Logo
image

পি এম কেয়াৰ্ছক লৈ মৌনতা কিয়

 আয়কৰ আইন, ১৯৬১ৰ শেহতীয়া সংশোধন অনুসৰি টেক্সেশ্বন এণ্ড আদাৰ লজ [ৰিলেক্সেশ্বন এণ্ড এমেণ্ডমেণ্ট অৱ চাৰ্টেইন প্ৰ’ভিজনছ্‌] বিল,২০২০১ অধীনত চৰকাৰে পিএম কেয়াৰছৰ ধনৰাশিক ৮০জি অনুচ্ছেদৰ অধীনস্থ বুলি ১০০ শতাংশ স্বীকৃতি প্ৰদান কৰিছে৷ 

৮০জি অনুচ্ছেদৰ অধীনৰ শিথিলতাই পিএম কেয়াৰছ ফাণ্ডৰ ওপৰত হৈ থকা প্ৰশ্ন আৰু তাৰ বিপৰীতে একাংশৰ মৌনতাক অন্য এক মাত্ৰাত সহায় কৰিলে৷ ইয়াৰ দ্বাৰা এই বাৰ্তাটো দিয়া হ’ল যে, পিএম কেয়াৰছ ফাণ্ডত বৰঙণি আগবঢ়ালে কোম্পানীজ এক্ট ২০১৩ৰ অধীনত এই বৰঙণিক কৰ্পোৰেট গোষ্ঠীয়ে সামাজিক দায়বদ্ধতাৰ [চিএছআৰৃকৰ্পৰেট ছ’চিয়েল ৰেছপনচিবিলিটী] খৰচ কৰা বুলি স্বীকৃতি প্ৰদান কৰা হ’ব৷ ইয়াক এফচিআৰএৰ[ ফ’ৰেইন কণ্ট্ৰিবিউশ্বন ৰেগুলেশ্বন এক্ট] আওতাৰ পৰাও ৰেহাই দিয়া হ’ব, যিয়ে কোনো নীতি-নিয়মৰ বাধ্য-বাধকতা অবিহনে বিদেশৰ যিকোনো উৎসৰ পৰা বৰঙণি ল’ব পাৰিব৷ 

চৰকাৰে মৌলিক প্ৰশ্ন এটাৰ উত্তৰ দিবলৈ বিফল হৈ আছে যে, কিয় এক নতুন জমা শিতানৰ প্ৰয়োজন হ’ল৷ পিএমএনআৰএফ [প্ৰাইম মিনিষ্টাৰছ নেশ্বনেল ৰিলিফ ফাণ্ড] আৰু পিএম কেয়াৰছ ফাণ্ডৰ উদ্দেশ্য একেই আৰু পিএম কেয়াৰছ ফাণ্ডৰ কোনো বিশেষত্বপূৰ্ণ পাৰ্থক্য নাই৷ দৰাচলতে, পিএমএনআৰএফ গঠন হোৱা সময়ৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী আদিকে ধৰি ভিন্ন ৰাজনৈতিক দলৰ ভিন্ন প্ৰধানমন্ত্ৰীয়ে এই জমাৰাশিও ব্যৱহাৰ কৰি আহিছে৷ বিহাৰৰ বানৰ সময়ত, ২০১৭ চনৰ ঘূৰ্ণীবতাহ ‘অখি’ৰ সময়ত, ২০১৯ চনৰ ঘূৰ্ণীবতাহ ‘ফনী’ ইত্যাদিকে ধৰি অইন বহু দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএমএনআৰএফৰ পৰাই সাহায্য ঘোষণা কৰি আহিছে৷ 

পিএমএনআৰএফ ৰাজনৈতিক গোন্ধৰ পৰা আঁতৰত আছিল কিয়নো ইয়াক ভিন্ন ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি হোৱা ভিন্ন প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰি আহিছিল৷ কিন্তু দুৰ্ভাগ্যৰ কথা এইয়ে যে, এক এনে পিএমএনআৰএফ যাক সকলো ৰাজনৈতিক দলৰ পৰা হোৱা প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছিল, কেৱল মাত্ৰ পিএম কেয়াৰছ ফাণ্ডৰ অনিয়ম ঢাকি ৰাখিবলৈ, পিএমএনআৰএফক ৰাজনৈতিক ৰহণ দিবলৈ যত্ন কৰা হ’ল৷ কেন্দ্ৰীয় চৰকাৰে যেতিয়া দুয়োটা জমাৰাশিৰ সাদৃশ্যতা সন্দৰ্ভত উত্তৰ দিবলৈ যায় তেতিয়াই নতুনকৈ পিএম কেয়াৰছ ফাণ্ডৰ কি প্ৰয়োজন হ’ল তাৰ উত্তৰ দিবলৈ অপাৰগ হয়৷ 

চৰকাৰে পিএম কেয়াৰছ ফাণ্ডত ধনৰাশিৰ আগমন আৰু বহিঃগমন সন্দৰ্ভত থকা প্ৰশ্নসমূহৰ উত্তৰ স্পষ্ট কৰা দৰকাৰ - বিশেষকৈ, চীনা কোম্পানী আৰু চীনৰ দ্বাৰা অনুদানপ্ৰাপ্ত ভাৰতীয় কোম্পানীৰ পৰা অহা বৰঙণিৰ ক্ষেত্ৰত৷ ইপিনে চীনা উৎসৰ পৰা বৃহৎ ধনৰাশি বৰঙণি হিচাপে লৈ থাকি আনপিনে কেইটামান চীনা এপ নিষিদ্ধ কৰিয়েই চৰকাৰে চীনৰ সৈতে থকা দ্বিপাক্ষিক সম্পৰ্ক হ্ৰাস কৰা বুলি দাবী কৰিলে নহ’ব৷ বৰঙণিৰ আগমনে চৰকাৰৰ অখণ্ডতাৰ প্ৰতি সন্দেহৰ সৃষ্টি কৰে আৰু সমান্তৰালভাৱে ধনৰাশিৰ বহিঃগমনৰ প্ৰতি লক্ষ্য কৰিলেও ই এক অশনি সংকেত বহন কৰে৷ ৰাজকোটত অগ্নিদ্বগ্ধ হোৱা মানুহক বচাবৰ নিমিত্তে পিএম কেয়াৰছ ফাণ্ডৰ ধনেৰে যি ‘ধমন ভেণ্টিলেটৰ’ ক্ৰয় কৰা হৈছিল, সেই বিষয় সন্দৰ্ভত তথ্যৰ অভাৱেও গোটেই বিষয়টো সন্দেহলৈ ঠেলি দিয়ে৷ 

চৰকাৰে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আওকাণ কৰি বিষয়বস্তুৰ পৰা সাধাৰণ জনগণৰ মনোযোগ বেলেগ পিনে নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে৷ 

নিয়মিতভাৱে অডিট হৈ থকা সত্ত্বেও ৰাজীৱ গান্ধী ফাউণ্ডেশ্বনৰ ওপৰত তেওঁলোকে প্ৰশ্ন কৰে;  কিন্তু বিবেকানন্দ ফাউণ্ডেশ্বন, ইণ্ডিয়া ফাউণ্ডেশ্বন আৰু বিজেপিৰ বিদেশী বন্ধুবোৰ সন্দৰ্ভত তেওঁলোক নিমাত-নিশ্চুপ৷