মাতৃ হ’বলৈ অচিনাকি ব্যক্তিৰ সহায় ল’লে মহিলাই
আমাৰ অসম, ২৯ জুনঃ ব্ৰিটেইনৰ এগৰাকী মহিলাই মাতৃ হোৱাৰ ইচ্ছা পূৰণ কৰে কোনো অচিনাকি লোকৰ বীৰ্যৰে৷ তেওঁৰ মাতৃ হোৱাৰ ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হোৱা নাছিল স্বামী৷ কাৰণ স্বামী আছিল নপুংসক৷ কিন্তু কৃত্ৰিম উপায়েৰে গৰ্ভধাৰণ কৰিলে যথেষ্ট ধন ব্যয় কৰিবলগীয়া হয়৷ তদুপৰি মহিলাগৰাকীয়ে কৃত্ৰিম পন্থা অৱলম্বনৰ সলনি প্ৰাকৃতিক উপায়েৰে মাতৃ হোৱাৰ সপোন দেখিছিল৷ গতিকে তেওঁ চিকিৎসালয়লৈ নগৈ বা চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈয়ে অচিনাকি যুৱকক ঘৰলৈ মাতি আনে শয্যাসংগৰ বাবে৷ ব্ৰিটেইনৰ বহু পুৰুষে বিভিন্ন ‘স্পাৰ্ম ডনেশ্বন’ ৱেবছাইটত নিজৰ নাম পঞ্জীয়ন কৰি বীৰ্য বিক্ৰী কৰে৷ তেনে এটা ৱেবছাইটৰ পৰাই এজন যুৱকৰ সৈতে যোগাযোগ কৰি মহিলাগৰাকীয়ে মাতৃ হোৱাৰ সিদ্ধান্ত লয়৷ মহিলাগৰাকীয়ে যোগাযোগ কৰাৰ পিছতে অচিনাকি যুৱকজন তেওঁৰ ঘৰলৈ আহে আৰু শাৰীৰিক সম্পৰ্কত দুয়ো মিলিত হয়৷ এনেদৰে কেইবাদিনো শাৰীৰিক সম্পৰ্ক হোৱাৰ পিছত মহিলাগৰাকী গৰ্ভৱতী হয়৷ শেহতীয়াকৈ তেওঁ এটি সন্তানো জন্ম দিয়ে৷ সেই অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি মহিলাগৰাকীয়ে সংবাদ মাধ্যমক জনায় যে অচিনাকি যুৱকজনৰ সৈতে হোৱা শাৰীৰিক সম্পৰ্ক কোনোধৰণৰ ৰোমাণ্টিক সম্পৰ্ক নাছিল৷ কেৱল তেওঁৰ বীৰ্যৰে মাতৃ হোৱাই আছিল উদ্দেশ্য৷ উল্লেখ্য, এই অচিনাকি যুৱকজন ইতিমধ্যে ডেৰশৰো অধিক এনে সন্তানৰ পিতৃ হৈছে৷