Logo
image

আঙুলিৰ পৰীক্ষাৰ দ্বাৰা জানক আপোনাৰ হৃদপিণ্ড কিমান সুস্থ?

আমাৰ অসম বিশেষঃ আপোনাৰ হৃদপিণ্ড সুস্থ অৱস্থাত আছেনে? আপোনাৰ হাতৰ আঙুলিৰ এটি সাধাৰণ পৰীক্ষাৰ দ্বাৰা সহজে জানিব পাৰিব আপোনাৰ হৃদপিণ্ড কিমান সুস্থ হৈ আছে? এটা সাধাৰণ ‘থাম্ব পাম টেষ্ট’ৰ যোগেদিয়ে হৃদপিণ্ডৰ বৃহৎ ধমনী মাৰাত্মক কোনো ৰোগ বিয়পিছে নেকি তাক জানিব পাৰে৷ এই শাৰীৰিক পৰীক্ষাত এৰ’টিক এনিওৰিজমৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ ইয়েল’ নিউ হেভন হাস্পতালৰ অৰ্টিক ইনষ্টিটিউটৰ সৈতে জড়িত এটা বিশেষজ্ঞৰ দৰে যোৱা সপ্তাহত আমেৰিকান জাৰ্ণাল কাৰ্ডিঅ’লজিত এই গৱেষণা তথ্য প্ৰকাশ কৰিছে৷ হৃদপিণ্ডৰ অস্ত্ৰোপচাৰৰ কাৰণে ৩০৫জন ৰোগীৰ ছবি  তুলি ধৰিছে সমীক্ষাটোত৷ আৰোহী এনিওৰিজম, ভাল্ভ মেৰামতি আৰু কৰনাৰী আৰ্টাৰী বাইপাছ গ্ৰাফিটিংসহ এই ৰোগীসকলৰ বিভিন্ন ব্যাধি আছিল৷ গৱেষকসকলে দেখা পাইছে যে  ‘থাম্ব পাম টেষ্ট’ৰ ক্ষেত্ৰত দেখা গৈছে যিসকল হূদযন্ত্ৰৰ অসুখত আক্ৰান্ত তেওঁ হাতৰ বুঢ়া আঙুলিটো ছবিত দেখুওৱাৰ ধৰণে ভাঁজ কৰিব নোৱাৰে৷ আনহাতে যাৰ হৃদযন্ত্ৰ শক্তিশালী তেওঁ এই কাম সহজতে কৰিব পাৰে৷ ৰোগীসকলৰ ভিতৰত  ৫৯জন ৰোগীৰ ক্ষেত্ৰত এনিওৰিজম ৰোগ দেখা পোৱা গৈছে৷ বিশেষজ্ঞসকলে কৈছে, আমাৰ গৱেষণাত দেখা গৈছে যে স্নায়ুজনিত ৰোগীসকলৰ ক্ষেত্ৰত  বেছিভাগ ৰোগীৰ আঙুলি ভাঁজ কৰিব পৰা ক্ষমতা নাথাকে৷