Logo
image

নৰসংহাৰ, ১৩ মাৰ্কিন সেনাসহ শতাধিক নিহত, কাবুল এতিয়া নৰক

আমাৰ অসম, ২৮ আগষ্টঃ বিস্ফোৰণত দগ্ধ নৰমাংসৰ গোন্ধ উপেক্ষা কৰি আৰু তালিবানমুক্ত এখন দেশত বসবাস কৰাৰ আশা বুকুত বান্ধি শুকুৰবাৰে পুৱাৰে পৰা পুনৰ কাবুলৰ হামিদ কাৰজাই বিমানবন্দৰৰ চৌপাশত আফগান নাগৰিকে অভাৱনীয় ভিৰ কৰিছে৷ আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে ৩১ আগষ্টৰ লগে লগে উদ্ধাৰ কাৰ্যৰ সামৰণি মাৰিব বুলি ঘোষণা কৰাত আফগানিস্তান এৰি ভিন দেশলৈ পলায়ন কৰিবলৈ লোৱা বৃহৎ সংখ্যক আফগান নাগৰিকে এতিয়া পাকিস্তানৰ স্পিন বল্ডাক সীমান্তত ভিৰ কৰিছে৷ কিয়নো বৃহস্পতিবাৰে সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ ফলত ১২ জন আমেৰিকাৰ মেৰিন কমাণ্ডো আৰু এজন আমেৰিকাৰ নেভিৰ স্বাস্থ্যকৰ্মী, দুজন ব্ৰিটিছ আৰু এটি ব্ৰিটিছ শিশুকে ধৰি মুঠতে ১৭০ জনৰ বিমানবন্দৰৰ সমীপত মৃত্যু হোৱাৰ পাছত কানাডা, নেডাৰলেণ্ড্‌ছ, ডেনমাৰ্ক, ফ্ৰান্স, নৰৱেকে ধৰি অধিকাংশ পশ্চিমীয়া দেশে উদ্ধাৰ কাৰ্যৰ সামৰণি মাৰিছে৷ বিমানবন্দৰৰ ভিতৰত সোমাই থকা ১,১০০ ব্ৰিটিছ আৰু আফগান নাগৰিকক উদ্ধাৰ কৰাৰ পাছতে ব্ৰিটেইনেও যিকোনো সময়তে উদ্ধাৰ কাৰ্যৰ সামৰণি মাৰিব বুলি ঘোষণা কৰিছে৷ ৩১ আগষ্টৰ ভিতৰত আমেৰিকাৰ লগতে জাৰ্মানীয়েও উদ্ধাৰ কাৰ্যৰ সমাপ্তি ঘটালে কাবুলৰ বিমানবন্দৰৰ অধিকাৰ তালিবানৰ হাতলৈ যাব৷ তেতিয়া কেতিয়ালৈ কাবুলৰ বিমানবন্দৰত অসামৰিক বিমানে অৱতৰণ কৰিব পাৰিব আৰু তাৰ পৰা কি উপায়েৰে আফগান নাগৰিক বিদেশলৈ পলাই যাব তাৰ কোনো নিশ্চয়তা নাই৷ বাকী থকা পাঁচটা দিনত কাবুল বিমানবন্দৰেদি দেশৰ বাহিৰলৈ পলাই যাবলৈ আশাপালি থকা ৪০-৫০ হাজাৰৰো অধিক লোকৰ উপৰি এতিয়া পাকিস্তানৰ স্পিন বল্ডাক সীমান্তৰে দেশ এৰি পলাই যাবলৈ গোট খাইছে সমসংখ্যক লোক৷ কিয়নো বিমানবন্দৰৰ চৌপাশৰ ওখ প্ৰাচীৰ পাৰ হ’ব পাৰিলেই কোনোমতে প্ৰাণ বচাই বিদেশলৈ পলাব পাৰিব যোৱা ২০ বছৰে আমেৰিকা আৰু দখলদাৰী পশ্চিমীয়া দেশক বিভিন্ন দিশত সহায় কৰি থকা আফগান নাগৰিক৷ বিমানবন্দৰৰ চৌহদৰ ওখ প্ৰাচীৰ, কাষত থকা পানীভৰ্তি নলা আৰু কাঁটা তাঁৰৰ ওপৰেৰে পাৰ হ’বলৈ সেয়ে আজিও