Logo
image

ক’ভিড-১৯ৰ পাছত যি মহামাৰীয়ে অপেক্ষা কৰি আছে পৃথিৱীবাসীলৈ

... কেইটামান মাহ পাছতেই বিভিন্ন দেশত লাহে লাহে লকডাউন উঠাই দিয়া হৈছে আৰু লকডাউনৰ শেষত ‘নতুন সুস্থিৰ’ জীৱন কটাবলৈ ঘৰৰ পৰা বাহিৰ ওলাবলৈ আৰম্ভ কৰিছে মানুহ৷ য’ত নিত্য প্ৰয়োজনীয় উপকৰণৰ অন্যতম অংশ হৈ উঠিছে পাৰ্ছনেল প্ৰটেক্টিভ ইকুইপমেণ্ট [পিপিই]৷ বডী ছ্যুট, ফেচ শ্বিল্ডৰ ব্যৱহাৰ তুলনামূলকভাবে কম হ’লেও  মাস্ক আৰু হেণ্ড গ্লাভ্‌ছ এতিয়া আমাৰ প্ৰতিদিনৰ সংগী৷ নিৰাপত্তা, নিৰ্ভৰতা বিচাৰি নিয়মিত ৰুটিনত জীৱন কটোৱাৰ চেষ্টা কৰিছে সকলোৱে৷ কিন্তু সম্প্ৰতি ফ্ৰান্সত প্ৰকাশিত এক চাঞ্চল্যকৰ তথ্যই যেন আকৌ দেখুৱাইছে অশনি সংকেত৷ কৰ’না ভাইৰাছৰ পৰা হোৱা মহামাৰীৰ ফলত প্ৰদূষণে এইবাৰ এক ভয়ংকৰ নতুন মাত্ৰা অতিক্ৰম কৰিব বিচাৰিছে৷ ফৰাচী পাৰিৱেশিক সংস্থা ‘অপাৰেচন মেয়ো প্ৰোপে’ নিয়মিত নিকটৱৰ্তী সমুদ্ৰ এলেকাত প্লাষ্টিকসহ ক্ষতিকাৰক আৱৰ্জনা পৰিষ্কাৰ অভিযান চলাইছে ...

চলিত বৰ্ষৰ ষোল্ল মাৰ্চত ফিলিপাইনছৰ ডাভাও উপসাগৰৰ পাৰত অস্বাভাৱিকভাৱে এটা তিমি মাছে চট্‌ফটাই থকা দেখিবলৈ পোৱা গৈছিল৷ একেৰাহে তেজ-বমি কৰি থকা মাছটো জীৱিত অৱস্থাত থাকিবনে নাই সন্দেহ আছিল৷ স্থানীয় এক মেৰাইন সংস্থাৰ পৰা এই খবৰ পাই ততাতৈয়াকৈ মাছটোৰ ওচৰলৈ গৈছিল সামুদ্ৰিক স্তন্যপায়ী প্ৰাণী বিশেষজ্ঞ ডাৰেল ব্লাচলি আৰু নেচাৰেল হিষ্টৰী মিউজিয়ামৰ এজন কিউৰেটৰ৷ মাছটোক ডাভাও চিটীৰ পৰীক্ষাগাৰলৈ আনি নেক্ৰ’স্কপী কৰোৱাত ভয়ংকৰ এক বাস্তৱৰ মুখামুখি হ’ল তেওঁলোক৷

ইতিমধ্যে প্ৰাণ হেৰুওৱা বিশাল তিমি মাছটোৰ পেটত পোৱা গৈছিল প্ৰায় ৮৮ পাউণ্ড  বৰ্জ্য প্লাষ্টিক, যাৰ অধিকাংশই আছিল অবিশ্বাস্যধৰণৰ৷ ডাৰেল ব্লাচলিৰ মতে প্লাষ্টিকৰ কাৰণে মাছটোৰ পেটটো ফাটি যোৱাৰ দৰে অৱস্থা হৈছিল৷ তেওঁ কৈছিল– আমি যেতিয়া প্ৰথম প্লাষ্টিক বেগটো টানি উলিয়াইছিলোঁ, তেতিয়াও বুজিব পৰা নাছিলোঁ ভিতৰত আৰু কি কি বস্তুৱে অপেক্ষা কৰি আছে৷ একেধৰণৰ ষোল্লটা চাউলৰ বস্তাৰ লগতে বিভিন্ন প্লাষ্টিকৰ বেগ, সৰু-সুৰা পেকেট, ডাঙৰ একমুঠা নাইলনৰ ৰছীও আছিল৷

এনে অৱস্থাত এটা প্ৰাণীৰ পক্ষে জীয়াই থকাটো সম্ভৱনে?

