Logo
image

ভেকচিন লোৱাৰ পাছত সংক্ৰমিত হ’লে দেখা দিয়ে এই লক্ষণে

আমাৰ অসম বিশেষঃ সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে৷ কিন্তু প্ৰতিষেধক লোৱাৰ পাছতো কিছুসংখ্যক লোকৰ দেহত অতিমাৰী ভাইৰাছবিধৰ সংক্ৰমণ হোৱাৰ বাতৰি ওলাই আছে৷ অৱশ্যে প্ৰতিষেধক গ্ৰহণৰ পাছত সংক্ৰমিত হ’লেও মৃত্যুৰ আশংকা নাথাকে৷  তথাপিও বিশেষজ্ঞসকলে সকলোকে সচেতন হৈ থকাৰ বাবে পৰামৰ্শ আগবঢ়াই আছে৷ আজিৰ শিতানত প্ৰতিষেধক লোৱাৰ পাছতো সংক্ৰমিত হ’লে দেখা দিয়া লক্ষণ কেইটাৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] পানীলগা বা চৰ্দিঃ প্ৰতিষেধক লোৱাৰ কেইদিনমান পাছত যদি অনবৰতে হাঁচিয়াই আছে তেন্তে সাৱধানতা অৱলম্বন কৰক৷ প্ৰতিষেধক লোৱাৰ পাছত যদি আপুনি চৰ্দি বা পানীলগা সমস্যাত ভুগি আছে তেন্তে জানিব যে এণ্টিবডী সুৰক্ষাই আপোনাৰ দেহত কমকৈ কাম কৰিছে৷ এনে ক্ষেত্ৰত আপুনি কৰ’নাত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷

[২] শ্বাস কষ্টঃ বিশেষজ্ঞসকলৰ মতে প্ৰতিষেধক গ্ৰহণৰ পাছত যদি কোনো লোকে কফৰ সমস্যাত ভোগে বা বুকুখন হেঁচা মাৰি ধৰাৰ দৰে অনুভৱ কৰে তেন্তে সেয়া কৰ’নাত আক্ৰান্ত হোৱাৰ লক্ষণ হ’ব পাৰে৷ এক গৱেষণা মতে কৰ’নাৰ প্ৰতিষেধক গ্ৰহণৰ পাছতো দহ শতাংশ লোক সংক্ৰমিত হোৱাৰ আশংকা থাকে৷ মনত ৰখা উচিত যে প্ৰতিষেধকে সুৰক্ষাৰ এশ শতাংশ গেৰাণ্টী দিব নোৱাৰে৷

[৩] ডিঙি ফুলাঃ কৰ’নাৰ প্ৰতিষেধক লোৱাৰ পাছত যদি ডিঙিৰ কোনো অংশ ফুলি উঠে বা বিষায় তেন্তে সেয়া সংক্ৰমিত হোৱাৰ লক্ষণ৷

উল্লেখ্য যে ব্ৰিটেইনৰ ৬৪ লাখ লোকক সামৰি চলোৱা এক সমীক্ষাত প্ৰতিষেধক গ্ৰহণৰ পাছত সংক্ৰমিত হ’লে এইবোৰ লক্ষণে দেখা দিয়া বুলি স্বাস্থ্য বিশেষজ্ঞ আৰু বিজ্ঞানীসকল নিশ্চিত হৈছে৷