কৰ’নাত মৃতৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ছুপ্ৰিম ক’ৰ্টৰ
আমাৰ অসম, ১ জুলাইঃ ক’ভিডত মৃত্যু হোৱা ভাৰতীয় নাগৰিকৰ নিকটাত্মীয়ক কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিবই লাগিব৷ ৰাষ্ট্ৰীয় বিপৰ্যয় আইনৰ ১২ নম্বৰ ধাৰা উল্লেখ কৰি দেশৰ উচ্ছতম ন্যায়ালয়ে নৰেন্দ্ৰ মোদী চৰকাৰক এই নিৰ্দেশ জাৰি কৰিছে৷ দুৰ্ভগীয়া পৰিয়ালক ক্ষতিপূৰণ কিমানকৈ দিব সেই সন্দৰ্ভত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণক [এন ডি এম এ] সিদ্ধান্ত ল’বলৈ দায়িত্ব অৰ্পন কৰি পৰৱৰ্তী ৬ সপ্তাহৰ ভিতৰত এই সম্পৰ্কীয় নিৰ্দেশাৱলী চৰকাৰক চূড়ান্ত কৰিবলৈ সৰ্বোচ্ছ আদালতে নিৰ্দেশ দিছে৷ মাথোঁ কেইদিনমান পূৰ্বে কেন্দ্ৰীয় চৰকাৰে উচ্ছতম ন্যায়ালয়ক জনাইছিল যে ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক ক্ষতিপূৰণ দিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ হাতত টকা নাই৷ উল্লেখ্য, দুৰ্ভগীয়া এনে পৰিয়ালক ৪ লাখ টকাকৈ দুৰ্যোগ প্ৰশমন আইন অনুসৰি কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব লাগে বুলি উচ্ছতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল৷ সেই আবেদনৰ শুনানিত মোদী চৰকাৰে ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত অপাৰগতা প্ৰদৰ্শন কৰি জনাইছিল যে, মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিলে চৰকাৰে ক’ভিড ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰি থকা পদক্ষেপ ধনৰ অভাবতে বন্ধ কৰিব লাগিব৷ উচ্ছতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক তেনে বক্তব্যৰ বাবে তিৰষ্কাৰ কৰে৷ উল্লেখ্য, আজিৰ শুনানিত কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণ নিদিয়াৰ ফন্দিৰে জনাইছিল যে দুৰ্যোগ প্ৰশমন আইনৰ ১২ নম্বৰ ধাৰাত উল্লেখ থাকিলেও সেয়া বাধ্যতামূলক নহয়৷ কিন্তু উচ্ছতম ন্যায়ালয়ে সেই যুক্তি খাৰিজ কৰি কয় যে আইনত ইংৰাজী শব্দ ‘ছেল’, ‘হেন্স’ ব্যৱহাৰ কৰা হৈছে, যি বাধ্যতামূলক বুলিয়েই বুজায়৷ সেয়ে কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণ নিদিয়াকৈ সাৰিব নোৱাৰে, লাগিলে তাৰ পৰিমাণ ন্যূনতমেই হওঁক৷