Logo
image

ক’ভিশ্বিল্ডক মান্যতা দিলে ইউৰোপে

আমাৰ অসম, ২ জুলাইঃ ক’ভিশ্বিল্ড ভেক্‌চিনৰ দুটা ড’জ লোৱাসকলে ইউৰোপ ভ্ৰমণ কৰিব পাৰিব৷ ইউৰোপৰ জ্জখন দেশে এই ক্ষেত্ৰত সন্মতি জনাইছে৷ সেই অনুসৰি ইউৰোপিয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ জাৰ্মানী আৰু স্পেইনৰ লগতে নন ইউৰোপিয়ান সদস্য ৰাষ্ট্ৰ ছুইজাৰলেণ্ডেও ক’ভিশ্বিল্ড ভেক্‌চিন লোৱা যিকোনো ব্যক্তিক তেওঁলোকৰ দেশত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিব৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ক’ভিশ্বিল্ড ভেক্‌চিন গ্ৰহণ কৰাসকলক ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাছিল বা দেশসমূহত মুক্ত বিচৰণৰ বাবে অনুমতি জনোৱা নাছিল৷ এইক্ষেত্ৰত ইউৰোপিয়ান ইউনিয়নে নিৰ্দিষ্ট চাৰিটা ভেক্‌চিনকহে অনুমোদন জনাইছিল৷ পিছে ইউনিয়নৰ অনুমোদিত এই চাৰিটা ভেক্‌চিনৰ ভিতৰত নাছিল ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন৷ এনেক্ষেত্ৰত ক’ভিশ্বিল্ড ভেক্‌চিনক লৈ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয় আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত মতবিৰোধৰ সৃষ্টি হয়৷ ফলত ভাৰতৰ পৰা বুধবাৰে স্পষ্ট কৰি দিয়া হয় যে ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনক মান্যতা নিদিলে ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহৰ পৰা ভাৰতলৈ অহা নাগৰিকসকলে কোৱাৰেণ্টিনত থকাটো বাধ্যতামূলক হ’ব৷ ভাৰতে গ্ৰহণ কৰা এই স্থিতিৰ এদিন পাছতে ইউৰোপিয়ান ইউনিয়নে ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন ভেক্‌চিনক মান্যতা প্ৰদান কৰিবলৈ বাধ্য হয়৷ ফলত এতিয়াৰে পৰা ইউৰোপিয়ান ইউনিয়নৰ অন্তৰ্ভুক্ত সাতখন দেশ অষ্ট্ৰিয়া, জাৰ্মানী, শ্লোভেনিয়া, গ্ৰীছ, আইছলেণ্ড, আয়াৰলেণ্ড আৰু স্পেইনৰ লগতে আনকি ছুইজাৰলেণ্ডেও ক’ভিশ্বিল্ড ভেক্‌চিনৰ দুটা ড’জ গ্ৰহণ কৰা লোকক তেওঁলোকৰ দেশত মুক্ত বিচৰণ কৰাৰ বাবে অনুমতি প্ৰদান কৰিবলৈ সন্মত হয়৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ইউনিয়নে অনুমোদন জনোৱা কৰ’না প্ৰতিষেধকসমূহৰ ভিতৰত আছিল মডাৰ্ণা, ফাইজাৰ-বায়’এনটেক, জনছন এণ্ড জনছন আৰু ভেক্সজেভ্ৰিয়া ভেক্‌চিন৷