Logo
image

বাংলাদেশলৈ ভাৰতৰ অক্সিজেন

আমাৰ অসম, ৩ আগষ্টঃ ভাৰতৰ পৰা দেওবাৰে চতুৰ্থ দফাৰ অক্সিজেন আহিল বাংলাদেশলৈ৷ বেনাপোল স্থলবন্দৰ হৈ এইবাৰ ভাৰতে প্ৰেৰণ কৰিলে ২০০ মেট্ৰিক টন তৰল মেডিকেল অক্সিজেন৷ ইয়াৰ পূৰ্বেও ২০০ মেট্ৰিক টনকৈ ভাৰতে ২৪, ২৮ আৰু ৩০ জুলাইত বাংলাদেশলৈ মুঠতে ৬০০ মেট্ৰিক টন অক্সিজেন প্ৰেৰণ কৰিছিল৷ দেওবাৰৰ সৈতে ভাৰতে মুঠতে ৮০০ মেট্ৰিক টন অক্সিজেন প্ৰেৰণ কৰিলে বাংলাদেশলৈ৷ দেওবাৰে পুৱা ৭ বজাত ১০ টা কণ্টেইনাৰত ২০০ মেট্ৰিক টন অক্সিজেনবাহী চতুৰ্থ ৰে’লখন টাটা নগৰৰ পৰা বাংলাদেশলৈ ৰাওনা হয়৷ দুপৰীয়া পেট্ৰাপোল স্থলবন্দৰ হৈ ৰে’লখন বেনাপোলত উপস্থিত হয়৷