Logo
image

বিশ্বৰ প্ৰথমখন উৰণীয়া গাড়ীৰ সফল উৰণ

আমাৰ অসম, ২ জুলাইঃ যান-জঁটে সকলোকে অশান্তি দিয়াৰ সময়তে এখন উৰণীয়া গাড়ীৰ প্ৰয়োজন সকলোৱে অনুভৱ কৰে৷ উৰণীয়া গাড়ী থাকিলে কোনোধৰণৰ অসুবিধা নোহোৱাকৈয়ে সময়তে গন্তব্যস্থলীত উপস্থিত হ’ব পৰা যায়৷ স্লোভাকিয়াৰ ‘ক্লেনভিজন’ নামৰ কোম্পানীটোৱে সাজি উলিয়ায় বিশ্বৰ প্ৰথমখন উৰণীয়া গাড়ী৷ এই গাড়ীখনৰ উৰণৰ ছবি প্ৰকাশ হৈছে৷ এই কোম্পানীটোৱে বিগত ৩০ বছৰে এনে গাড়ী প্ৰস্তুত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল৷ যোৱা বছৰ এই গাড়ীখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ইয়াৰ পৰীক্ষামূলক উৰণো সম্পূৰ্ণ হৈছে৷ এয়া কোম্পানীটোৰ বাবে ডাঙৰ সফলতা৷ এই গাড়ীখন স্থলভাগত চলোৱাৰ লগতে প্ৰয়োজন হ’লে ওপৰতো চলাব পাৰিব৷ প্ৰফেছৰ ষ্টিফেন ক্লেনৰ দ্বাৰা এই গাড়ীখনৰ ডিজাইন কৰা হয় আৰু পঞ্চম জেনেৰেশ্বনৰ এই গাড়ীখন স্লোভাকিয়াৰ পিয়েষ্টনী বিমান বন্দৰত সফলতাৰে পৰীক্ষামূলক উৰণ হয়৷ এই গাড়ীখনত আছে দুখন আসন আৰু ইয়াৰ ওজন হৈছে ১,১০০ কিলোগ্ৰাম৷ এইখনে দুশ কিলোগ্ৰামৰ ওজন কঢিয়াব পাৰে৷ আকাশৰ ২০০ মিটাৰ উচ্ছতাত এই গাড়ীখনে ঘণ্টাত ২০০ কিলোমিটাৰ বেগত যাব পাৰে৷