Logo
image

প্ৰিয়ংকাৰ জন্মদিনত তেৰলাখ টকীয়া ৱাইন উপহাৰ নিক’ৰ

আমাৰ অসম, ২০ জুলাইঃ দেওবাৰে ৩৯ত ভৰি দিলে প্ৰিয়ংকা চোপ্ৰাই৷ জীৱনৰ ৩৯টা বসন্তৰ এই বিশেষ দিনটোত অভিনেত্ৰী গৰাকীক পৰিয়ালৰ সদস্যসকলৰ লগতে অনুৰাগীসকলে জন্মদিনৰ শুভেচ্ছাৰে উপচাই পেলায়৷ কিন্তু ইয়াৰ পাছতো স্বামী নিক জ’নাছৰ শুভেচ্ছা বাৰ্তাৰ অধীৰ অপেক্ষাত থাকে প্ৰিয়ংকা৷ উল্লেখ্য যে বৈবাহিক জীৱনৰ পাছত নিজৰ জন্মদিনটোত প্ৰথমবাৰৰ বাবে প্ৰিয়ংকা এইবাৰ স্বামী নিকৰ পৰা আঁতৰি আছে৷ সম্প্ৰতি প্ৰিয়ংকা আছে লণ্ডনত আৰু নিক আছে আমেৰিকাত৷ সেয়ে এইবাৰৰ জন্মদিনটো প্ৰিয়ংকাৰ বাবে বিশেষ দিনৰূপে বিবেচিত হৈছে৷ জন্মদিনটোত প্ৰিয়ংকাক আচৰিত কৰি নিকে এইবাৰ বিশেষ ছাৰপ্ৰাইজ দিয়ে৷ জন্মদিনৰ শুভেচ্ছাৰ সৈতে নিকে প্ৰিয় পত্নীলৈ প্ৰেৰণ কৰে ১৩ লাখ টকীয়া মূল্যৰ এটা ৱাইনৰ বটল৷ ১৯৮২ চনৰ পৰা ভিণ্টেজ কৰি ৰখা ৱাইনৰ বটলটো জন্মদিনৰ উপকাৰ হিচাপে পাই প্ৰিয়ংকা উৎফুল্লিত হৈ পৰিছে৷ নিজৰ ইন্‌ষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীয়ে ৱাইনৰ বটলটোৰ ছবি পোষ্ট কৰি নিকক উদ্দেশ্যি উল্লেখ কৰে– ‘লাভ ইউ নিক জ’নাছ’৷