মাছটোৰ পেটত এই প্লাষ্টিকবিলাকে এনেদৰে কুণ্ডলী পকাই আছিল যে অনুভৱ হৈছিল বিশাল কোনো এটা বাস্কেটবল৷ বস্তুবোৰ বাহিৰলৈ উলিয়াই আনিবলৈ কষ্ট হৈছিল৷

২০১৫ চনত ক’ষ্টাৰিকাৰ গুৱেনা উপকূলত কাম কৰাৰ সময়ত এদল মেৰাইন বায়’লজিষ্টৰ চকু পৰে এটা সামুদ্ৰিক কাছৰ ওপৰত৷ সমুদ্ৰৰ তীৰত বিষত চট্‌ফটাই থকা কাছটোক ভালদৰে নিৰীক্ষণ কৰোঁতে দেখা গ’ল যে তাৰ নাকৰ ফুটাত কিবা এটা আবদ্ধ হৈ আছে৷ আপাতদৃষ্টিত শ্বাসকষ্টৰ বাবেই কাছটোৱে কষ্ট পাই আছে বুলি সকলোৱে ভাবিলে৷

মেৰাইন বায়’লজিষ্টৰ দলটোৱে সৰু-সুৰা কিবা বস্তু বুলি ভাবি কাছটোৰ নাকৰ ফুটাত আবদ্ধ হৈ থকা বস্তুবিধ টানি টানি বাহিৰলৈ আনিবলৈ আৰম্ভ কৰিলে৷ কিন্তু তেওঁলোকক আচৰিত কৰি কেইটামান মিনিটৰ যুদ্ধৰ শেষত নাকৰ পৰা ওলাই আহিল বিশাল আকাৰৰ প্লাষ্টিকৰ টুকুৰা৷ ইফালে বিষত অসহায় হৈ পৰা কাছটোৰ নাকৰ পৰা হৰহৰাই তেজ ওলাই আহিছিল৷

প্লাষ্টিকৰ ভয়াৱহ উপদ্ৰৱত বন্দী হৈ থকা সামুদ্ৰিক জগতৰ এই সামান্য উদাহৰণ দুটাৰ দৰে পৃথিৱীবাসীৰ বাবে অপেক্ষা কৰি আছে এটা ডাঙৰ দুঃসংবাদে৷

বিবিচিত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পৃথিৱীত বৰ্তমান প্ৰায় ৮.৭ নিযুত প্ৰজাতি আছে, যাৰ ভিতৰত এতিয়ালৈকে বিজ্ঞানীসকলে বিচাৰি পোৱা প্ৰজাতিৰ সংখ্যা মাত্ৰ ১.২ নিযুত৷ গৱেষকসকলে দিয়া তথ্য অনুযায়ী, মানৱ জাতিৰ নিষ্ঠুৰ স্বেচ্ছাচাৰিতাৰ বাবে এই সকলো প্ৰজাতিৰ অধিকাংশই নথিভুক্ত হোৱাৰ আগেয়েই পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱাৰ অৱস্থা আহি পৰিছে৷

বৈচিত্ৰ্য্যময় সামুদ্ৰিক জীৱনক লৈ প্ৰতিনিয়ত হৈ থকা অসংখ্য গৱেষণাৰ অধিকাংশই এতিয়াও সমুদ্ৰৰ উপৰিভাগজুৰি সীমাবদ্ধ৷ সমুদ্ৰ অঞ্চলৰ খুব বেছি গভীৰলৈ যোৱাৰ সৌভাগ্য নোহোৱাৰ বাবেই প্ৰকৃতিৰ বুকত জীয়াই থকা প্ৰাণৰ স্পন্দনৰ প্ৰায় সিংহভাগেই ৰৈ গৈছে আমাৰ দৃষ্টিৰ অগোচৰে৷ কিন্তু দৃষ্টিৰ অগোচৰত থাকিলেও এই সিংহভাগ প্ৰাণীক বিপদৰ মুখলৈ ঠেলি দিয়াত আমি চেষ্টাৰ কোনো ক্ৰু¸টি কৰা নাই৷

