Logo
image

উড়তা অসম! নীলকণ্ঠ হ’বলৈ সাজু হিমন্তবিশ্ব

আমাৰ অসম, ১৫ জুলাইঃ অসম আৰক্ষীৰ ড্ৰাগ্‌ছবিৰোধী এনকাউণ্টাৰলৈ বিধানসভাৰ মজিয়াৰ পৰা মুকলি সমৰ্থন আগবঢ়ালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অসমৰ ভয়াৱহ ড্ৰাগ্‌ছৰ পৰিস্থিতি ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে অসমক ড্ৰাগ্‌ছৰ ভয়াৱহ ছবি দাঙি ধৰা বোলছবি উড়তা পঞ্জাবৰে ৰিজাই ক’লে– উড়তা আছাম হ’বলৈ গৈ আছিল৷ মুখ্যমন্ত্ৰীয়ে এই এনকাউণ্টাৰক লৈ হোৱা বিতৰ্ক, সমালোচনাৰ বিষ নীলকণ্ঠৰ দৰে পাণ কৰিবলৈসাজু বুলিও ঘোষণা কৰে৷ বুধবাৰে অসম বিধানসভাৰ শূন্যকালীন ঘণ্টাত আমগুৰি সমষ্টি জ্যেষ্ঠ বিধায়ক প্ৰদীপ হাজৰিকাই ড্ৰাগ্‌ছৰ বিৰুদ্ধে উত্থাপন কৰা এক প্ৰসংগৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়– ‘অপৰাধীসকলে পুলিচৰ ৰিভলভাৰটো কাঢ়ি লৈ গুলীয়াব নুখুজিলে এনকাউণ্টাৰটো নহয়েই৷ কিছুদিনৰ আগতে নলবাৰীত এজন ব্যক্তি পুলিচৰ গুলী খাই মৰিছে৷ তেওঁৰ অন ৰেকৰ্ড আছে পুলিচক মাৰি পিটি ওলাই যোৱা লোক৷ বিধানসভাত  পুলিচৰ ওপৰত একচন লোৱাৰ ভয়তে আগতে ক্ৰিমিনেলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভয় খাইছিল৷ পুলিচেই মৰি গৈছিল৷ কিন্তু মই মোৰ পুলিচক এৰি দিব নোৱাৰোঁ৷ এইটো নহ’বই৷ গতিকে ক্ৰাইম যেতিয়া বেছি হৈছে এনকাউণ্টাৰ, এৰেষ্টো বেছি হৈছে৷ ১৮০০ ল’ৰা-ছোৱালী ড্ৰাগ্‌ছবিৰোধী অভিযানত গ্ৰেপ্তাৰ কৰিছোঁ৷ তেওঁলোকক আমি আইন মতে লৈ যাম৷ কিন্তু যিকেইজন দাগী অপৰাধী, তেওঁলোকে জানে যে তেওঁলোক এৰেষ্ট হ’লেই ফাচী হ’ব৷ তেওঁলোকেটো আমাৰ মতে নচলে৷ কোনোবাই যদি ক্ৰিমিনেল বিলাকক ৱৰ্কশ্বপ এখন পাতি বুজাব পাৰে তেন্তে এনকাউণ্টাৰ নহয়েই৷ শিৱসাগৰত বুবু কোঁৱৰ বুলি যিজন ল’ৰা মৰিছে মই যেতিয়া কংগ্ৰেছ দলত আছিলোঁ আমাৰ কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ নেতাক গুলীয়াই হত্যা কৰিছিল৷ বেইল লৈ ওলাই গৈ আকৌ শিক্ষক এজনক, ব্যৱসায়ী এজনক মাৰিছে৷ মইটো মোৰ ৱৰ্দীৰ মানুহজনক এডভাইচ দিব নোৱাৰোঁ যে মোক বিধানসভাত মোক সমালোচনা কৰিব, আপোনালোকে মাৰ খাই থাকিব৷ মোৰ পুলিচক মই কৈছোঁ– আইনত যি লিখা আছে তাৰ ভিত্তিত চৰম ব্যৱস্থা গ্ৰহণ কৰক৷ কিন্তু আইনৰ গণ্ডীৰ পৰা ওলাই নাহিব৷ অসম চৰকাৰে আপোনালোকক সুৰক্ষা দিব৷ অসম আৰক্ষীয়ে