Logo
image

ইমানেই কৃপণ! পইচা বচাবৰ বাবেই ২৩ বছৰে কিনা নাই আণ্ডাৰৱেৰ

আমাৰ অসম, ২৪ আগষ্টঃ বিশ্বত বহু মানুহ আছে, যিয়ে ভাবি-চিন্তি টকা-পইচা ব্যয় কৰে৷ ভৱিষতে কামত আহিব পৰাকৈ টকা-পইচা সাঁচি থয়৷ কিন্তু এই বিশ্বতে এনে কিছুমান মানুহ আছে, যি হৈছে আচৰিতধৰণে কৃপণ৷ তেওঁলোকে টকা খৰচ কৰিবলৈ ইমানেই টান পায় যে কাপোৰ ধুবলৈ ব্যৱহাৰ হোৱা চাবোন বা ডিটাৰজেণ্ট পাউডাৰো কিনিবলৈ টান পায়৷ বাথৰূমত ব্যৱহাৰ নকৰে টয়লেট পেপাৰ৷ কিন্তু তাতকৈও এগৰাকী কৃপণ মহিলাৰ কথা পোহৰলৈ আহিছে, যিয়ে বিগত কেইবা বছৰে অতি জৰুৰী বস্তুও ক্ৰয় কৰা নাই৷ আমেৰিকাৰ নিউয়ৰ্কত বাস কৰা কেইট হাছিমটো নামৰ মহিলাগৰাকী ইমানেই কৃপণ যে তেওঁ বিগত কেইবা বছৰে অতি প্ৰয়োজনীয় সামগ্ৰীও ক্ৰয় কৰা নাই৷ মহিলাগৰাকীয়ে এযোৰ কাপোৰেই কেইবা বছৰ পিন্ধে৷ সেই কাপোৰ ধুবলৈ তেওঁ ব্যৱহাৰ নকৰে ডিটাৰজেণ্ট পাউডাৰ৷ পানীত তিয়াই দিয়েই পাল মাৰে৷ যিমান পাৰি সিমান কম খৰচত চলিবলৈ চেষ্টা কৰি অহা এই মহিলাগৰাকীয়ে বিগত ২৩ বছৰে কিনা নাই আণ্ডাৰৱেৰ৷ নিউয়ৰ্কৰ দৰে ঠাইত মাহে মাত্ৰ ১৪,৮০০ হাজাৰ টকাতে চলি আহিছে তেওঁ৷ আনকি তেওঁ আনে ব্যৱহাৰ কৰি পেলাই দিয়া ফাৰ্ণিচাৰহে ঘৰলৈ আনি ব্যৱহাৰ কৰে৷ তেওঁ শুবৰ বাবে বিছনা ব্যৱহাৰ নকৰে৷ যোগাসনৰ বাবে ব্যৱহাৰ হোৱা মেটকে বিছনাৰ দৰে ব্যৱহাৰ কৰে৷