Logo
image

সমকামী যুৱককো তালিবানৰ যৌন উৎপীড়ন

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ তালিবানে আফগানিস্তান দখল কৰাৰ পাছতে দেশৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে৷ বিশেষকৈ মহিলাসকলে ভয়ত দিন কটাবলগীয়া হৈছে৷ কিন্তু এই সময়তে আহিছে আন এটা ভয়ংকৰ খবৰ৷ আফগানিস্তানৰ সমলিংগী সম্প্ৰদায়ৰ [এল জি বি টি কিউ] লোকসকলে তালিবানৰ ত্ৰাসৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ডেইলী মেইলত প্ৰকাশিত বাতৰি অনুসৰি তালিবানে সমকামী যুৱক-পুৰষৰ ওপৰতো আৰম্ভ কৰিছে অত্যাচাৰ৷ কেইজনমান তালিবানীয়ে এজন সমকামী যুৱকক বেয়াকৈ যৌন উৎপীড়ন চলাই মাৰধৰ কৰে৷ আনকি যুৱকজনৰ পৰা পিতৃৰ ফোন নম্বৰ লৈ ফোন কৰে আৰু সমকামী পুত্ৰক চম্ভালিবলৈ সকীয়াই দিয়ে৷ এই ঘটনা ৰাজধানী কবুলৰ৷ বৰ্তমান আফগানিস্তানৰ বহু সমকামী লোকে তেওঁলোকৰ পৰিচয় লুকুৱাবলৈ বাধ্য হৈছে৷ কাৰণ তালিবানে সমলিংগী লোকৰ অধিকাৰৰ হকে মাত মাতি অহা লোককো হত্যা কৰিছে৷ কিন্তু কাবুলৰ সমকামী যুৱকজনক বেয়াকৈ যৌন উৎপীড়ন চলাই তালিবানীয়ে নিজৰ মনসিকতা উদঙাই দিয়ে৷ প্ৰকাশিত বাতৰি অনুসৰি কবুলৰ সমকামী যুৱকজনে তালিবানৰ পৰা ৰক্ষা পাবলৈ লুকাই অছিল৷ কিন্তু দুজন তালিবানীয়ে তেওঁৰ সৈতে ঘনিষ্ঠ বন্ধু হোৱাৰ নাটক কৰি বন্দী কৰিছিল৷