লং-জালুক তিয়াই থোৱা পানী খাওক ওজন কমাওক
আমাৰ অসম, ০৪ অক্টোবৰঃ বৰ্তমান জীৱন-যাত্ৰাৰ এটা ডাঙৰ সমস্যা হ’ল ওজন৷ ওজন বৃদ্ধিৰ বাবে মানুহে হতাশাত ভোগে৷ শৰীৰৰ ওজন কম হ’লে বিভিন্ন ৰোগৰ পৰা উপশম পাব পাৰি৷ অতিমাৰী কৰ’না কালত গৃহবন্দী হৈ থকাৰ বাবে বা চলা-ফুৰা কৰিব নোৱাৰাৰ বাবে মানুহৰ ওজন ভাবিব নোৱাৰা ধৰণে বৃদ্ধি হৈছে৷ তাক লৈয়ে সকলোৰে মুখত একেটাই প্ৰশ্ন– ওজন কেনেকৈ কমাব পাৰি?
ওজন কমোৱাৰ ক্ষেত্ৰত ‘মছলাৰ ৰজা’ হিচাপে খ্যাত জালুকৰ গুৰুত্ব অপৰিসীম৷ জালুক ঔষধি গুণবিশিষ্ট, সেয়ে প্ৰসূতিক জালুকীয়া খুওৱা হয়৷ জালুক আৰু লং তিয়াই ৰাখি সেই পানী খালে ওজন বৃদ্ধি আৰু মেদবহুলতাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ পুষ্টিবিদসকলে মতপোষণ কৰিছে যে জালুকত বহু পৰিমাণে পিপেৰেইন থাকে৷ এই পিপেৰেইনে শৰীৰত ফেট জমা হোৱাত বাধা দিয়ে৷ ওজন কমোৱাত লঙৰ ভূমিকা অপৰিসীম৷ লঙে মানুহৰ হজম শক্তি বঢ়ায়৷
কেনেদৰে খাব লং-জালুক তিওৱা পানী?
উপকৰণঃ এক গিলাচ পানী, চাৰিটা জালুক আৰু ২ টা লং৷
- প্ৰথমে লং আৰু জালুক পানীত এৰাতি তিয়াই ৰাখক৷
- পাছদিনা পুৱাই পানীখিনিৰ পৰা লং আৰু জালুক চেকি লৈ আঁতৰ কৰক৷
- পানীত সামান্য নেমুৰ ৰস আৰু নিমখ দিয়ক৷
- বচ, সেই পানী আপুনি পান কৰক৷
শুই উঠিয়ে জালুক-লং তিওৱা পানী পান কৰি দিনটো আৰম্ভ কৰক৷ চাব আপুনি সুফল পাইছে৷ মেদ কমিছে, ওজনো কমিছে৷