Logo
image

তালিবানৰ সপ্তৰথীৰে পুনৰ আমেৰিকাৰ আলোচনা মধ্যস্থতাকাৰী কাৰজাই

আমাৰ অসম, ২১ আগষ্টঃ তালিবানে আফগানিস্তান দখল কৰাৰ পাছত দেশখনত নতুন চৰকাৰ গঠনক লৈ বিভিন্ন জল্পনা-কল্পনা অব্যাহত আছে৷ ইয়াৰ মাজতে চৰকাৰ গঠনক লৈ আমেৰিকাৰ সৈতে তালিবানৰ পুনৰ আলোচনা আৰম্ভ হৈছে৷ ইমানদিনে তালিবানক আঁৰৰ পৰা নেতৃত্ব প্ৰদান কৰা ‘সপ্তৰথী’ৰ সৈতে এই আলোচনা চলা বুলি প্ৰকাশ৷ ‘সপ্তৰথী’ৰে হোৱা আমেৰিকাৰ আলোচনাত মধ্যস্থতাকাৰীৰূপে অৱতীৰ্ণ হৈছে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি স্বয়ং হামিদ কাৰজাই৷ অহা ৩১ আগষ্টৰ পূৰ্বে আফগানিস্তানত চৰকাৰ গঠনৰ সম্ভাৱনা অতি ক্ষীণ৷ কিয়নো ৩১ আগষ্টৰ ভিতৰত মাৰ্কিন নাগৰিকসকলক আফগানিস্তানৰ পৰা আঁতৰাই নিয়া হ’ব বুলি ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে৷ ফলত চৰকাৰ গঠনৰ ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত ৩১ আগষ্টৰ পাছতহে হোৱাটো নিশ্চিত৷ আনহাতে নতুন চৰকাৰ গঠন হ’লে ইমানদিনে আঁৰত থাকি তালিবানক নেতৃত্ব দি অহা ‘সপ্তৰথী’য়ে আফগানিস্তান পৰিচালনাৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে৷ ইমান দিনে আঁৰত থাকি তালিবানৰ নেতৃত্ব বহন কৰা এই ‘সপ্তৰথী’ৰ মাজত আছে শীৰ্ষ তালিবান নেতাাহাইবাতুল্লা আখুন্দজাদা, ওছামা বিন লাডেনৰ ঘনিষ্ঠ তথা দোহাত তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰ প্ৰতিষ্ঠাপক আব্দুল গণি বৰাদৰ [এওঁ তালিবানৰ হ’বলগীয়া চৰকাৰখনৰ ৰাষ্ট্ৰপতি পদৰ দাবীদাৰ], তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ পুত্ৰ মহম্মদ ইয়াকুব, শীৰ্ষনেতা হাইবাতুল্লাহ আখুন্দজাদাৰ ঘনিষ্ঠ হিচাপে পৰিচিত তথা তালিবানৰ কাৰ্যালয়ৰ মুৰব্বী আব্দুল হাকিম ইছাকজাই, ইংৰাজী কোৱাত পটু তথা ১৯৯৬ চনত তৎকালীন তালিবান চৰকাৰৰ বিদেশ মন্ত্ৰী শ্বেৰ মহম্মদ আব্বাছ স্তানিকজাই, ৱাজিৰিস্তানৰ হাক্কানি নেটৱৰ্কৰ্ৰ মুৰব্বী ছিৰাজউদ্দিন হাক্কানি আৰু তালিবানৰ সেনা কমিছনৰ উপ-প্ৰধান মোল্লা ইব্ৰাহিম শ্বদৰ৷ উল্লেখ্য যে হামিদ কাৰজাইৰ উপৰিও আমেৰিকাৰ সৈতে হোৱা তালিবানৰ আলোচনাৰ আন এজন মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে আনজ হাক্কানি৷ এইজন তালিবান নেতাৰ উদ্ধৃতি দিয়েই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আমেৰিকা আৰু তালিবানৰ মাজত হোৱা আলোচনাৰ বাতৰি প্ৰকাশ কৰিছে৷ অৱশ্যে আমেৰিকাৰ তৰফৰ পৰা এই বিষয়ে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই৷