২০২০ চনত পৃথিৱী নামৰ গ্ৰহটোৰ ওপৰলৈ নামি অহা সকলোতকৈ ডাঙৰ আঘাতটোৰ নাম হ’ল ক’ভিড-১৯৷

মহানগৰ, দেশ, নগৰ, গাঁও সকলোতে মাহৰ পাছত মাহ ধৰি লকডাউনত বন্ধ হৈ আছে কল-কাৰখানাৰ পৰা আৰম্ভ কৰি শিক্ষা প্ৰতিষ্ঠানসমূহ৷

মাহৰ পাছত মাহ লকডাউনত থাকি আৰ্থিক সংকটৰ মুখামুখি হৈ এতিয়া বাধ্য হৈয়ে জীৱিকাৰ টানত ঘৰৰ পৰা ওলাবলৈ লৈছে মানুহে৷ সামাজিক দূৰত্ব বজাই ৰাখি স্বাস্থ্যৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰাৰ চেষ্টাত নানা সুৰক্ষা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ লৈছে মানুহে৷

সচেতন নাগৰিকৰ মাজত মাস্ক, হেণ্ড গ্লাভ্‌ছ, ফেচশ্বিল্ড, ব’ডী বেগ, ছ্যুটসহ বিভিন্ন পাৰ্ছনেল প্ৰটেক্টিভ ইকুইপমেণ্টৰ [পিপিই] ব্যৱহাৰৰ হাৰ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে৷ বৈশ্বিক মহামাৰীৰ আঘাতত মানৱ জাতি যেতিয়া ভাবুকিৰ সমুখীন হৈছে, তেতিয়া ৰোগ প্ৰতিৰোধৰ বাবে লোৱা এনে সচেতনতা অৱশ্যেই এটা ভাল দিশ৷ কিন্তু, দিনটোৰ শেষত আমাৰ সামান্য অৱহেলাই যদি এই গ্ৰহৰ অন্যান্য প্ৰাণীৰ বাবে আন এক মহামাৰীৰ কাৰণ হৈ পৰে, তেতিয়া দায়ী কোন হ’ব?

২০১৯ চনত প্ৰকাশিত এক সমীক্ষাত কোৱা হৈছে যে বৰ্তমানকে ধৰি যোৱা চাৰিটা দশকত বিশ্বব্যাপী প্লাষ্টিকৰ উৎপাদন বাঢ়িছে প্ৰায় চাৰিগুণ৷ গৱেষণাটোত দেখা গৈছে, প্ৰবৃদ্ধিৰ এই ধাৰা বৰ্তাই ৰাখিলে ২০৫০ চনলৈ কেৱল প্লাষ্টিক উৎপাদনেই হৈ পৰিব গ্ৰীনহাউছ গেছ উৎপাদনৰ অন্যতম উৎস৷ সংখ্যাৰ হিচাপত যি বৰ্তমানে বিশ্বজুৰি পৰিবহণ শিতানৰ পৰা উৎপন্ন হোৱা গ্ৰীনহাউছ গেছৰ পৰিমাণৰ [১৫ শতাংশ] সমান৷ কিন্তু গ্ৰীনহাউছ গেছৰ সমীকৰণটো অলপ পিছুৱাই ৰাখি আমাৰ নিকট ভৱিষ্যতৰ কথা চিন্তা কৰা উচিত৷ প্ৰতিদিনে ক্ৰমবৰ্ধমান উৎপাদনৰ ফলত আমাৰ জীৱনত প্ৰৱেশ কৰা এই প্লাষ্টিকৰ শেষ ঠিকনা হৈছে ক’ত?

