Logo
image

স্মাৰ্টফোনটোত থকা এইবোৰ এপ্‌ছে বিপদ আনিব পাৰে

আমাৰ অসম বিশেষঃ স্মাৰ্টফোনটোত আমি প্ৰায়েই নজনা-নুবুজাকৈ কেতবোৰ এপ্‌ছ ব্যৱহাৰ কৰো৷ কিন্তু এনে কিছুসংখ্যক এপ্‌ছে কামত অহাতকৈ স্মাৰ্টফোনটোৰ ক্ষতি কৰে৷ লগতে আন কিছুমান এপ্‌ছে প্ৰাইভেচীসমূহ সংগ্ৰহ কৰি ফোনটোলৈ ‘ৰিস্ক’ আনে৷  এনেবোৰ এপ্‌ছ যদি আপোনাৰ ফোনটোত আছে তেন্তে সেই এপ্‌ছসমূহ শীঘ্ৰেই ডিলিট কৰক অথবা আন-ইনষ্টল কৰক৷ আজিৰ শিতানত কেইটামান ৰিস্কী এপ্‌ছৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] ইউ চি ব্ৰাউজাৰ এপ্ঃ বিভিন্ন অধ্যয়নৰ পৰা দেখা গৈছে যে ইউ চি ব্ৰাউজাৰ নামৰ এপ্‌টোৱে স্মাৰ্টফোনটোৰ আই এম ই আই আৰু আই এম এছ আই ক’ড ট্ৰেক কৰাৰ লগতে ফোনটোৰ লোকেশ্বন ট্ৰেক কৰে৷ লগতে আপুনি ব্ৰাউজাৰৰ জৰিয়তে কি কি ব্ৰাউজ কৰিছে সেই সমস্ত তথ্য সংগ্ৰহ কৰিব লোৱাৰ উপৰি এই ডাটাসমূহ ইউ চি ব্ৰাউজাৰটোৱে পোনে পোনে আলিবাবা ডট কমক যোগান ধৰে৷ যিটোৱে আপোনালৈ বিপদ মাতিব পাৰে৷ এনে ক্ষেত্ৰত ইউ চি ব্ৰাউজাৰতকৈ গুগল ক্ৰম ব্যৱহাৰ কৰাটোৱে সঠিক৷

[২] অপ্টিমাইজেশ্বন এপ্ঃ এইটো এপ্‌ত ৰেম বুষ্টাৰ, ৰেম ক্লিনাৰ, বেটাৰী ছে’ভাৰআদি থাকে৷ এই ক্ষেত্ৰত মনত ৰাখিব যে এনেবোৰ সুবিধা পাবলৈ আপোনাৰ ফোনটোত ইতিমধ্যেই অপ্‌চন দিয়া আছে৷ এনে ক্ষেত্ৰত ৰেম বুষ্টাৰ, ৰেম ক্লিনাৰ বা বেটাৰী ছে’ভাৰৰ সুবিধা লাভ কৰিবলৈ পৃথকভাৱে আন এটা এপ্‌ ডাউনলোড কৰি লোৱাটো কিমান সমীচীন সেয়া আপুনি নিজেই বুজি পাব৷ তদুপৰি এনেধৰণৰ এপ্‌ছসমূহে ফোনটোৰ ষ্ট’ৰেজ অকাৰণতে নষ্ট কৰাৰ লগতে বেটাৰী অধিক খৰচ কৰাৰ উপৰি ফোনটোক শ্ল’ কৰে৷

[৩] থাৰ্ড পাৰ্টী এপ্ঃ বহু সময়ত দেখা যায় যে গুগল প্লে ষ্ট’ৰত কিছুমান এপ্‌ নাথাকে৷ এনে ক্ষেত্ৰত থাৰ্ড পাৰ্টী এপৰ জৰিয়তে কোনো এটা ৱেবছাইটৰ পৰা এপিকে ফাইল ডাউনলোড কৰি নিৰ্দিষ্ট এপটো বিচাৰি লোৱা হয়৷ কিন্তু এয়া ঠিক নহয়৷ কিয়নো অপৰিচিত ছাইটৰ পৰা ডাউনলোড কৰা এপিকে ফাইলৰ জৰিয়তে ফোনটোলৈ ভাইৰাছ আহিব পাৰে৷

[৪] এণ্টিভাইৰাছ ছফ্‌টৱেৰঃ গুগল প্লে ষ্ট’ৰত বিভিন্ন ধৰণৰ এণ্টিভাইৰাছ ছফ্‌টৱেৰ থাকে৷ এইবোৰ ব্যৱহাৰ কৰোতে বিশেষ কোনো ৰিস্ক নাথাকে৷ কিন্তু আন-ন’ন ছাইটৰ পৰা বা আন-ন’ন ডেভেল’পাৰ্ছৰ পৰা এপিকে ফাইলৰ জৰিয়তে এণ্টিভাইৰাছ ছফ্‌টৱেৰ ডাউনলোড কৰি ব্যৱহাৰ কৰাটো খুবেই বিপজ্জনক৷ কিয়নো ইয়াৰ জৰিয়তে ফোনটোলৈ ভাইঞ্জৰাছ বিয়পাটো নিশ্চিত৷ যদি এনে ছফ্‌টৱেৰ ব্যৱহাৰ কৰিবই লাগে তেন্তে আপুনি পেইড এণ্টিভাইৰাছ ছফ্‌টৱেৰ ব্যৱহাৰ কৰিব পাৰে৷ তাতকৈ গুগল প্লে-ষ্ট’ৰলৈ গৈ প্লে প্ৰটেক্টৰ জৰিয়তে মাজে মাজে স্কেন কৰি থাকিলে ফোনটো ভাইৰাছমুক্ত কৰি ৰাখিব পৰা যায়৷

[৫] ফাষ্ট চাৰ্জিং এপ্ঃ এই ধৰণৰ এপৰ পৰা পৰাপক্ষত আঁতৰি থকাই ভাল৷ ফাষ্ট চাৰ্জিং এপ ব্যৱহাৰ কৰিলে ফোনটো ‘ফাষ্ট’ হোৱা বুলি দাবী কৰা হয়৷ কিন্তু এয়া ভুল ধাৰণা৷ স্মাৰ্টফোনটোৰ হাৰ্ডৱেৰৰ সৈতে সম্পৰ্ক থাকে ফাষ্ট চাৰ্জিঙৰ৷ ফোনটো ফাষ্ট চাৰ্জ অৰ্থাৎ কম সময়ৰ ভিতৰত চাৰ্জ কৰিবলৈ হ’লে ইয়াৰ বাবে ফোনটোত অপ্‌চন থাকিব লাগিব৷ যিসমূহ ফোনত এই অপ্‌চন আছে সেই ফোনসমূহ ফাষ্ট চাৰ্জ কৰিবলৈ হ’লে ফাষ্ট চাৰ্জ এড্‌প্টৰ ব্যৱহাৰ কৰিব লাগিব৷ যিবোৰ ফোনত এই অপ্‌চন নাই সেইবোৰ ফোন ফাষ্ট চাৰ্জিং এপৰ জৰিয়তে ফাষ্ট চাৰ্জ কৰিব খোজা ধাৰণাটো ভুল৷