যৌৱনক ধৰি ৰাখিবলৈ এই ৬টা বদ অভ্যাস ত্যাগ কৰক
আমাৰ অসম বিশেষঃ বয়সৰ লগে লগে মানুহৰ মন আৰু শৰীৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰে৷ উৎসাহ-উদ্দীপনা বয়স বাঢ়ি অহাৰ লগে লগে বেছি সংখ্যক লোকৰে হ্ৰাস পায়৷ একেদৰে মানসিক স্বাস্থ্যৰ লগতে শৰীৰ বিভিন্ন ৰোগত স্বাভাৱিকতে আক্ৰান্ত হয়৷ বয়সক বাধা দি ৰাখিবলৈ সহজতে বিশেষ কেইটামান অভ্যাস গঢ়ি তুলিব পাৰি৷ কিছুমান বদ অভ্যাসে শৰীৰ আৰু মনৰ প্ৰচুৰ ক্ষতি কৰে৷ ডেকা বয়সৰ তুলনাত বয়স বাঢ়ি অহাৰ লগে লগে এনে অভ্যাসে সহজতে বাৰ্ধক্য কঢ়িয়াই আনিব পাৰে৷ সেয়ে তলত দিয়া অভ্যাস কেইটা সময় থাকোতে ত্যাগ কৰিলে শৰীৰ সুস্থ সুঠাম হৈ থকাৰ লগতে সৌন্দৰ্যও অটুত থাকে৷–
◾দীৰ্ঘ সময় ধৰি ৰ’দত থকাৰ অভ্যাসঃ বিভিন্ন কাৰণত দীৰ্ঘ সময় ধৰি ৰ’দত থাকি কাম কৰাৰ ফলত শৰীৰৰ যথেষ্ট ক্ষতি হয়৷ ৰ’দত থকা অতি বেঙুনীয়া ৰশ্মি শৰীৰৰ কাৰণে অত্যন্ত ক্ষতিকাৰক৷ এনে অভ্যাস দীঘলীয়া হ’লে অকালতে বাৰ্ধক্য নামি আহিব পাৰে৷
◾অতি গৰম আৰু অতি ঠাণ্ডা তাপমাত্ৰাঃ অতিৰিক্ত উষ্ণতা বা অতি শীতল অৱস্থাত থকাৰ অভ্যাস কৰিলে শৰীৰৰ ক্ষতি হয়৷ যাৰ বাবে চৰ্ম ৰোগত ভোগাৰ উপৰি অন্যান্য ৰোগত আক্ৰান্ত হৈ সহজতে বাৰ্ধক্যৰ ফালে গতি কৰাৰ আশংকা থাকে৷
◾ধুমপান, মদ্যপানঃ যিসকল লোকৰ ধঁপাত জাতীয় দ্ৰব্য সেৱন আৰু মদ্যপান কৰাৰ অভ্যাস আছে তেওঁলোক স্বাস্থ্যৰ প্ৰতি বিশেষ সতৰ্ক হোৱাৰ প্ৰয়োজন৷ বিশেষকৈ ধুমপান আৰু মদ্যপানে শৰীৰৰ বিস্তৰ ক্ষতি কৰে৷ বয়স বৃদ্ধিৰ লগে লগে এনে অভ্যাস একেবাৰে ত্যাগ কৰিব নোৱাৰিলেও পৰ্যায়ক্ৰমে এই অভ্যাস কমাই অনা উচিত৷ দীৰ্ঘজীৱন আৰু এক নিৰোগী স্বাস্থ্যৰ বাবে এনে অভ্যাস ত্যাগ কৰা উচিত৷ যিসকল লোকৰ এনে অভ্যাস আছে তেওঁলোকৰ বাবে বাৰ্ধক্য সহজতে আহে৷
◾অতিৰিক্ত মেকআপঃ নাৰী-পুৰুষ নিৰ্বিশেষে প্ৰত্যেকৰে নিজক ধুনীয়া কৰাৰ প্ৰৱণতা আছে৷ যাৰ বাবে বহু সময়ত বিভিন্ন ৰাসায়নিক প্ৰসাধন হৈ পৰে তেওঁলোকৰ প্ৰয়োজন সামগ্ৰী৷ বাৰ্ধক্য প্ৰতিহত কৰাৰ বাবে অতিৰিক্ত মেকআপ বৰ্জন কৰা উচিত৷ প্ৰসাধনত থকা ৰাসায়নিক পদাৰ্থই বিশেষকৈ চালৰ ক্ষতি কৰে৷ যাৰ বাবে এনে প্ৰসাধন ব্যৱহাৰ কৰা সকলৰ মুখত বয়সৰ চাপ সোনকালে পৰে৷
◾মানসিক চাপঃ মানসিক চাপ বৰ্তমান আধুনিক জীৱন প্ৰণালীৰ সৈতে একাকাৰ হৈ পৰিছে৷ প্ৰতিযোগিতাৰ পৃথিৱীত বৰ্তি থকাৰ বাবে প্ৰতিজনে অহোৰাত্ৰ পৰিশ্ৰম কৰিব লগাত পৰিছে৷ যাৰ ফলত শৰীৰৰ লগতে মানসিক চাপ বহু পৰিমাণে বৃদ্ধি পাইছে৷ মানসিক চাপত ভূগি থকা সকললৈ সহজতে বাৰ্ধক্য আহে৷
বাৰ্ধক্যক বাধা দি উল্লেখিত অভ্যাসকেইটা ত্যাগ কৰিলে সুফল পোৱাৰ সম্ভাৱনাই বেছি৷ এনে অভ্যাস দীঘলীয়া হ’লে শৰীৰ আৰু মন বয়সতকৈ আগতে ভাৰাক্ৰান্ত হয়৷ যাৰ বাবে বাৰ্ধক্যক আগতীয়াকৈ আদৰণি জনোৱাৰ দৰে হয়৷