Logo
image

ৰাফাল উভতিল

আমাৰ অসম, ৪ জুলাইঃ ৫৯,০০০ কোটি টকীয়া ৰাফাল যুদ্ধবিমান ক্ৰয় চুক্তিত কেলেংকাৰি সংঘটিত হৈছিল৷ ‘মিডিয়াপাৰ্ট’ নামৰ অনুসন্ধানমূলক ফৰাছী সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বৃহৎ বিত্তীয় কেলেংকাৰিৰ চাঞ্চল্যকৰ প্ৰতিবেদন আৰু ‘শ্বেৰ্পা’ নামৰ বিত্তীয় অপৰাধ বিশেষজ্ঞ এন জি অ’ই কৰা অভিযোগৰ ভিত্তিত ভাৰতীয় মধ্যভোগীক ৰাফালৰ নিৰ্মাতা প্ৰতিষ্ঠান ডাছো এভিয়েচনে প্ৰদান কৰা ভেটী কেলেংকাৰিৰ ন্যায়িক তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ফ্ৰান্সৰ দুৰ্নীতি নিবাৰক সৰ্বোচ্ছ বিভাগ ‘ফ্ৰান্স নেচনেল ফাইনেন্সিয়েল প্ৰচিকিউচন’ বা চমুকৈ পি এন এফে৷ ভাৰতে ৩৬ খন ৰাফাল যুদ্ধবিমান ক্ৰয় কৰা চুক্তিত ক্ৰেতাক অৰ্থাৎ ভাৰতক ডাছো এভিয়েচনে কমেও ১০ লাখ ইউৰো ভেটী প্ৰদান কৰিছিল৷ যোৱা এপ্ৰিলত ‘মিডিয়াপাৰ্টে’ ভাৰতীয় মুদ্ৰাত প্ৰায় ৯ কোটি টকা ডাছো এভিয়েচনে ভেটী হিচাপে এক ভাৰতীয় অস্ত্ৰ দালাল সুষেনমোহন গুপ্তাক প্ৰদান কৰা বুলি অনুসন্ধানমূলক প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতে ফ্ৰান্সত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ তেতিয়া পুনৰ শ্বেৰ্পা এন জি অ’ই এই কেলেংকাৰিৰ তদন্তৰ বাবে জনোৱা আবেদন পি এন এফে গ্ৰহণ কৰিবলৈ বাধ্য হয়৷ প্ৰসংগতঃ উল্লেখযোগ্য, পূৰ্বে ডাছো এভিয়েচনে ভাৰতীয় দালালক ৰাফাল যুদ্ধবিমান ক্ৰয়ৰ ক্ষেত্ৰত ভেটী প্ৰদান কৰাৰ বিষয়ে পি এন এফে উমান পালেও সেই কেলেংকাৰিৰ তদন্ত কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কিন্তু এইবাৰ ‘মিডিয়াপাৰ্টে’ তন্নতন্নকৈ ভেটী কেলেংকাৰিৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰাত কেলেংকাৰিটো মুকলি হৈ পৰে আৰু পি এন এফে ন্যায়িক তদন্ত ঘোষণা কৰিবলৈ বাধ্য হয়৷ এই ন্যায়িক তদন্ত এজন স্বাধীন ন্যায়াধীশৰ অধীনত হ’ব৷ তদন্তত তেওঁ ৰাফাল যুদ্ধবিমান চুক্তিৰ ক্ষেত্ৰত হোৱা ‘দুৰ্নীতি’, ‘প্ৰভাব খটুওৱা’, ‘আৰ্থিক অনিয়ম’, ‘স্বজন-তোষন’ আৰু ‘অবৈধভাৱে কৰ ৰেহাই’কে ধৰি সৰ্বদিশ সামৰি ল’ব৷ 

ফ্ৰান্সৰ দুৰ্নীতি নিবাৰক সৰ্বোচ্ছ বিভাগে ৰাফাল ক্ৰয় চুক্তিৰ ক্ষেত্ৰত সংঘটিত কেলেংকাৰিৰ তদন্ত কৰিবলৈ লোৱাৰ ঘটনাই নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ অভ্যন্তৰত ডাঙৰ জোকাৰণি তুলিছে৷ কিয়নো সৰ্বদিশতে শক্তি প্ৰয়োগ কৰি নৰেন্দ্ৰ মোদী চৰকাৰে আক্ষৰিক অৰ্থতে বলপূৰ্বকভাৱে ৰাফাল কেলেংকাৰিৰ অভিযোগ জোকাৰি আতৰাই পেলাইছিল৷ পিছে ভাৰতে এৰিলেও ৰাফাল কেলেংকাৰিয়ে ভাৰতক নেৰে৷ ভাৰতৰ সৰ্বোচ্ছ আদালতে ৰাফাল কেলেংকাৰিত মোদী চৰকাৰক ক্লিনশ্বিট দিলেও ফৰাছী আদলতে মোদী চৰকাৰক নেৰে৷ ভাৰতৰ গোদী মিডিয়াই ৰাফাল কেলেংকাৰিক প্ৰশ্ৰয় নিদিলেও ফৰাচী মিডিয়াই মোদী আৰু মেত্ৰঁ চৰকাৰক নেৰে৷ স্মৰ্তব্য যে বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিন্‌হা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংবাদিক অৰুণ শ্বোৰিয়ে ৰাফাল চুক্তিত কেলেংকাৰি হোৱা বুলি উচ্ছতম ন্যায়ালয়ত গোচৰ তৰিছিল৷ এই গোচৰত দাখিল কৰা প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা লাভ কৰা নথিত এক প্ৰকাৰ কেলেংকাৰিৰ তথ্য মুকলি হৈ পৰিছিল৷ মোদী চৰকাৰে ৰাফাল যুদ্ধ বিমান ক্ৰয়ৰ বিনিময়ত ডাছো এভিয়েচনক প্ৰদান কৰা ধনৰ পৰাই কিদৰে ডাছোৱে ভাৰতীয় পক্ষক ভেটী প্ৰদান কৰিছিল তাকো প্ৰায় মুকলি কৰি দিছিল ‘দ্য হিন্দু’ সংবাদ পত্ৰত এন ৰামে৷ কিন্তু ইমানৰ পাছতো ক্ৰয়ৰ ক্ষেত্ৰত হোৱা লেন দেনৰ হিচাপ কৰা আদালতৰ কাম নহয় বুলি কৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন বিচাৰপীঠে ৰাফাল চুক্তিত কোনো কেলেংকাৰি সংঘটিত হোৱা নাই বুলি ৰায়দান কৰে৷ ফলত ৰক্ষা পায় নৰেন্দ্ৰ মোদী চৰকাৰে৷ এতিয়া ফ্ৰান্সত হোৱা তদন্ত আৰু তাৰ ফলাফলে ভাৰতত কিমান প্ৰভাব বিস্তাৰ কৰিব সেয়া এতিয়াই অনুমান কৰা কঠিন৷ তদুপৰি এবাৰ তদন্ত কৰিবলৈ অস্বীকাৰ কৰা ফৰাছী দুৰ্নীতি নিবাৰক বিভাগ পি এন এফে কিমান স্বচ্ছভাৱে আৰু কিমান দূৰলৈকে তদন্তৰ জাল বিস্তাৰ কৰিব তাকো অনিশ্চিত৷ 