প্ৰতিবছৰে প্ৰায় ১৩ নিযুত টন প্লাষ্টিক বৰ্জ্যৰ ঠাই হয় সমুদ্ৰ, যাৰ ভিতৰত ২৩৬ হাজাৰ টন হৈছে মাইক্ৰ’প্লাষ্টিক তথা [মানুহৰ নখতকৈও ক্ষুদ্ৰ আকাৰৰ] সৰু সৰু প্লাষ্টিকৰ টুকুৰা৷ বছৰে বছৰে সংখ্যাবিলাক যেন বৃদ্ধি পাইছে৷ সমুদ্ৰৰ তলত এই প্লাষ্টিকৰ টুকুৰাবোৰে বিস্তীৰ্ণ অঞ্চলজুৰি চাদৰৰ দৰে ঢাকি পেলোৱা অৱস্থাটোক কোৱা হয় প্লাষ্টিক পেচ৷ কেলিফ’ৰ্নিয়া আৰু হাৱাইৰ মধ্যৱৰ্তী প্লাষ্টিক পেচটোৰ আকাৰ প্ৰায় টেক্সাছ ৰাজ্যৰ সমান৷ অবিশ্বাস্য হ’লেও সত্য যে বিশ্বজুৰি প্ৰতি এক মিনিটত এক ট্ৰাক প্লাষ্টিক বৰ্জ্য সমুদ্ৰত পেলোৱা হয়৷ মাথোঁ উপকূলীয় অঞ্চলেই নহয়, সমুদ্ৰৰ ১১ কিলোমিটাৰ গভীৰতো পোৱা গৈছে প্লাষ্টিক বৰ্জ্য৷

সকলোতকৈ ভয়ংকৰ বিষয় হ’ল– ২০২০ চনত সমুদ্ৰত প্লাষ্টিক বৰ্জ্য অপসাৰণৰ পৰিমাণ বৃদ্ধি পাইছে প্ৰায় ১০ গুণ আৰু এই ধাৰা অব্যাহত থাকিলে ২০৫০ চনলৈ সমুদ্ৰত [ওজনৰ বিচাৰত] মাছতকৈ প্লাষ্টিকৰ পৰিমাণ বেছি হ’ব৷

এবাৰ ভাবি চাওক, কেনে হ’ব  সেই পৰিস্থিতিটো যেতিয়া সমুখত খাদ্য থকা সত্ত্বেও ক্ষুধাত আপোনাৰ মৃত্যু হয়৷ নাইবা প্ৰকাণ্ড এটা প্লাষ্টিকৰ বেগত আবদ্ধ হৈ যদি উশাহ বন্ধ হৈ মৃত্যু হয়৷

সাধাৰণতে সমুদ্ৰৰ তলত এই সৰু সৰু প্লাষ্টিকৰ টুকুৰাবিলাক খাদ্য বুলি ভাবি ভুলতে খাই পেলোৱাৰ পাছত সামুদ্ৰিক প্ৰাণীবিলাকৰ জীৱন মাৰাত্মক বিপদত পৰে৷ কাৰণ, এই প্লাষ্টিকবিলাক সিহঁতৰ পাকস্থলীত জমা হৈ থকাৰ ফলত খাদ্য খাবৰ বাবে ঠাই নাথাকে, আকৌ অজৈৱ পদাৰ্থ হোৱাৰ বাবে প্লাষ্টিকবিলাক পৰিপাকো নহয়৷ ফলত দিনৰ পাছত দিন নোখোৱাকৈ থাকি মৃতু্যমুখত পৰে বহু প্ৰাণী৷ ইয়াৰ উপৰি প্লাষ্টিকৰ ধাৰাল কণাৰ আঘাতত দেহৰ অভ্যন্তৰত হোৱা ক্ষতৰ পৰা পচন বা ৰক্তক্ষৰণ হৈও মৃত্যু হয় বহু প্ৰাণীৰ৷

খাদ্যগ্ৰহণৰ সময়ত খাদ্যৰ সৈতে প্ৰচুৰ পৰিমাণে প্লাষ্টিকৰ আৱৰ্জনা প্ৰৱেশ কৰে তিমি নাইবা ডাঙৰ স্তন্যপায়ী প্ৰাণীৰ পেটলৈ৷ সিহঁতো একেই পৰিস্থিতিৰ সম্মুখীন হ’বলগা হয়৷ তদুপৰি, প্লাষ্টিকৰ পেকেট নাইবা ৰছীৰ পাকত আবদ্ধ হৈ পৰাৰ দৰে ঘটনা অহৰহ ঘটিয়েই থাকে৷ কেৱল পানীৰ তলতেই নহয়, সমুদ্ৰৰ তীৰত বসবাসৰত ৯৫ শতাংশ পক্ষীৰ মৃত্যু হয় পেটলৈ প্লাষ্টিক যোৱাৰ বাবে৷ কেৱল পেলাই দিয়া ৰছী আৰু মাছ ধৰাৰ জালত আবদ্ধ হৈ পৰাৰ কাৰণেই প্ৰতিবছৰে ৩,০৮,০০০ ডলফিন, তিমিসহ আন সামুদ্ৰিক প্ৰাণীৰ মৃত্যু হয়৷ নেশ্বনেল জিঅ’গ্ৰাফিকৰ তথ্যানুসাৰে, সমুদ্ৰত এই মুহূৰ্তত বিভিন্ন আকাৰ-আকৃতিৰ ৫.২৫ ট্ৰিলিয়নৰো অধিক প্লাষ্টিকৰ টুকুৰা আছে৷ যাৰ প্ৰতিটোৱে হ’ব পাৰে অসংখ্য প্ৰাণীৰ মৃত্যুৰ কাৰণ৷