ইপিনে তালিবানৰ কথা আৰু কামৰ মাজত যে সামঞ্জস্য নাথাকে সেয়া পুনৰ প্ৰমাণিত হৈছে৷ যোৱা দেওবাৰে আফগানিস্তান দখল কৰাৰ পাছত তালিবানৰ নেতৃত্বই তেওঁলোকৰ বিৰোধিতা কৰাসকলক ক্ষমাদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল৷ তদুপৰি পুৰণি শত্ৰুতা পাহৰি সকলোকে তেওঁলোকৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনাই বিৰোধীক আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল৷ কিন্তু আফগানিস্তান দখলৰ দুদিনৰ পাছতে তেওঁলোকৰ পূৰ্বৰ চৰিত্ৰ পুনৰ ওলাই পৰিছে৷ পূৰ্বতকৈ যেন এইবাৰ অধিক হিংস্ৰ হৈ উঠিছে তালিবানসকল, শেহতীয়া কাৰ্যকলাপত তাৰেই প্ৰতিফলন ঘটিছে৷ ইয়াৰ মাজতে দখলদাৰী তালিবানে উত্তৰ আটলাণ্টিক চুক্তি সংস্থা অৰ্থাৎ নাটো বাহিনী আৰু পূৰ্বৰ চৰকাৰৰ হৈ কাম কৰা লোকসকলৰ ঘৰে ঘৰে গৈ তালাচী আৰম্ভ কৰিছে৷ হাতত দীঘলীয়া তালিকা লৈ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত তালিবানসকলে বিচাৰি ফুৰিছে নাটো বাহিনীৰ হৈ কাম কৰা লোকসকলক৷ লগতে বিচাৰি যোৱা লোকজনক পৰিয়ালে তেওঁলোকক গতাই নিদিলে ভয়ংকৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ মাজতে তালিবানবিৰোধী এজন সাংবাদিকৰ ঘৰলৈ গৈ অস্ত্ৰধাৰী তালিবানীয়ে সাংবাদিকজনৰ পৰিয়ালৰ ওপৰত গুলীচালনা কৰে৷ এই ঘটনাত কাবুলস্থিত জাৰ্মানীৰ সংবাদ প্ৰতিষ্ঠান এটাৰ সাংবাদিকজনৰ পৰিয়ালৰ এজন সদস্যৰ গুলীবিদ্ধ হৈ মৃত্যু ঘটাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়৷ উল্লেখ্য যে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰে পৰা তালিবানৰ হাতত একাধিক সংবাদকৰ্মীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ আনহাতে শেহতীয়াকৈ তালিবান সন্ত্ৰাসবাদীয়ে দেশখনৰ হেৰাট চহৰৰ ওচৰৰ বাদগিজ প্ৰদেশৰ এজন নিৰাপত্তা বিষয়া জেনেৰেল হাজি মোল্লাহ আছাকজীক চকুত ক’লা কাপোৰেৰে বান্ধি দুহাতত হেণ্ডকাফ লগাই মেচিনগানেৰে থকা-সৰকা কৰি হত্যা কৰা এটা ভিডিঅ’ পোহৰলৈ আহিছে৷ এই ঘটনা যোৱা সপ্তাহত সংঘটিত কৰে তালিবানসকলে৷ সংবাদ প্ৰতিষ্ঠান বিবিচিয়ে ভিডিঅ’টোসহ সম্প্ৰচাৰ কৰা বাতৰিটোৰ মতে তালিবানে যোৱা সপ্তাহত তুৰ্কমেনিস্তান অঞ্চল দখল কৰাৰ পাছতে নিৰাপত্তা বিষয়াজনক আটক কৰি নিৰ্মমভাৱে অত্যাচাৰ চলাই গুলীৰে থকা-সৰকা কৰি হত্যা কৰে৷ অকল এয়াই নহয়, দেশখনৰ গজনি প্ৰদেশত হাজাৰা সম্প্ৰদায়ৰ ৯জন লোকক নৃশংসভাৱে হত্যা কৰাৰ আন এক ভিডিঅ’ সম্প্ৰতি পোহৰলৈ আহিছে৷ মানৱ অধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেশ্বনেলে প্ৰকাশ কৰা মতে, যোৱা মাহৰ প্ৰথম সপ্তাহত গজনি প্ৰদেশৰ মালিস্তান জিলাৰ মুন্দৰখত গাঁৱত তালিবানসকলে আক্ৰমণ চলায়৷ এই ঘটনাত অস্ত্ৰধাৰী তালিবানসকলে গাঁওখনৰ ঘৰে ঘৰে গৈ লুটপাত চলোৱাৰ লগতে গাঁওবাসীক শাৰীৰিকভাৱে প্ৰহাৰ কৰে৷ সেইদিনটোত গাঁওখনৰ ৯জন লোকক তালিবানসকলে সম্পূৰ্ণ শীতল মস্তিষ্কৰে ডিঙি চেপি শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ লগতে দেহৰ বিভিন্ন অংগ-প্ৰত্যংগ কাটি পেলায়৷ হত্যা কৰা লোকসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু ছজন পুৰুষ আছিল৷ ইপিনে আফগানিস্তান দখল কৰাৰ পাছতে সংবাদ মেলৰ জৰিয়তে তালিবানৰ প্ৰধান মুখপাত্ৰ জবিউল্লাহ মুজাহিদে তেওঁলোকৰ পূৰ্বৰ ভাবমূৰ্তি সলনি কৰা বুলি বাৰ্তা আগবঢ়াইছিল যদিও সময় যোৱাৰ লগে লগে তালিবানৰ হিংস্ৰ ৰূপ প্ৰকাশ হ’বলৈ ধৰে৷ ঠায়ে ঠায়ে অস্ত্ৰধাৰী তালিবানসকলে নিৰীহ লোকক অত্যাচাৰ কৰা, যাকে-তাকে ভাবুকি দিয়া আৰু তালিবানৰ বিৰোধিতা কৰিলেই গুলীয়াই দিয়াৰ দৰে ঘটনা আৰম্ভ হৈছে৷ এনে ক্ষেত্ৰত দেশখনৰ কেইবাঠাইতো তালিবানৰ বিৰুদ্ধে আফগান নাগৰিকসকলে প্ৰতিবাদ আৰম্ভ কৰিছে৷ কেইবাঠাইতো গুলীৰ সন্মুখীন হ’বলগীয়া হৈছে প্ৰতিবাদকাৰীসকল৷ বৃহস্পতিবাৰে দেশখনৰ আছাদাবাদ চহৰত তালিবানৰ বিৰোধিতা কৰা কেইবাজনো প্ৰতিবাদীক গুলীয়াই হত্যা কৰে অস্ত্ৰধাৰীসকলে৷ আনহাতে আজি আফগানিস্তানত থকা ভাৰতীয় দূতাবাস অস্ত্ৰধাৰী তালিবানসকলে লণ্ডভণ্ড কৰা বুলিও বাতৰি প্ৰকাশ পাইছে৷ এই বাতৰি অনুসৰি আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰায় বন্ধ হৈ পৰা দূতাবাস অস্ত্ৰধাৰী তালিবানে লণ্ডভণ্ড কৰাৰ লগতে বিভিন্ন নথি-পত্ৰ আৰু দুখন বাহনো লৈ যায়৷ আফগানিস্তানৰ কান্দাহাৰ, মাজাৰ-ই-শ্বৰীফ আৰু হেৰাটত থকা দূতাবাসকেইটাত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰচাৰ হোৱা বাতৰিটো অৱশ্যে আফগানিস্তানস্থিত ভাৰতীয় দূতাবাস আৰু কনছুলেট কতৃৰ্পক্ষই অস্বীকাৰ কৰিছে৷ উল্লেখ্য যে আফগানিস্তানত ভাৰতৰ সৰ্বমুঠ চাৰিটা দূতাবাস আছে৷ সম্প্ৰতি এই চাৰিওটা দূতাবাসেই সুৰক্ষিত অৱস্থাত থকা বুলি আফগানিস্তানস্থিত ভাৰতীয় দূতাবাস আৰু কনছুলেট কতৃৰ্পক্ষই দাবী কৰিছে যদিও দিল্লীৰ একাংশ সূত্ৰই এই ক্ষেত্ৰত বিপৰীত ভাষ্য আগবঢ়োৱাত স্বাভাৱিকতেই বিষয়টোক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে৷