Logo
image

তালিবানৰ গুলীত ৪ জন আত্মীয়ক হেৰুৱালে অভিনেত্ৰী মলিশা হীনা খানে

আমাৰ অসম, ২৬ আগষ্টঃ বৰ্তমান সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আফগানিস্তানৰ ওপৰত৷ তালিবানে আফগানিস্তান দখল কৰাৰ পাছত প্ৰতিদিনে দেশখনৰ পৰা বিভিন্ন দুখলগা খবৰ আহি আছে৷ তেনে সময়তে মুম্বাইত থাকি বলীউডত কাম কৰা পাকিস্তানী মূলৰ আফগান অভিনেত্ৰী মলিশা হীনা খানে প্ৰকাশ কৰিছে যে যোৱা দিনকেইটাত তেওঁৰ পৰিয়াল অতি দুখত আছে৷ কাৰণ তালিবানে তেওঁৰ চাৰিজন আত্মীয়ক হত্যা কৰিলে৷ আত্মীয়ক হেৰুৱাই তেওঁ আৰু পৰিয়ালৰ লোক শোকত ডুবি আছে৷ গতিকে সংবাদ মাধ্যমৰ লোকৰ সৈতে কথা পতাৰ ইচ্ছা তেওঁৰ নাই৷ টুইটাৰত কেইবালানি টুইট কৰি তেওঁ এই দুখৰ কথা প্ৰকাশ কৰে৷ হীনা খানৰ পৰিয়ালৰ পাঁচ-ছজন সদস্য এতিয়াও আফগানিস্তানত আছে৷ ইয়াৰ ভিতৰত তেওঁ সৰু ভায়েক-ভনীয়েকো আছে৷ তেওঁলোকক লৈ চিন্তিত হৈ পৰিছে তেওঁ৷  কেইবা বছৰৰ পৰা মুম্বাইত বাস কৰি আহিছে মলিশা হীনা খানে৷ তালিবানে হত্যা কৰা মলিশাৰ চাৰিজন আত্মীয়ই আফগান চৰকাৰৰ পৰিবহণ বিভাগত কাম কৰিছিল৷ তেওঁ যে ভাৰতত আছে, গতিকে নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছে৷ নহ’লে তেৱোঁ হয়তো তালিবানৰ গুলীত মৃত্যুৰ সাবটি ল’বলগীয়া হ’লহেঁতেন৷