Logo
image

ৰাজক সন্মুখত বহুৱাই শিল্পাক ছঘণ্টা জেৰা

আমাৰ অসম, ২৬ জুলাইঃ মুম্বাইৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে শুকুৰবাৰে সন্ধিয়াৰ পৰা মাজনিশালৈকে একেৰাহে ছঘণ্টা জেৰা কৰাৰ পাছত বলীউডৰ তাৰকা অভিনেত্ৰী শিল্পা ছেট্টীয়ে তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাক নিৰ্দোষী বুলি মন্তব্য কৰিছে৷ ৰাজ কুন্দ্ৰাই নিৰ্মাণ কৰা ছবিসমূহ পৰ্নগ্ৰাফিক ছবি নহয় বৰং সেই ছবি ‘ইৰ’টিকা’ বুলি মন্তব্য কৰিছে শিল্পা ছেট্টীয়ে৷ অৱশ্যে ৰাজ কুন্দ্ৰাই হটশ্বট নামৰ এপ’ত কি ছবি আপল’ড কৰে আৰু সেই ছবিসমূহ কেনে ধৰণৰ সেই সন্দৰ্ভত শিল্পা ছেট্টীৰ কোনো ধাৰণা নাই বুলি মন্তব্য কৰে৷ তাৰকা অভিনেত্ৰী গৰাকীৰ মতে তেওঁৰ স্বামীৰ পৰ্ন ছবিৰ নিৰ্মাণৰ সৈতে জড়িত নহয়৷ সেয়েহে তেওঁ সম্পূৰ্ণ নিৰ্দোষ আৰু ষড়যন্ত্ৰৰ ফলতহে তেওঁৰ স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি শিল্পা ছেট্টীয়ে মন্তব্য কৰে৷ উল্লেখ্য, যোৱা সোমবাৰে নিশা মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে পৰ্নগ্ৰাফিক ছবি নিৰ্মাণ, বিতৰণ আৰু প্ৰচলনৰ অভিযোগত শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক তেওঁলোকৰ জুহুৰ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল৷ শুকুৰবাৰে দ্বিতীয়বাৰলৈ আদালতে ৰাজ কুন্দ্ৰাক আৰক্ষীৰ জিম্মাত দিয়াৰ পাছত মুম্বাইৰ ক্ৰাইম ব্ৰাঞ্চৰ তদন্তকাৰী আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক লৈ তেওঁলোকৰ জুহুৰ বাসভৱনত তালাচী চলায়৷ সেই তালাচীৰ সময়তে শিল্পা ছেট্টীকো আৰক্ষীয়ে ছঘণ্টা ধৰি জেৰা কৰে৷ স্বামীৰ গ্ৰেপ্তাৰৰ দিনাই শিল্পা ছেট্টীয়ে জুহুৰ বাসভৱন এৰি তেওঁৰ মাতৃ আৰু অভিনেত্ৰী ভগ্নী শমিতা ছেট্টীয়ে বাস কৰা বান্দ্ৰাৰ বাসভৱনলৈ সন্তানদ্বয়ক লৈ গুচি গৈছিল৷ আৰক্ষীয়ে শুকুৰবাৰে তেওঁক পুনৰ জুহুৰ বাসভৱনলৈ সাক্ষ্য গ্ৰহণৰ বাবে মাতি আনে৷ প্ৰথমে শিল্পা ছেট্টীয়ে আহিবলৈ আপত্তি কৰিলেও মুম্বাই আৰক্ষীয়ে তেওঁক সাক্ষ্য গ্ৰহণৰ বাবে থানালৈ নিব বুলি কোৱাত অৱশেষত তেওঁ জুহুৰ বাসভৱনলৈ আহি জবানবন্দী লিপিবদ্ধ কৰিবলৈ মান্তি হয়৷ আৰক্ষীয়ে দীৰ্ঘ ছঘণ্টাৰ জেৰাত শিল্পা ছেট্টীয়ে স্বামী ৰাজ কুন্দ্ৰাৰ এই অনৈতিক ব্যৱসায় সন্দৰ্ভত কি তথ্য জানে সেই সন্দৰ্ভত প্ৰশ্ন কৰে৷ উল্লেখ্য, ৰাজ কুন্দ্ৰা মালিকানাধীন বিয়ান ইণ্ডাষ্ট্ৰীজৰ অন্যতম সঞ্চালক আছিল শিল্পা ছেট্টী৷ ২০২০ চনত তেওঁ সঞ্চালকৰ দায়িত্বৰ পৰা পদত্যাগ কৰে৷ এই বিয়ান ইণ্ডাষ্ট্ৰীজৰ অধীনতে ৰাজ কুন্দ্ৰাই মুম্বাইত পৰ্ন চিনেমা নিৰ্মাণ কৰি আছিল৷ সেই বিষয়ে জানিব পাৰিয়েই শিল্পা ছেট্টীয়ে সঞ্চালকৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে তেওঁক প্ৰশ্ন কৰে৷ শিল্পা ছেট্টীয়ে কয় যে, তেওঁ ৰাজ কুন্দ্ৰাই বিয়ান ইণ্ডাষ্ট্ৰীজৰ অধীনত চলাই থকা ব্যৱসায়ৰ পৰা অৰ্থনৈতিকভাৱে এটকাও লাভৱান হোৱা নাই৷ তদুপৰি এই উদ্যোগৰ অধীনত কি কি ব্যৱসায় হয় সেই সন্দৰ্ভত তেওঁ বিশদভাৱে অৱগত নহয়৷ আনহাতে হটশ্বট এপ’ত কি ভিডিঅ’ আপল’ড কৰা হয় সেই বিষয়েও তেওঁ সবিশেষ নাজানে বুলি আৰক্ষীৰ জেৰাত মন্তব্য কৰে৷ জেৰাৰ সময়ত জুহুৰ বাসভৱনত শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাও আছিল আৰু সময়ে সময়ে দুয়োকে মুখামুখিকৈ আৰক্ষীয়ে বহুৱাই লৈছিল যাতে ৰাজ কুন্দ্ৰাই পূৰ্বে কৰা মন্তব্যৰ স্পষ্টীকৰণ পত্নীৰ পৰা আদায় কৰিব পৰা যায়৷ কেইবাটাও মুহূৰ্তত উভয়ৰ বক্তব্যত পাৰ্থক্য ধৰা পৰিছিল৷ জেৰা সম্পূৰ্ণ হৈ যোৱাৰ পাছত কালিলৈকে নীৰৱে থকা শিল্পা ছেট্টীয়ে শনিবাৰে এই সন্দৰ্ভত সীমিত আৰু সংযতভাৱে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ শিল্পা ছেট্টীৰ সেই প্ৰতিক্ৰিয়া অনুসৰি তেওঁৰ স্বামী নিৰ্দোষ আৰু স্বামীয়ে যি ছবি বা ভিডিঅ’ নিৰ্মাণ কৰিছে সেয়া কোনো আইন অনুসৰি পৰ্নগ্ৰাফিক চিনেমা নহয় বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰিছে৷ সেই ভিডিঅ’সমূহ পুৰুষ-মহিলাৰ অন্তৰংগ দৃশ্য থকা ইৰ’টিক ভিডিঅ’ বুলিহে শিল্পা ছেট্টীয়ে দাবী কৰে৷ তেওঁৰ মতে ভাৰতত আইন অনুসৰি ইৰ’টিক ভিডিঅ’ নিৰ্মাণ কৰাত কোনো বাধা নাই৷ আৰক্ষীয়ে তেওঁৰ স্বামীয়ে পৰ্নগ্ৰাফিক ভিডিঅ’ নিৰ্মাণ কৰা বুলি যি অভিযোগ উত্থাপন কৰিছে তাত কোনো সত্যতা নাই আৰু তদন্তৰ পাছত সেই কথা প্ৰমাণিত হ’ব বুলি শিল্পা ছেট্টীয়ে দাবী কৰে৷