Logo
image

দিল্লীত স্কুলৰ মাচুল কমিছে, অসমত বাঢ়িছে

আমাৰ অসম, আগষ্টঃ কৰ’নাসৃষ্ট পৰিস্থিতিৰ বাবে যি সময়ত দিল্লী উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দিল্লী চৰকাৰে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীক ২০২০-২১ শিক্ষাবৰ্ষত আৰোপ কৰা মাচুল ১৫ শতাংশ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে, সেই সময়ত অসমত ব্যক্তিগত খণ্ডৰ বহু বিদ্যালয়ে বহুগুণে বৃদ্ধি কৰিছে নামভৰ্তিকে ধৰি বিভিন্ন মাচুল৷ ইয়াকে লৈ ৰাজ্যৰ অভিভাৱক, সচেতন লোকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ ৰাজ্যৰ শিক্ষা বিভাগে অসম বেচৰকাৰী শিক্ষানুষ্ঠান [মাচুল নিৰ্ধাৰণ] আইন, ২০১৮ৰ অধীনত চৰকাৰে নিৰ্ধাৰণ কৰা মাচুলতকৈ অধিক মাচুল সংগ্ৰহ কৰি আছে ৰাজ্যৰ প্ৰায় ৯৫ শতাংশ শিক্ষানুষ্ঠানে৷ অৱশ্যে বহু ব্যক্তিগত শিক্ষানুষ্ঠানক মাচুল বৃদ্ধি কৰিবৰ বাবে চৰকাৰেই সংশ্লিষ্ট আইনৰ জৰিয়তে সুযোগ উলিয়াই দিছে৷ এই আইন প্ৰণয়ন হোৱাৰ পূৰ্বে ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে বিভিন্ন কৌশলৰ আশ্ৰয় লৈ মাচুল বৃদ্ধি কৰিছিল যদিও এতিয়া এই আইনৰ সুবিধা লৈ বিশেষ কমিটীৰ পৰা অনুমোদন লৈ মাচুল বৃদ্ধিৰ সিদ্ধান্তক ন্যায্যতা দিছে৷ লক্ষণীয়ভাৱে ৰাজ্যৰ মাত্ৰ ৫ শতাংশ শিক্ষানুষ্ঠানে তেওঁলোকে নিৰ্ধাৰণ কৰা মাচুল সন্দৰ্ভত পুনৰীক্ষণৰ ব্যৱস্থা কৰিছে৷ ৰাজ্যৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে প্ৰাক্‌ প্ৰাথমিক শাখাৰ বাবে শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া বাৰ্ষিক মাচুলতকৈ ১০ হাজাৰ টকাৰ পৰা ৩০ হাজাৰ টকা পৰ্যন্ত বাৰ্ষিক ধন সংগ্ৰহ কৰি আছে৷ প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ নিৰ্ধাৰিত পৰিমাণতকৈ ১৫ হাজাৰৰ পৰা ৭০ হাজাৰ টকা পৰ্যন্ত, পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্যন্ত নিৰ্ধাৰিত নিৰিখতকৈ ১০ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰিছে৷ একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ চৰকাৰে নিৰ্ধাৰণ কৰা বছৰেকীয়া নিৰিখতকৈ ১৫ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰিছে৷ ‘আমাৰ অসম’ৰ হাতত পৰা তথ্য মতে ছেবাৰ অধীনত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তুলনাত চি বি এছ ই আৰু আই চি এছ ইৰ অধীনৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ পৰা বহু বেছি পৰিমানে সংগ্ৰহ কৰা হৈছে৷ ৰাজ্যৰ শিক্ষা বিভাগে বেচৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল নিৰ্ধাৰণ সম্পৰ্কীয় আইন অনুসৰি প্ৰাক্‌ প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত বছৰি মুঠ মাচুল সৰ্বাধিক ২৭ হাজাৰ টকা, ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্যন্ত ৩২ হাজাৰ টকা, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ বাবে ৩৭ হাজাৰ টকা, কলা শাখাৰ বাবে ৩২ হাজাৰ টকা, বাণিজ্য শাখাৰ বাবে ৩৩ হাজাৰ টকা, অন্যান্য শাখাৰ বাবে ৩৫ হাজাৰ টকা নিৰ্ধাৰণ কৰিছে৷ প্ৰাপ্ত তথ্য মতে শিক্ষা বিভাগে গঠন কৰি দিয়া কমিটীৰ অনুমোদন লৈ বৃদ্ধি কৰিছে বিভিন্ন মাচুল৷ ৰাজ্য চৰকাৰে মাচুল নিৰ্ধাৰণ কৰাৰ সময়ত কমিটীৰ অনুমোদন অবিহনে কোনো বিদ্যালয়ে মাচুল বৃদ্ধি কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছিল৷ চি বি এছ ইৰ অধীনত থকা গুৱাহাটীৰ ৰয়েল গ্ল’ৱেল স্কুলৰ প্ৰাক্‌ প্ৰাথমিকৰ মাচুল ১,২৩,৬০০ টকা, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ১,৪১,৬০০ টকা ধাৰ্য কৰা হৈছে৷ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ১,৫৮,৪০০ টকাৰ পৰা ১,৭৬,৪০০ টকা ধাৰ্য কৰিছে৷ একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ১,৯২,০০০ টকাৰ পৰা ২,০৬,৪০০ টকা ধাৰ্য কৰা হৈছে৷ গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলে প্ৰাক্‌ প্ৰাথমিক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ৯৪,৪৫০ টকা নিৰ্ধাৰণ কৰিছে৷ একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ১,০৪,২৫০ টকা নিৰ্ধাৰণ কৰিছে৷ গুৱাহাটীৰ ইণ্টাৰনেশ্বনেল স্কুলৰ প্ৰাক্‌ প্ৰাথমিকৰ মাচুল ৭২,০০০ টকা, ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ৯০,০০০ টকাৰ পৰা ১,০২,০০০ টকা নিৰ্ধাৰণ কৰিছে৷ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ মাচুল ৯০,০০০ৰ পৰা ১,১০,০০০ নিৰ্ধাৰণ কৰিছে৷ গুৱাহাটীৰ শিলপুখুৰীৰ মহৰ্ষি বিদ্যামন্দিৰৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৪২,৩৫০টকাৰ পৰা ৫৬,৭৫০ টকা, ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ ৪৩,৪০০ টকাৰ পৰা ৪৮,৮০০ টকা, একাদশৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৪২,০০০ টকাৰ পৰা ৭২,০০০ টকা ধাৰ্য কৰা হৈছে৷ গুৱাহাটীৰ নাৰায়ণা স্কুলৰ প্ৰাক্‌ প্ৰাথমিকৰ মাচুল ৭৬,৪০০ টকা, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৮০,৪০০ টকা, ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ ৯৭,৯০০-১,০৮,৪০০টকা ধাৰ্য কৰা হৈছে৷ গুৱাহাটীৰ কাজিৰঙা ইংলিছ একাডেমীত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ৬৭,০০০-৬৮,০০০ টকা, একাদশৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৭১,০০০-৭৬,০০০টকা ধাৰ্য কৰিছে৷ মাৰিয়াছ পাব্লিক স্কুলৰ প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ ৬১,৬৮০-৭০,১৩৬ টকা, ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ ৬৩,৭৬০-৬৭,০২০টকা, একাদশৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫৯,১৮০-৬২,১৪০ টকা ধাৰ্য কৰিছে৷ গুৱাহাটীৰ নেশ্বনেল পাব্লিক স্কুলৰ মাচুল ১,২৫,০০০-১,৫৫,০০০ টকালৈ, শ্ৰীমন্ত শংকৰ একাডেমীৰ মাচুল ৭০,৪০০-৯০,৪০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ কেৱল গুৱাহাটী মহানগৰীতেই নহয়, ৰাজ্যৰ আন জিলাসমূহৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অভাৱনীয়ভাৱে বৃদ্ধি কৰা হৈছে মাচুল৷ এনে মাচুলৰ সৈতে কোনো সম্পৰ্ক নাই চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মাচুল গাঁথনিৰ৷ ছেবা বা উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ বিদ্যালয়তকৈ চিবিএছইৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহে মাচুল বৃদ্ধি কৰাৰ ক্ষেত্ৰত বহুগুণে ‘আগবাঢ়ি’ আছে৷