কিন্তু এই চলমান সমস্যাৰ পাছত যেন নতুনকৈ বতাহ দিছে ক’ভিড-১৯য়ে৷ এই বছৰৰ আৰম্ভণিৰ ফালে যেতিয়া বিশ্বব্যাপী এখনৰ পাছত আন এখন দেশত লকডাউন ঘোষণা কৰা হ’ল, তেতিয়া হঠাতে বন্ধ হৈ গ’ল কল-কাৰখানা, ৰাস্তা-ঘাটত নোহোৱা হ’ল যান-বাহনৰ চলাচল৷ কমি আহিল বায়ু প্ৰদূষণ৷ পৃথিৱী যেন হঠাতে অলপ বেছিকৈ সেউজীয়া হ’বলৈ আৰম্ভ কৰিলে৷ বতাহত কমি আহিল দূষিত আৰু ক্ষতিকাৰক উপাদানৰ পৰিমাণ৷ প্ৰকৃতিৰ বাবে অনাকাংক্ষিত আশীৰ্বাদ ৰূপতেই যেন হাজিৰ হ’ল কৰ’না ভাইৰাছ৷

কিন্তু, কেইটামান মাহ পাছতেই বিভিন্ন দেশত লাহে লাহে লকডাউন উঠাই দিয়া হৈছে আৰু লকডাউনৰ শেষত ‘নতুন সুস্থিৰ’ জীৱন কটাবলৈ ঘৰৰ পৰা বাহিৰ ওলাবলৈ আৰম্ভ কৰিছে মানুহ৷ য’ত নিত্য প্ৰয়োজনীয় উপকৰণৰ অন্যতম অংশ হৈ উঠিছে পাৰ্ছনেল প্ৰটেক্টিভ ইকুইপমেণ্ট [পিপিই]৷ বডী ছ্যুট, ফেচ শ্বিল্ডৰ ব্যৱহাৰ তুলনামূলকভাবে কম হ’লেও  মাস্ক আৰু হেণ্ড গ্লাভ্‌ছ এতিয়া আমাৰ প্ৰতিদিনৰ সংগী৷ নিৰাপত্তা, নিৰ্ভৰতা বিচাৰি নিয়মিত ৰুটিনত জীৱন কটোৱাৰ চেষ্টা কৰিছে সকলোৱে৷ 

কিন্তু সম্প্ৰতি ফ্ৰান্সত প্ৰকাশিত এক চাঞ্চল্যকৰ তথ্যই যেন আকৌ দেখুৱাইছে অশনি সংকেত৷ কৰ’না ভাইৰাছৰ পৰা হোৱা মহামাৰীৰ ফলত প্ৰদূষণে এইবাৰ এক ভয়ংকৰ নতুন মাত্ৰা অতিক্ৰম কৰিব বিচাৰিছে৷ ফৰাচী পাৰিৱেশিক সংস্থা ‘অপাৰেচন মেয়ো প্ৰোপে’ নিয়মিত নিকটৱৰ্তী সমুদ্ৰ এলেকাত প্লাষ্টিকসহ ক্ষতিকাৰক আৱৰ্জনা পৰিষ্কাৰ অভিযান চলাইছে৷ সম্প্ৰতি এটা প্ৰতিবেদনত তেওঁলোকে উল্লেখ কৰিছে– তেওঁলোকৰ স্কুৱা ড্ৰাইভাৰ টীমে সমুদ্ৰত আশংকাজনক পৰিমাণৰ পিপিই বৰ্জ্য বিচাৰি পাইছে৷ ক্ৰমবৰ্ধমান এই বৰ্জ্যৰ উপস্থিতি একেবাৰেই নতুন৷