যোৱা এপ্ৰিলত ফৰাছী অনুসন্ধানমূলক সংবাদ প্ৰতিষ্ঠান ‘মিডিয়াপাৰ্টে’ ৰাফাল ক্ৰয়ত হোৱা দুৰ্নীতি সন্দৰ্ভত এলানি প্ৰতিবেদন প্ৰকাশ কৰিছিল৷ নিৰ্দিষ্ট তথ্য আৰু অসংখ্য প্ৰমাণ দাঙি ধৰা এই প্ৰতিবেদনে ফ্ৰান্সৰ ইমানুৱেল মেক্ৰঁ চৰকাৰত জোকাৰণি তুলিছিল৷ প্ৰতিবেদনত ‘মিডিয়াপাৰ্টে’ প্ৰকাশ কৰা অনুসৰি ডাছো এভিয়েচনৰ লেন-দেনৰ হিচাপতে প্ৰায় ৯ কোটি টকা কোনো ভাৰতীয় দালাল বা চৰকাৰী ব্যক্তিক প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰা আছে৷ এই ধন কাক দিলে বুলি প্ৰশ্ন কৰাত ডাছোৱে জনাইছিল যে অনিল আম্বানিৰ ৰিলায়েন্স ডিফেন্সক ৰাফাল বিমানৰ ‘ৰেপ্লিকা’ বা প্ৰতিকৃতি নিৰ্মাণৰ বাবে এই ধন দিছে৷ প্ৰতিটো ‘ৰেপ্লিকা’ৰ বাবদ ২০,০০০ ইউৰোকৈ দিয়া বুলি ডাছোৱে জনাইছিল আৰু সেই তথ্য মিছা বুলি পাছত উন্মোচিত হয়৷ এই ধন ৰিলায়েন্সে পোৱা নাই আৰু তেওঁলোকে ৰাফালৰ ‘ৰেপ্লিকা’ নিৰ্মানো কৰা নাই৷ তদুপৰি এটা ‘ৰেপ্লিকা’ৰ বাবে ২০ হাজাৰ ইউৰো অবিশ্বাস্য পৰিমানৰ ধন৷

‘মিডিয়াপাৰ্ট’ৰ প্ৰতিবেদনৰ মতে ডাছো এভিয়েচনে প্ৰদান কৰা এই ৰহস্যজনক ধনৰ লেন-দেনৰ বিষয়ে ফৰাছী দুৰ্নীতি নিবাৰক বিভাগ পি এন এফে ভালদৰেই জানে৷ সেয়া এতিয়া আৰু লুকাই থকা নাই৷ ‘মিডিয়াপাৰ্ট’ৰ প্ৰতিবেদনৰ মতে ডাছোৱে সুষেনমোহন গুপ্তা নামৰ এক ভাৰতীয় অস্ত্ৰ দালালৰ জৰিয়তে ভেটীৰ ধন প্ৰদান কৰিছিল আৰু সেই বিষয়ে ভাৰতৰ আৰ্থিক দুৰ্নীতি প্ৰতিৰোধ সংস্থা ই ডি বা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে ভালদৰেই জানে৷ সুষেনমোহন গুপ্তাই অগষ্টাৱেষ্টলেণ্ড হেলিকপ্টাৰ কেলেংকাৰিতো দালালৰ ভূমিকা লৈ বৃহৎ পৰিমাণৰ ধন সৰকাইছিল৷ ২০১৯ চনৰ ২৬ মাৰ্চত ই ডি য়ে তেওঁক গ্ৰেপ্তাৰ কৰিলেও পাছত জামিনত কাৰামুক্ত হয় গুপ্তা৷ ৰাফাল চুক্তিতো সুষেনমোহন গুপ্তাই মধ্যভোগীৰ দায়িত্ব পালন কৰা স্বত্বেও ই ডিয়ে তেওঁক গ্ৰেপ্তাৰ নকৰাতো আশ্বৰ্যকৰ বুলি মন্তব্য কৰিছে ‘মিডিয়াপাৰ্টে’৷ সুষেনমোহন গুপ্তাৰ ক্ষেত্ৰত এতিয়ালৈকে নীৰব মোদী চৰকাৰ৷