Logo
image

‘কুন্দ্ৰাই মোক যৌন শোষণ কৰিছিল’

বিপদ বাঢ়িছে ৰাজ কুন্দ্ৰাৰ, শ্বাৰ্লিন চোপ্ৰাৰ এজাহাৰ

আমাৰ অসম, ৩০ জুলাইঃ বিপদ বাঢ়িছে ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ৷ পৰ্ন ফিল্ম প্ৰস্তুত কৰি সেইবোৰৰ জৰিয়তে বিৰাট ব্যৱসায়ৰ নেটৱৰ্ক সৃষ্টি কৰি ধন অৰ্জন কৰাৰ লগতে অভিনেত্ৰী-মডেলক ব্লেকমেইল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰাজ কুন্দ্ৰাক বৰ্তমান মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই জেৰা অব্যাহত ৰখাৰ সময়তে বলীউডৰ অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰাই ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ৷ তেওঁ ৰাজৰ বিৰুদ্ধে আনে যৌন শোষণৰ অভিযোগ৷ আনকি বাৰে বাৰে মানা কৰাৰ পাছতো ৰাজে তেওঁক চুম্বন কৰিবলৈ এৰা নাছিল বুলি চোপ্ৰাই অভিযোগ আনে৷ ৰাজ কুন্দ্ৰাৰ পৰ্ন ফিল্ম গোচৰত সাক্ষী দিবলৈ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ ওচৰত হাজিৰ হয় শ্বাৰ্লিন চোপ্ৰা৷ তেতিয়াই তেওঁ এই সকলো কথা ৰাজহুৱা কৰে৷ আনকি ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ তুলি এজাহাৰো দাখিল কৰে তেওঁ৷ শ্বাৰ্লিনৰ মতে ২০১৯ চনৰ আৰম্ভণিতে ৰাজ কুন্দ্ৰাৰ মেনেজাৰে তেওঁৰ সৈতে যোগাযোগ কৰিছিল৷ ২৭ মাৰ্চত ৰাজ কুন্দ্ৰাৰ সৈতে শ্বাৰ্লিনে আলোচনাত বহে৷ আলোচনাৰ পাছত এটা মেছেজক লৈ দুয়োৰে মাজত সংঘাত হয়৷ তেতিয়াই আগতীয়াকৈ একো নজনোৱাকৈ ৰাজ কুন্দ্ৰা আহি শ্বাৰ্লিনৰ ঘৰত উপস্থিত হয়হি৷ তেতিয়াই বাৰম্বাৰ মানা কৰাৰ পাছতো ৰাজে শ্বাৰ্লিনক জোৰকৈ ওঁঠত চুম্বন কৰিছিল৷ গতিকে এই বিষয়টোক লৈয়ে ৰাজৰ বিৰুদ্ধে শ্বাৰ্লিনে এজাহাৰ দাখিল কৰে৷