আম খাই উঠি এইবোৰ ভুল নকৰিব
আমাৰ অসম বিশেষঃ এতিয়া ফলৰ বতৰ৷ বজাৰত এতিয়া উভৈনদী ফলৰ ৰজা আম৷ সুকীয়া সোৱাদযুক্ত হোৱাৰ বাবে এইবিধ ফল সকলোৰে প্ৰিয়৷ আম স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ কিন্তু আম খাই উঠিয়েই কেতবোৰ খাদ্য খোৱা উচিত নহয়৷ অন্যথা ভয়ানক ক্ষতিৰ সন্মুখীন হ’ব পাৰে৷ আজিৰ শিতানত আম খাই কি কি খোৱা অনুচিত সেই বিষয়ে উল্লেখ কৰা হ’ল–
[১] পানীঃ আম খাই উঠিয়েই ভুলতো পানী নাখাব৷ আমৰ সৈতে পানী খালে পেটৰ বিষ, এচিডিটি অথবা গেছৰ সমস্যা হ’ব পাৰে৷ আম খোৱাৰ পাছত অন্ততঃ আধা ঘণ্টা বিৰতি লৈহে পানী খোৱা উচিত৷
[২] ক’ল্ড ড্ৰিংকছঃ আমৰ সৈতে বা আম খাই উঠি ভুলতো ক’ল্ড ড্ৰিংকছ নাখাব৷ আমৰ সৈতে ক’ল্ড ড্ৰিংকছ খালে ইয়াৰ পৰিণাম হ’ব পাৰে অতি ভয়ংকৰ৷ আমত প্ৰচুৰ পৰিমাণে থাকে শৰ্কৰা৷ একেদৰে ক’ল্ড ড্ৰিংকছতো শৰ্কৰা থাকে৷ এনে ক্ষেত্ৰত কোনো ব্যক্তি যদি মধুমেহত আক্ৰান্ত হৈ থাকে, তেন্তে আম খোৱাৰ পাছতে ক’ল্ড ড্ৰিংকছ খালে তেওঁৰ বাবে ইয়াৰ পৰিণাম হ’ব পাৰে অতি বিপজ্জনক৷
[৩] দৈঃ আম খোৱাৰ পিছত ভুলতো দৈ নাখাব৷ আম আৰু দৈ একেলগে খালে দেহত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বেছি হয়৷ যিটো স্বাস্থ্যৰ বাবে অতি অপকাৰী৷
[৪] তিতা কেৰেলাঃ আম খোৱাৰ পাছত তিতা কেৰেলাৰ ভাজি বা তৰকাৰী কেতিয়াও নাখাব৷ আমৰ সৈতে বা আম খোৱাৰ পাছতে যদি তিতা কেৰেলা খায়, তেন্তে বমি ভাব আৰু শ্বাসকষ্টৰ সমস্যা হ’ব পাৰে৷