এটা সাক্ষাৎকাৰত অপাৰেশ্বন মেয়ো প্ৰোপৰ অন্যতম সদস্য লৰেণ্ট লম্বাৰ্ডে কয়– এই পৰিস্থিতি একেবাৰেই নতুন৷ এনে কোনো সমস্যা আগেয়ে কেতিয়াও দেখা নাই৷ গ্লাভছ বিচাৰি পোৱা বিষয়টো সুকীয়া হ’লেও, মাস্কখন আমি কেতিয়াও এনেদৰে দেখা নাছিলোঁ৷ কৰ’না সংকট শেষ, লকডাউন শেষ, মানুহ ঘৰৰ পৰা ওলাবলৈ আৰম্ভ কৰিলে৷ মাস্ক পিন্ধি ৰাস্তাই-ঘাটে ঘূৰা-ঘূৰি কৰোঁতে মুখৰ পৰা মাস্ক খুলি য’তে-ত’তে পেলাবলৈ আৰম্ভ কৰিলে৷ এয়াই এতিয়া প্ৰদূষণৰ নতুন অধ্যায়৷

কেৱল ব্যক্তি পৰ্যায়ৰ সচেতনতাই নহয়, ৰাষ্ট্ৰীয়ভাৱে প্ৰয়োজনীয় পদক্ষেপ নল’লে এই সমস্যা নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়৷ যথাস্থানত পিপিই বৰ্জ্য পেলোৱাটো যেনেকৈ এজন নাগৰিকৰ দায়িত্ব, তেনেকৈ সেই বৰ্জ্যবিলাক যথাযথ নীতি মানি নিষ্কাশন কৰাটো নগৰ কতৃৰ্পক্ষৰ দায়িত্ব৷

বিভিন্ন দেশত ইতিমধ্যে য’তে-ত’তে পিপিই বৰ্জ্য পেলোৱাটো ৰোধ কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে৷ জনসচেতনতাৰ সমান্তৰালকৈ অৰ্থদণ্ড বিহা হৈছে৷ ফ্ৰান্সত এই বছৰৰ মে’ত য’তে-ত’তে পিপিই কিট পেলোৱাৰ শাস্তিত জৰিমনা বঢ়াই ৬৮ ইউৰোৰ পৰা ১৩৫ ইউৰো কৰা হৈছে৷

লৰেণ্ট লম্বাৰ্ডে আৰু কৈছে– আমি এনেদৰে য’তে-ত’তে মাস্ক নেপেলোৱা হ’লে সমুদ্ৰত এইবিলাক বিচাৰি পোৱা নগ’লহেঁতেন৷ কাৰণ, সমুদ্ৰত পোৱা ৮০ শতাংশ আৱৰ্জনাই ভূমি অঞ্চলৰ পৰা অহা৷ বৰষুণৰ পানীত ভাহি নদ-নদীৰ মাধ্যমেৰে বিভিন্ন পথেৰে এইবোৰ সাগৰত পৰে৷ সেয়ে সকলোৰে প্ৰতি এটাই অনুৰোধ– আৱৰ্জনা যথাস্থানত পেলাওক৷ য’তে-ত’তে পেলালে শেষত সেইবিলাক সমুদ্ৰতে গৈ মিলিব৷ নিজৰ আৰু আনৰ নিৰাপত্তা নিশ্চিত কৰাৰ দৰে এই কামটোও যথেষ্ট গুৰুত্বপূৰ্ণ৷

সংস্থাটোৰ স্কুৱা ড্ৰাইভাৰসকলে পোৱা যিবিলাক বৰ্জ্যক ‘ক’ভিড ৱেষ্ট’ হিচাপে আখ্যায়িত কৰা হৈছে, তাৰ ভিতৰত আছে অসংখ্য ডিছপ’জেব্‌ল মাস্ক, লেটেষ্ট হেণ্ড গ্লাভছ আৰু হেণ্ড ছেনিটাইজাৰৰ বটল৷ এখন সাধাৰণ ছাৰ্জিকেল মাস্ক সম্পূৰ্ণকৈ ভাঙি যাবলৈ সময় লয় প্ৰায় ৪৫০ বছৰ৷ ভাসমান মাস্ক আৰু গ্লাভ্‌ছ  বহু সময়ত জেলিফিছ বুলি ভাবি ভুল কৰি গিলি পেলায় ডলফিনসহ আন সামুদ্ৰিক প্ৰাণীয়ে৷ বহুতো মাস্কত পলিপ্ৰ’পিলিনৰ দৰে উপাদানো থাকে৷ সকলো মিলি ক্ষতিৰ দিশৰ পৰা এইবিলাক টাইম বোমাতকৈ কোনোগুণেই কম নহয়৷ বিশেষজ্ঞসকলে অনুভৱ কৰিছে– এতিয়াৰ পৰাই যথাযথ ব্যৱস্থা নল’লে, কৰ’না ভাইৰাছ মহামাৰীয়ে আঘাত হানিব ভাবুকিৰ মাজত থকা সামুদ্ৰিক প্ৰাণীজগততো৷