যোৱা দুমাহত যি বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিছে, সেয়া কল্পনা কৰিব নোৱাৰা পৰ্যায়ৰ৷ ২৭ কেজি হিৰ’ইন জব্দ কৰা হৈছে৷ ইয়াৰ মূল্য হ’ব প্ৰায় ৫০ কেজি৷ ১৩ লাখ চাইক্ৰ’ট্ৰফিক ড্ৰাগছ জব্দ কৰা হৈছে৷ ৩ কেজি মাৰ্ফিন, ৩৩ কেজি প্ৰপিন জব্দ কৰা হৈছে৷ নগদ ১ কোটি ৮০ লাখ টকাৰ ধন জব্দ কৰা হৈছে৷ অসম আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানৰ সমাজত দৃষ্টান্ত দাঙি ধৰিবৰ বাবে ১৭ তাৰিখে ডিফু, গোলাঘাটত আৰু ১৮ তাৰিখে নগাঁও আৰু হোজাইত এক ৰাজহুৱা ড্ৰাগছ দাহনৰ কাৰ্যসূচীৰ আয়োজন কৰিছে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে৷ উদ্ধাৰ হোৱা ড্ৰাগছ চেম্পল ৰাখি বাকী বিলাক সেই দুদিনত জ্বলাই দিয়া হ’ব৷ এই কাৰ্যসূচীত বিধায়কসকলৰো উপস্থিতি কামনা কৰিছো৷ মুখ্যমন্ত্ৰীয়ে কয় যে ড্ৰাগছৰ সৈতে উত্তৰ-পূবৰ উগ্ৰপন্থী সংগঠনৰ  লিংক পোৱা গৈছে যদিও এইক্ষেত্ৰত আলফা জড়িত থকাৰ কোনো প্ৰমাণ চৰকাৰৰ হাতত নাই৷ আলফা ইমান তললৈকে নামিব পাৰে বুলি আমি বিশ্বাস নকৰো৷ ড্ৰাগছ আসক্তক ড্ৰাগছ দিয়াৰ প্ৰলোভন দিয়েই উগ্ৰপন্থীয়ে অস্ত্ৰশস্ত্ৰৰ সৰবৰাহ কৰে৷ ড্ৰাগছৰ গোপন বেহাৰ সৈতে অসম আৰক্ষী, আৰ পি এফৰ লোকো জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে৷ লকডাউনৰ সময়তো গুৱাহাটীত ড্ৰাগছৰ হোম ডেলেভাৰী হৈ আছিল৷ ড্ৰাগছটো ইমানেই মাৰাত্মক বস্তু যে ড্ৰাগছ আসক্ত যুৱ-যুৱতীক তিনি চাৰিদিন একেৰাহে পাগলৰ কাম কৰিব পাৰে৷ তেওঁলোকক কামত খুটুৱায় ৰাখিব পাৰে ড্ৰাগছ পেডলাৰে৷ তেওঁলোকৰ হতুৱাই বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে বহু পিতৃ-মাতৃয়ে ড্ৰাগছ আসক্ত সন্তানক সমাজৰ পৰা লুকুৱাই ৰাখে৷ ভয়তে তেওঁলোকৰ কুকৰ্ম ওলাই পৰিবলৈ নিদিয়ে৷ লুকাই লুকাই তেওঁলোকৰ হৃদয়ে কান্দে৷  লক্ষণীয় যে মুখ্যমন্ত্ৰীৰ ড্ৰাগছ বিৰোধী অভিযানলৈ সমৰ্থন জনায় কংগ্ৰেছ দলৰ উপ-দলপতি ৰকিবুল হুছেইনে কয় যে চৰকাৰে ড্ৰাগছ আসক্তৰ ৰিহেবিলিটেশ্বনৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ বাবে পুঁজি লাগিলে বিৰোধী বিধায়কেও দিবলৈ সাজু আছে৷ অৱশ্যে প্ৰচাৰৰ বাবে আৰক্ষীয়ে কতো যাতে নিৰপৰাধীক এনকাউণ্টাৰ নকৰে সেই কথাও তীক্ষ্ণ দৃষ্টিৰে চাব লাগিব বুলি লাগিব বুলি হুছেইনে লগতে মত পোষণ কৰে৷