Logo
image

আফগানিস্তানত মৃত্যু হ’ল ৬,৩০৭জন মাৰ্কিন নাগৰিকৰ

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ ২০ বছৰ আফগানিস্তানত চলোৱা অভিযান সামৰি ৩০ আগষ্টৰ মাজনিশা আমেৰিকাৰ সেনাই চিৰদিনৰ বাবে স্বদেশলৈ ঘূৰি যায়৷ এই বিছ বছৰত আমেৰিকাই আফগানিস্তানত চলোৱা অভিযানত ১ ট্ৰিলিয়নৰো অধিক ধন ব্যয় কৰে৷ ২০০১ চনত আল-কায়দা আৰু তালিবানৰ বিৰুদ্ধে অভিযান চলোৱা আমেৰিকাই বিছ বছৰে যথেষ্ট পৰিৱৰ্তন আনিছিল আফগানিস্তানত৷ আফগান জনতাৰ জীৱন-শৈলীলৈ পৰিৱৰ্তন আহিছিল, শাসন পদ্ধতিলৈ পৰিৱৰ্তন আহিছিল, ৰাস্তা-পদূলি উন্নত হৈছিল, শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন আহিছিল৷ আন্তঃগাঁথনিৰ উন্নতি হৈছিল৷ কিন্তু ২০ বছৰৰ অন্তত আমেৰিকাই আফগানিস্তানৰ পৰা আঁতৰি যাবলগীয়া হয়৷ তালিবানৰ সৈতে হোৱা চুক্তিৰ ভিত্তিত আমেৰিকা আৰু সহযোগী দেশে সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত লয়৷ ফলত পুনৰ তালিবান ঘূৰি আহে আফগানিস্তানৰ শাসনলৈ৷ তালিবানৰ আক্ৰমণত ৰাঙলী হয় আফগানিস্তান৷ লাখ লাখ লোকে পলায়ন কৰে বিদেশলৈ৷ আমেৰিকা আৰু ইউৰোপৰ দ্বাৰা সমৰ্থিত চৰকাৰৰ পতন হয়৷ ৰাষ্ট্ৰপতি আশ্ৰফ গনি পলাই যায় বিদেশলৈ৷ গতিকে এনে ভয়ংকৰ পৰিস্থিতিৰ বাবে সকলোৱে আমেৰিকাকে জগৰীয়া কৰে৷ বিগত ২০ বছৰত আমেৰিকাই চলোৱা অভিযানত কি কি হ’ল, এই বিষয়ে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছে পৰিসংখ্যা৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ কেনেডী স্কুল এণ্ড ব্ৰাউন ইউনিভাৰ্ছিটীয়ে প্ৰকাশ কৰা ‘যুদ্ধৰ পৰিণাম’ শীৰ্ষক তথ্য অনুসৰি বিগত ২০ বছৰত আমেৰিকাৰ ৬,৩০৭জনে প্ৰাণ হেৰুৱায় আফগানিস্তানত৷ ইয়াৰে ২,৪৬১জন হৈছে মাৰ্কিন সেনা৷ ৩,৮৪৬জন হৈছে আমেৰিকাৰ ঠিকাদাৰ৷ ২০ বছৰে নিহত হোৱা তালিবানৰ সংখ্যা হৈছে ৫১,১৯১জন৷ নাটো আৰু সহাযোগী দেশৰ ১,১৪৪জন সেনায়ো প্ৰাণ হেৰুৱায়৷ তদুপৰি বিভিন্ন সাহায্য সংস্থাৰ ৪৪৪জন লোকৰো মৃত্যু হয়৷ এই ২০ বছৰত আফগানিস্তানৰ ৪২,২৪৫জন সাধাৰণ লোক আৰু ৭২জন সাংবাদিকেও প্ৰাণ হেৰুৱায়৷ আমেৰিকাৰ সহযোগী আফগানী সেনা আৰু আৰক্ষীৰ ৬৬ হাজাৰ সদস্যয়ো মৃত্যুক সাবটি লয়৷