কৰিছিল সেই ভাইৰাছটোৰ ডাবল মিউটেচন অৰ্থাৎ দুগুণ উৎপৰিৱৰ্তন হৈ ভাৰতক ততোধিক বিধবস্ত কৰিছিল৷ ভাৰতত অধিক সংক্ৰমিত হোৱা সেই নতুন প্ৰজাতিক ‘হু’ৱে ডেল্টা ভাইৰাছ বুলি নামকৰণ কৰিছিল৷ এতিয়া ডেল্টা ভাইৰাছৰ পাছত ভাৰতত ডেল্টা প্লাছৰ সংক্ৰমণ আৰম্ভ হৈছে৷ ব্ৰিটেইনতো সমান্তৰালভাৱে ডেল্টাৰ সংক্ৰমণ চলি আছে আৰু কেইখনমান ঠাইত ডেল্টা প্লাছ ভাইৰাছৰ সন্ধান পোৱা গৈছে৷ যদিহে ডেল্টা প্লাছ ভাইৰাছে ভয়ংকৰ মূৰ্তি ধৰে তেন্তে ব্ৰিটেইনেই তৃতীয় ঢৌৰ সৃষ্টি কৰা প্ৰথমখন দেশ হ’ব৷ ব্ৰিটেইনৰ দাবী ডেল্টা আৰু ডেল্টা প্লাছ দুয়োটা প্ৰজাতিয়েই ভাৰতৰ পৰা সেই দেশলৈ সংক্ৰমিত হৈছে৷

শেহতীয়াকৈ ডেল্টা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সামগ্ৰিক হাৰ ব্ৰিটেইনত ৪৬ শতাংশ৷ মাথোঁ এসপ্তাহতে দেশখনত ডেল্টাৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা হৈছে ৩৫,২০৪ জন৷ সমগ্ৰ দেশত মুঠতে এই মুহূৰ্তত ডেল্টা প্ৰজাতিৰ দ্বাৰা আক্ৰান্ত ৰোগী আছে ১১১,১৫৭ জন৷ চলিত সপ্তাহত ব্ৰিটেইনত ডেল্টাৰ দ্বাৰা সংক্ৰমিতৰ হাৰ ৯৫ শতাংশলৈ বৃদ্ধি পাইছে৷ ডেল্টাৰ সংক্ৰমণৰ ফলত মুঠতে ১১৭ জন ব্ৰিটিছৰ মৃত্যু হৈছে, য’ৰ আঠ জনৰ বয়স ৫০ বছৰতকৈ কম আৰু মৃত্যু হোৱা ছজনে দুপালিকৈ প্ৰতিষেধক গ্ৰহণ কৰিছিল৷ এনে পৰিস্থিতিত দেশখনত উদ্বেগৰ সৃষ্টি হৈছে৷ চুবুৰীয়া ৰাষ্ট্ৰসমূহে ব্ৰিটেইনৰ পৰা পৰ্যটকক তেওঁলোকৰ দেশলৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে৷ ব্ৰিটেইনত কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীয়ে নিজেই এতিয়াৰ পৰা আৰু মাস্ক পৰিধান নকৰিলেও হ’ব বুলি ৰাজহুৱা ঘোষণা কৰিছিল৷ তাৰ পাছতে ডেল্টা প্ৰজাতিয়ে নতুনকৈ সংহাৰ আৰম্ভ কৰাত দেশখনত স্বাভাৱিকতে আতংক বাঢ়িছে৷ ডেল্টাৰ আক্ৰমণৰ মাজতে ডেল্টা প্লাছ প্ৰজাতিও ব্ৰিটেইনত উপস্থিত হোৱাত বিশ্বৰ তৃতীয়টো ক’ভিডৰ ঢৌ সেই দেশৰ পৰাই আৰম্ভ হ’ব বুলি ধাৰণা কৰা হৈছে৷

সম্প্ৰতি বিশ্বৰ ১১ খন দেশত ভাৰতত দেখা দিয়া ডেল্টা প্লাছ ভাইৰাছৰ প্ৰজাতিৰ সন্ধান পোৱা গৈছে৷ ব্ৰিটেইনৰ উপৰি কানাডা, ভাৰত, জাপান, নেপাল, পোলেণ্ড, পৰ্টুগাল, ৰাছিয়া, ছুইজাৰলেণ্ড, তুৰস্ক আৰু আমেৰিকাত সন্ধান পোৱা গৈছে ডেল্টা প্লাছ প্ৰজাতিৰ৷