হাজাৰ হাজাৰ আফগান নাগৰিকে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ তেওঁলোকৰ ভৰিৰ তলত পিষ্ট হৈছে বৃহস্পতিবাৰে বিস্ফোৰণত নিহত অসংখ্য লোকৰ শৰীৰৰ মাংসপিণ্ড৷ তেনে এক নৰক সদৃশ পৰিস্থিতিৰ মুখামুখি হৈও বিমানবন্দৰৰ সন্মুখত শুকুৰবাৰে পুৱাৰ পৰা ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে৷ তেওঁলোকৰ মাজত কোনোমতে বিমানবন্দৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা কেইবাহাজাৰ বিদেশী নাগৰিকো আছে৷ ব্ৰিটেইনে ইতিমধ্যে ঘোষণা কৰিছে যে, আফগানিস্তানত তেওঁলোকে কেইবাহাজাৰো ব্ৰিটিছ আৰু বিগত কুৰি বছৰে তেওঁলোকক সহায় কৰি থকা আফগান নাগৰিকক এৰি থৈ যাবলগীয়া হ’ব৷ অৱশ্যে বৃহস্পতিবাৰে বিস্ফোৰণৰ পাছতো ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে প্ৰত্যেককে উদ্ধাৰ কৰালৈকে তেওঁলোকৰ উদ্ধাৰ কাৰ্য অব্যাহত থাকিব বুলি মন্তব্য কৰিছিল৷ ইপিনে আমেৰিকায়ো ৩১আগষ্টৰ পূৰ্বেই উদ্ধাৰ কাৰ্যৰ সামৰণি মৰাৰ ইংগিত দিছে৷ ইতিমধ্যে আমেৰিকাই এক লাখ পাঁচ হাজাৰ লোকক আফগানিস্তানৰ পৰা উদ্ধাৰ কৰা বুলি হোৱাইট হাউচে এক বিবৃতিত প্ৰকাশ কৰিছে৷

যোৱা ২০ বছৰীয়া যুদ্ধখনত আমেৰিকাক সহায় কৰা প্ৰত্যেকখন ৰাষ্ট্ৰ আৰু সমগ্ৰ বিশ্বই এতিয়া আফগানিস্তানৰ ক্ষেত্ৰত আমেৰিকাই কি পদক্ষেপ লয় তালৈ অপেক্ষা কৰি আছে৷ বৃহস্পতিবাৰে আইছিছ-কে উগ্ৰপন্থী গোটটোৱে আমেৰিকাৰ বাৰজন মেৰিন কমাণ্ডোকে ধৰি তেৰজন সেনাক হত্যা কৰাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি জো বাইডেনে বিস্ফোৰণৰ বাবে জগৰীয়া দলটোক বিচাৰি প্ৰতিশোধ ল’ব বুলি হুংকাৰ দিছে৷ বিস্ফোৰণৰ পিছত কালি হোৱাইট হাউচত দেশবাসীক উদ্দে্যশি ভাষণ দিয়াৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ মুখামুখি হওতে কান্দি পেলাইছিল আমেৰিকাৰ ৰাষ্ট˜পতিজনে৷ আফগানিস্তানৰ তালিবানৰ সন্মুখত আমেৰিকাৰ দৰে মহাপৰাক্ৰমী ৰাষ্ট˜ৰ মুৰব্বীও যে অসহায় সেয়া বাইডেনৰ ভাবভংগীত প্ৰকাশ পাইছিল৷ তেওঁৰ পূৰ্বসুৰীয়ে দি থোৱা প্ৰতিশ্ৰুতি অনুসৰিয়েই দেশৰ সেনাবাহিনীক আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য বুলি মন্তব্য কৰি