Logo
image

২৬ দিনৰ মূৰত জামিনত মুক্তি পালে বাংলাদেশী অভিনেত্ৰী পৰীমণিয়ে

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ ড্ৰাগ্‌ গোচৰত গ্ৰেপ্তাৰ হোৱা বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী পৰীমণিক ২৬ দিনৰ মূৰত জামিনত মুক্তি দিয়া হয়৷ বুধবাৰে তেওঁ কাৰাগাৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয়৷ বাংলাদেশ আৰক্ষীৰ আগশাৰীৰ অপৰাধ নিবাৰক শাখা ‘ৰেপিড একশ্বন বেটেলিয়ন’ৰ [আৰ এ বি] দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল যোৱা মাহত৷ ঢাকা মেট্ৰ’পলিটান ছেছন আদালতে ৩১ আগষ্টত পৰীমণিৰ জামিন আৱেদনত মঞ্জুৰী দিয়ে৷ তেওঁক ৫০,০০০ টাকাৰ জমাবন্দী দিবলৈ নিৰ্দেশ দিয়া হয়৷ বাংলাদেশৰ অভিনয় জগততো ড্ৰাগ্‌ছৰ প্ৰচলন দ্ৰুতগতিত বৃদ্ধি পোৱাত ৰেপিড একশ্বন বেটেলিয়নে ৪ আগষ্টত তেওঁক ঢাকাস্থিত ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল৷ জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই অহা পৰীমণিক অনুৰাগীয়ে বিপুল আদৰণি জনায়৷ পৰীয়েও হাঁহি মুখেৰে কাৰাগাৰৰ পৰা ওলাই আহে আৰু গাড়ীৰ পৰাই থিয় হৈ অনুৰাগীৰ অভিবাদন গ্ৰহণ কৰি ছেলুট দিয়ে৷ উল্লেখ্য, পৰীমণিৰ ঘৰত তালাচী চলোৱাৰ সময়ত ৰেপিড একশ্বন বেটেলিয়নে ড্ৰাগ্‌ছ আৰু সুৰাৰ বটল জব্দ কৰিছিল৷