Logo
image

আছিল মন্ত্ৰী, এতিয়া পিজ্জা ডেলিভাৰী বয়

আমাৰ অসম, ২৬ আগষ্টঃ আফগানিস্তানৰ এজন মন্ত্ৰী আৰু ইটালীৰ বিশ্বখ্যাত খাদ্য পিজ্জাৰ সৈতে কি সম্পৰ্ক থাকিব পাৰে৷ খুব বেছি, পাশ্চাত্যৰ ঢঙেৰে পালিত হ’লে পিজ্জা তেওঁৰ প্ৰিয় খাদ্য হ’ব পাৰে৷ কিন্তু নহয়৷ খবৰটো তাতকৈ ডাঙৰ আৰু এই খবৰটোৱে সম্প্ৰতি ছ’চিয়েল মিডিয়া কিম্বা যিকোনো সংবাদ মাধ্যমত তোলপাৰ লগাইছে৷ আফগানিস্তানৰ মন্ত্ৰীজন এতিয়া দেশখনৰ মন্ত্ৰী নহয়, ইতিমধ্যে তেওঁ প্ৰাক্তন মন্ত্ৰীলৈ পৰ্যবসিত হৈছে৷ তেওঁৰ নাম ছৈয়দ আহমেদ শ্বাহ ছাদত৷ পিজ্জাৰ সৈতে ছাদাতৰ এতিয়া নিত্য নৈমিত্তিক সম্পৰ্ক৷ কিয়নো জীৱিকা নিৰ্বাহৰ বাবে এতিয়া ছাদাতে দৈনিক পিজ্জা বিক্ৰী কৰে৷ অথচ এবছৰ আগলৈকে ছাদাত আছিল আছৰফ গনি চৰকাৰৰ যোগাযোগ আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী৷ এতিয়া আফগানিস্তানৰ সেই প্ৰাক্তন মন্ত্ৰীজনে জাৰ্মানীৰ লিপজিগ চহৰত এখন চাইকেলত উঠি পিজ্জা বিক্ৰী কৰে৷ যোৱা ডিচেম্বৰত জাৰ্মানীলৈ যোৱা ছাদাতৰ সঞ্চিত টকা শেষ হৈ যোৱাত জীৱন ধাৰণৰ বাবেই পিজ্জা বিক্ৰী কৰিবলগীয়া হৈছে৷ আচলতে এই কাম তেওঁ নিজেই নিৰ্বাচন কৰি ল’বলগীয়া হৈছে৷ কিয়নো জীৱনটো আগবঢ়াইছে নিবলৈ তেওঁ আন কোনো কাম কৰিবলৈ সুযোগ পোৱা নাই৷ আফগানিস্তান এৰি জাৰ্মানীত যোৱা বছৰৰ পৰা থাকিবলৈ যোৱা ছাদাতে এছিয়াৰ আন আন মন্ত্ৰী বা ৰাজনৈতিক নেতাৰ দৰে বিশাল ধনৰাশি লৈ যাব পৰা নাছিল কিম্বা তেনে মনোবৃত্তি তেওঁৰ নাছিল৷ জাৰ্মানীৰ উন্নত জীৱন-যাপনৰ বাবে দৈনিক খৰচো নিচেই কম নহয়৷ হাতত টকাও নাই, এনে পৰিস্থিতিত ছাদাতে পিজ্জা বিক্ৰী কৰাৰ কামকে নিৰ্বাচন কৰি লবলগীয়া হৈছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে ছাদাত ব্ৰিটেইনৰ বিশ্বখ্যাত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ‘ডাবল মাষ্টাৰ ডিগ্ৰীধাৰী’৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দুটাকৈ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ছাদাত কোনোকালেই ৰাজনীতিবিদ নাছিল৷ জীৱনৰ ২৩ বছৰ তেওঁ টেলিকম বিভাগত চাকৰি কৰিছে৷ কৰ্মসূত্ৰে তেওঁ ছৌডি আৰৱসহ বিশ্বৰ ১৩ খন দেশত থাকি কাম কৰাৰ অভিজ্ঞতা আছে৷ দীৰ্ঘ সময় তেওঁ আফগানিস্তানৰ চৰকাৰৰ সৈতেও কাম কৰিছিল৷ সেইসূত্ৰে হোৱা সুসম্পৰ্কৰ বাবেই তেওঁক আছৰফ গনি চৰকাৰত মন্ত্ৰী হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনায় আৰু ২০১৮ চনত তেওঁ মন্ত্ৰীসভাত যোগদান কৰে৷ প্ৰায় দুবছৰ মন্ত্ৰী হিচাপে দক্ষতাৰে কাম কৰাৰ পাছত তেওঁৰ সৈতে চৰকাৰৰ মনোমালিন্য হয় আৰু মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি জাৰ্মানীলৈ স্থায়ীভাৱে আঁতৰি যায়৷ তালিবানে আফগানিস্তান দখল কৰাৰ পাছত ছাদাতৰ পিজ্জা বিক্ৰী কৰাৰ খবৰ ‘ব্ৰেক’ কৰে স্কাই নিউজে৷ ইয়াৰ পাছতে সংবাদ মহলত আলোড়নৰ সৃষ্টি হয়৷ স্কাই নিউজৰ সৈতে হোৱা সাক্ষাতকাৰত ছাদাতে আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী হোৱাৰ উপৰি অনেক বহুজাতিক সংস্থাৰ শীৰ্ষ পদত চাকৰি কৰাৰ বিষয়ে উল্লেখ কৰে৷ ছাদাতে কয় তেওঁৰ জীৱনযাত্ৰা এছিয়া আৰু আৰবৰ আন ৰাজনীতিকৰ সৈতে মিলাব নোৱাৰি৷ ছাদাতে গনি চৰকাৰৰ এনে দ্ৰুতপতন আশা কৰা নাছিল বুলি কয় আৰু তালিবান সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে৷