চলিত বছৰৰ আৰম্ভণিৰ ফালে হংকংভিত্তিক সংস্থা অ’চেন এছিয়ায়ো একেধৰণৰ আশংকা ব্যক্ত কৰিছিল৷ জনবসতিহীন দ্বীপ চোকো আইলেণ্ডত অভিযান চলাই পিপিই বৰ্জ্য বিচাৰি পায় তেওঁলোকে৷ সংস্থাটোৰ সদস্য গেৰী ষ্টোকচে কৈছিল– মাত্ৰ ১০০ মিটাৰ দৈৰ্ঘ্যৰ সমুদ্ৰ এলেকাত প্ৰায় ৭০খন মাস্ক বিচাৰি পাওঁ৷ এক সপ্তাহ পাছত পোৱা যায় আৰু ৩০খন৷

জনমানৱশূন্য এই দ্বীপত এই আৱৰ্জনা দেখি কৌতূহলী হৈ নিকটস্থ আৰু কিছু এলেকাত অভিযান চলাই তেওঁলোকে সকলো স্থানতে বিচাৰি পায় এই পিপিই বৰ্জ্য৷ ষ্টোকচে আৰু কয়– এতিয়া সকলো স্থানতে এই আৱৰ্জনা পোৱা গৈছে৷ সামাজিক জীৱনত এইবিলাকৰ ব্যৱহাৰ নিয়মিত হোৱাৰ পাছৰ পৰাই সমুদ্ৰ অঞ্চলত ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে৷ পৰৱৰ্তী প্ৰজন্মৰ বাবে আৰু কিছু ক্ষতিকৰ উপহাৰ এৰি গৈছোঁ আমি৷

পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ মানুহ সমুদ্ৰ উপকূলীয় অঞ্চলত বাস কৰে৷ সেয়ে বাকী ৬০ শতাংশ মানুহ সমুদ্ৰ অঞ্চলৰ পৰা বহুদূৰত বাস কৰিলেও কোনো নহয় কোনো প্ৰকাৰে তেওঁলোকৰ জীৱনত সমুদ্ৰ অঞ্চলৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ ঠিকেই আছে৷

পৰিৱেশবিদৰ আশংকা, মহামাৰীৰ পৰৱৰ্তী বছৰবিলাকত সামুদ্ৰিক জগতত প্লাষ্টিক প্ৰদূষণৰ পৰিমাণ অতিৰিক্ত হাৰত বৃদ্ধি পাব৷ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুযায়ী, ভূমধ্য সাগৰত প্ৰতিবছৰে ৫৭০ হাজাৰ টন প্লাষ্টিক পেলোৱাৰ সমান্তৰালকৈ প্ৰতি মিনিটত সমুদ্ৰত পেলোৱা হয় ৩৩,৮০০টা প্লাষ্টিক বটল৷ সামুদ্ৰিক জীৱন নাইবা পৰিৱেশৰ কথা নাভাবিলেও, অন্ততঃ নিজৰ সুস্থতাৰ স্বাৰ্থত প্লাষ্টিক আৰু পিপিই প্ৰদূষণৰ প্ৰতি আমি সচেতন হোৱা প্ৰয়োজন৷ কাৰণ বছৰৰ পাছত বছৰ সমুদ্ৰৰ পানীত মিহলি হৈ যোৱা এইবিলাক মাইক্ৰ’প্লাষ্টিকৰ কণা শেষত আমাৰ কাষলৈকে উভতি আহিব নতুন কোনো আঘাতৰ ৰূপত আৰু মহামাৰী আক্ৰান্ত বৰ্তমানৰ পৃথিৱীৰ পৰৱৰ্তী মহামাৰীৰ সকলোতকৈ ডাঙৰ কাৰণ হ’বলৈ গৈ আছে এই প্লাষ্টিক৷