Logo
image

সু-স্বাস্থ্যৰ বাবে এইবোৰ খাব পাৰে

আমাৰ অসম বিশেষঃ শৰীৰ মুমু হৈ থাকিলেহে দিনটো ভালদৰে পাৰ হয়৷ সেয়ে শৰীৰ সতেজ আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা উচিত৷ খাদ্য স্বাস্থ্যসন্মত হ’লে ইয়াৰ পুষ্টিকৰ উপাদানসমূহ দেহত প্ৰৱেশ কৰে আৰু সুস্বাস্থ্যৰ অধিকাৰী হ’ব পৰা যায়৷ আজিৰ শিতানত সুস্বাস্থ্যৰ বাবে খাবলগীয়া তিনিবিধ বিশেষ খাদ্যৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] মৌঃ মৌৰ অজস্ৰ উপকাৰী গুণ আছে৷ ইয়াত প্ৰচুৰ পৰিমাণে থাকে কেল’ৰি, বিভিন্ন ভিটামিন, জিংক আৰু এণ্টি-বেক্টেৰিয়েল তথা এণ্টি-মাইক্ৰ’বিয়াল উপাদান৷ সেয়ে পুৱা উঠি খালী পেটত এচামুচ মৌ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে, অতিৰিক্ত ওজন কমে, হজম প্ৰক্ৰিয়া ভালে থাকে, অৰুচিবোধ আঁতৰে, এচিডিটিৰ সমস্যা কমে আৰু আনকি ছালৰ উজ্জ্বলতা বাঢ়ে৷ সেয়ে নিতৌ পুৱা শুদা পেটত মৌ খোৱাৰ অভ্যাস কৰিব পাৰে৷

[২] নহৰুঃ আয়ুৰ্বেদিক শাস্ত্ৰমতে নহৰুৱে বহু ৰোগ আঁতৰ কৰাত সহায় কৰে৷ নহৰুত প্ৰচুৰ পৰিমাণে এণ্টি-বেক্টেৰিয়েল উপাদান থাকে৷ তদুপৰি নহৰুত এণ্টি-অক্সিডেণ্ট থকা বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ হৃদযন্ত্ৰৰ কাৰণে নহৰু অত্যন্ত উপকাৰী৷ ইয়াত আইৰণ, পটাছিয়াম আৰু কেলছিয়াম থাকে৷ এই তিনিবিধ উপাদানে হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে৷ তদুপৰি হাওঁফাঁওঁত হ’ব পৰা সংক্ৰমণৰ আশংকা নহৰুৱে হ্ৰাস কৰে৷ সেয়ে পুৱাই নহৰু খোৱাৰ অভ্যাস কৰক৷

[৩] আমলখিঃ আমলখিৰ আছে অজস্ৰ উপকাৰী গুণ৷ আমলখিৰ ৰসে দৃষ্টিশক্তি বঢ়ায়৷ ইয়াৰ ৰস পান কৰিলে জ্বৰ কমে৷ তদুপৰি শ্বাস-প্ৰশ্বাস স্বাভাৱিক কৰি ৰাখিবলৈ আমলখি অত্যন্ত উপকাৰী৷ শীতকালত আমলখি নিতৌ খোৱাৰ অভ্যাসে শৰীৰ সুস্থ ৰখাৰ লগতে বিভিন্ন ৰোগৰ আশংকা কমায়৷ যকৃত অৰ্থাৎ লিভাৰ ভালে ৰখাত আমলখিৰ সমান উপকাৰ কোনো ফলেই কৰিব নোৱাৰে৷ অৱশ্যে আমলখি প্ৰয়োজনতকৈ অধিক খালে ইয়াৰ পাশ্বৰ্ক্ৰিয়া হোৱাৰ আশংকা থাকে৷ সেয়ে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰিহে আমলখি খোৱা উচিত৷