Logo
image

কঠাল খালে পোৱা যায় এইবোৰ উপকাৰ

আমাৰ অসম বিশেষঃ বতৰৰ ফল কঠাল সকলোৰে প্ৰিয়৷ কঠালত থাকে অজস্ৰ পুষ্টি গুণ৷ কঠাল স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ কঠাল খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়৷ কঠালত থায়’মিন, ৰিব’ফ্লাভিন, কেলছিয়াম, পটাছিয়াম, আইৰণ, ছডিয়াম আৰু জিংকৰ লগতে বিভিন্ন ধৰণৰ পুষ্টি উপাদান মজুত থাকে৷ তদুপৰি কঠাল প্ৰচুৰ পৰিমাণে শৰ্কৰা আৰু ভিটামিনযুক্ত হোৱাত ই মানৱ দেহৰ বিভিন্ন উপকাৰ কৰে৷ কেঁচা কঠালক বহুতে ব্যঞ্জন হিচাপেও খায়৷ ভিটামিন আৰু ফাইবাৰেৰে ভৰা কঠাল খাদ্য তালিকাত ৰাখিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পৰা যায়৷ আজিৰ শিতানত কঠালৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] তেজত শৰ্কৰাৰ পৰিমাণ কমায়ঃ বহুতৰে ধাৰণা যে কঠাল খালে মধুমেহত ভোগাসকলৰ অধিক সমস্যা হয়৷ এই ধাৰণা ভুল৷ কঠালে ব্লাডছুগাৰ নিয়ন্ত্ৰণ কৰি ৰাখে৷ তদুপৰি কঠালত থকা ফাইবাৰে হজম প্ৰক্ৰিয়াক ধীৰ কৰে৷ লগতে¸ তেজত শৰ্কৰাৰ স্পাইক প্ৰতিৰোধ কৰাত সহায় কৰে৷

[২] ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়ঃ কঠালত শক্তিশালী এণ্টি অক্সিডেণ্ট থকাৰ বাবে ই বিভিন্ন ৰোগৰ আশংকা কমায়৷ কঠালত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থকা বাবে প্ৰদাহ ৰোধ হোৱাত সহায় হয়৷ তদুপৰি¸ কৰ্কটৰ দৰে জটিল ৰোগ প্ৰতিৰোধ কৰে৷

[৩] ৰোগ সংক্ৰমণৰ আশংকা কমায়ঃ কঠালত ভিটামি ‘এ’ আৰু ‘চি’ থকাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে প্ৰচণ্ড গৰমতো ভাইৰেল জাতীয় ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমে৷

[৪] ছাল সুস্থ ৰাখেঃ যিসকল লোকৰ ছালৰ সমস্যা আছে তেওঁলোকৰ বাবে কঠাল উৎকৃষ্ট ফল৷ ইয়াত থকা ভিটামিন ‘চি’ আৰু অন্যান্য উপাদানসমূহে দেহত পুষ্টি ক্ষমতা বঢ়ায় তথা পৰ্যাপ্ত এণ্টি অক্সিডেণ্টৰ সৰবৰাহ কৰে৷ ফলত ছাল উন্নত হয়৷ একাংশ পুষ্টি বিশেষজ্ঞৰ মতে কঠালে ছালৰ বয়স কমায়৷

[৫] হৃদৰোগ প্ৰতিৰোধ কৰেঃ কঠালত থকা পটাছিয়াম, ফাইবাৰ আৰু এণ্টি অক্সিডেণ্টৰ বাবে হৃদৰোগৰ আশংকা কমে৷

[৬] গৰ্ভৱতীৰ বাবে অতি উপকাৰীঃ চিকিৎসা বিজ্ঞানৰ মতে প্ৰতিদিনে অন্ততঃ দুশ গ্ৰাম কঠাল খালে গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ সন্তানটিৰ সকলো ধৰণৰ পুষ্টিৰ অভাৱ আঁতৰে৷ তদুপৰি কঠাল খালে গৰ্ভস্থ সন্তানটিৰ বৃদ্ধি স্বাভাৱিক হয়৷

এইসমূহ উপকাৰিতাৰ উপৰিও কঠালে কোষ্ঠকাঠিন্য আঁতৰায় আৰু হাড় মজবুত কৰে৷ কঠালত থকা খনিজ উপাদানসমূহৰ বাবে ৰক্তহীনতাৰ সমস্যা  কমে৷ কঠালে হজম শক্তি বঢ়োৱাৰ লগতে দুশ্চিন্তা আঁতৰায়৷