বাইডেনে কৈছিল যে, আমেৰিকাৰ তেৰজনকৈ দক্ষ যোদ্ধাৰ মৃত্যুত তেওঁ ব্যথিত আৰু সাম্প্ৰতিক ঘটনাৱলীৰ দায়িত্ব তেওঁ স্বীকাৰ কৰিবলৈ ৰাষ্ট্ৰপতি হিচাপে বাধ্য৷ জো বাইডেনৰ শেহতীয়া স্থিতিক সমগ্ৰ বিশ্বই দুৰ্বল স্থিতি বুলিয়েই মন্তব্য কৰিছে৷ আনকি প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে পুৱাই এক বিবৃতিৰ জৰিয়তে কৈছে যে, তেওঁ ৰাষ্ট্ৰপতি হৈ থকা হ’লে এনে পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন আৰু আমেৰিকাৰ সেনায়ো প্ৰাণ হেৰুৱাবলগীয়া নহ’লহেঁতেন৷ কোৱা বাহুল্য মাথোঁ, তালিবানৰ সৈতে ৩১ আগষ্টৰ ভিতৰত আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰিব বুলি ড’নাল্ড ট্ৰাম্পেই চুক্তি কৰিছিল৷ এতিয়া পৰিস্থিতি বেগতিক দেখি তেওঁ বাইডেনক আক্ৰমণ কৰিছে৷ বাইডেনে আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰাৰ সময়ত সৃষ্টি হোৱা উদ্ধাৰ কাৰ্য ইতিহাসৰ ভিতৰত সবাতোকৈ জটিল বুলি মন্তব্য কৰিছে৷ পৰিস্থিতি যিয়েই নহওক, এতিয়া সমগ্ৰ বিশ্বই আমেৰিকাৰ মুখলৈকে চাই আছে৷ মূলতঃ আমেৰিকাই কালিৰ বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত কি সামৰিক পদক্ষেপ লয় সেই লৈ সকলোৱেই কৌতূহলী হৈ পৰিছে৷ উল্লেখ্য, বৃহস্পতিবাৰৰ দৰেই বিমানবন্দৰৰ সমীপত অধিক সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা কৰিছে আমেৰিকাই৷

ইপিনে, কাবুলত এখন দায়িত্বশীল চৰকাৰ গঢ়াৰ প্ৰতিশ্ৰুতি দি শুকুৰবাৰে তালিবান নেতৃত্বই ভাৰতসহ বিশ্বৰ সকলো দেশৰ পৰা সহযোগিতা বিচাৰিছে৷ তালিবানৰ মুখপাত্ৰ জবিবুল্লাহ মুজাহিদে এখন সংবাদমেল সম্বোধন কৰি বিশ্ববাসীক এই অনুৰোধ জনাইছে আৰু তালিবানৰ চৰকাৰখন যে পাকিস্তান-পন্থী হ’ব সেই কথা মুকলিকৈ প্ৰকাশ কৰিছে৷ তেওঁ কয় যে, পাকিস্তান তালিবানৰ দ্বিতীয় ঘৰ৷ পাকিস্তানেই তালিবানক জন্ম দিছিল৷ সেয়ে পাকিস্তানৰ বিষয়টো সকলো সময়তে আন ৰাষ্ট˜তকৈ পৃথক৷ সেয়ে আফগানিস্তানত নতুন তালিবান চৰকাৰ গঠন হোৱাৰ পাছত দেশখনত পাকিস্তান বিৰোধী কোনো কাৰ্যকলাপ হ’বলৈ নিদিয়ে বুলি মন্তব্য কৰি মুজাহিদে কয় যে, তালিবান চৰকাৰৰ সৈতে পাকিস্তানৰ সম্পৰ্ক হ’ব অভিন্ন৷