Logo
image

বিপাঙত শিক্ষাৰ্থীৰ পৰা মন্ত্ৰী-আমোলা! ক’ভাক্সিন লওঁতাৰ বিদেশ যাত্ৰা নিষিদ্ধ

আমাৰ অসম, ৪ ছেপ্টেম্বৰঃ ‘আত্মনিৰ্ভৰশীল ভাৰত’ৰ শ্ল’গানেৰে দেশীয়ভাৱে হায়দৰাবাদৰ ভাৰত বায়’টেকে উদ্ভাৱন কৰিছিল ক’ভাক্সিন ভেক্‌চিন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পহিলা মাৰ্চত ভাৰত বায়’টেকে প্ৰস্তুত কৰা ক’ভাক্সিন ভেক্‌চিনৰ প্ৰথম ড’জ গ্ৰহণ কৰি দেশবাসীক ভেক্‌চিনৰ দুয়োটা ড’জ লৈ ক’ভিড বিৰোধী যুঁজত অংশীদাৰ হ’বলৈ আহ্বান জনাইছিল৷ কিন্তু ভাৰত বায়’টেকৰ ক’ভাক্সিন ভেক্‌চিন গ্ৰহণ কৰি বিপদত এতিয়া অসমৰ শিক্ষাৰ্থীকে ধৰি বহুলোক৷ কেৱল অসমৰে নহয় ক’ভাক্সিন ভেকচিন গ্ৰহণ কৰা দেশৰ একাংশ লোক এতিয়া সংকটৰ সন্মুখীন হৈছে৷ কিয়নো ক’ভাক্সিন ভেক্‌চিনক জৰুৰী ব্যৱহাৰৰ [ইমাৰজেঞ্চি ইউজ লিষ্টিং] বাবে বিশ্ব স্বাস্থ্য সংস্থাই [ডব্লিউ এইচ অ’] অনুমোদন নিদিয়াৰ বাবেই বিদেশ ভ্ৰমণত জটিলতাই দেখা দিছে  অসমৰ বহু নাগৰিকক৷ বিশ্ব স্বাস্থ্য সংস্থাই স্বীকৃতি নিদিয়াৰ বাবে সমগ্ৰ ইউৰোপকে ধৰি নেডাৰলেণ্ডছ তথা বিশ্বৰ বিভিন্ন দেশে ক’ভাক্সিন ভেক্‌চিন লোৱা ভাৰতীয় নাগৰিকক প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নাই৷ যাৰ বাবে এনে বিদেশী ৰাষ্ট্ৰসমূহত অধ্যয়নৰ বাবে যাবলগীয়া শিক্ষাৰ্থীয়েই নহয়, গৱেষক, ব্যৱসায়ী, পৰ্যটক আৰু কৰ্মসূত্ৰে বিদেশ যাত্ৰা কৰিবলগীয়া নাগৰিকেও ভয়ংকৰ সংকটৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃষিখণ্ডৰ গৱেষণাৰ বাবে গৱেষক আৰু আমোলা-বিষয়াই বিদেশ ভ্ৰমণ কৰিব বুলি ঘোষণা কৰিছিল, ঠিক তেনে সময়ত ক’ভাক্সিন ভেক্‌চিন লৈ বিবুধিত পৰিছে অসমৰ গৱেষক আৰু আমোলা-বিষয়া সকলো৷ আনকি ক’ভাক্সিন ভেকচিন গ্ৰহণ কৰা মন্ত্ৰী-বিধায়কৰো বিদেশ ভ্ৰমণ সম্ভৱ হোৱা নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কূটনৈতিক কাৰণত ক’ভাক্সিন গ্ৰহণ কৰিলেও বিদেশী ৰাষ্ট˜ই অনুমোদন দিব যদিও তেওঁৰে মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে ক’ভাক্সিন লৈ বিদেশ ভ্ৰমণ কৰিব নোৱাৰাত আন এক সমস্যাই দেখা দিছে৷ বিভিন্ন ৰাষ্ট্ৰই ভিছা প্ৰদান কৰাৰ পাছতো ক’ভাক্সিন ভেক্‌চিন গ্ৰহণ কৰাৰ বাবেই প্ৰৱেশ অনুমতি নিদিয়াত সন্মুখীন হোৱা সমস্যাৰ সন্দৰ্ভত ইতিমধ্যে বহু অসমীয়াই ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈও বাৰম্বাৰ পত্ৰ প্ৰেৰণ কৰিছে৷ ইউৰোপত অধ্যয়নৰত অসমৰ কেইবাজনো ছাত্ৰৰ শিক্ষাবৰ্ষ নষ্ট হোৱাৰ উপক্ৰম ঘটা বুলিও ডব্লিউ এইচ অ’ক পত্ৰযোগে অভিযোগ দাখিল কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, প্ৰথম অৱস্থাত কেন্দ্ৰীয় চৰকাৰে প্ৰথম শাৰীৰ ক’ভিড যোদ্ধা হিচাপে চিহ্নিত চিকিৎসক-স্বাস্থ্যকৰ্মীৰ লগতে আৰক্ষী-নিৰাপত্তাৰক্ষীসকলকো ক’ভাক্সিন ভেক্‌চিন ল’বলৈ বাধ্য কৰিছিল৷ অৰ্থাৎ চৰকাৰী কৰ্মচাৰীৰ অধিকাংশই ভাৰত বায়’টেকৰ উৎপাদিত ভেক্‌চিন গ্ৰহণ কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰে ভেক্‌চিনৰ উৎপাদনৰ প্ৰতিযোগিতাত লিপ্ত হৈ খৰখেদাকৈ ভাৰত বায়’টেকৰ ক’ভাক্সিনৰ জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন জনোৱাত ডব্লিউ এইচ অ’ৰ নীতি-নিৰ্দেশনাক গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছিল৷ আনকি ভেক্‌চিন উৎপাদনৰ এক্সপ্ৰেছন অৱ ইণ্টাৰেষ্ট [ই অ’ আই]ৰ ক্ষেত্ৰত ডব্লিউ এইচ অ’ৰ নিয়ম অনুসৰি চাৰিটা পৰ্যায় সম্পন্ন কৰিব লাগে যদিও ভাৰত বায়’টেকে এই নিয়ম পালনতো পলম কৰাৰ অভিযোগ আছে৷ বিগত জুনত ইউ এছ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্বনে ক’ভাক্সিনৰ জৰুৰী ব্যৱহাৰৰ বাবে ভাৰত বায়’টেকে জনোৱা আবেদন নাকচ কৰিছিল৷ ভাৰত বায়’টেকে ক’ভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ কোনো তথ্য ৰাজহুৱা নকৰা বুলি অভিযোগ কৰিছিল ইউ এছ-এফ ডি এয়ে৷ আশ্চৰ্যজনক বিষয়টো হৈছে চলিত বৰ্ষৰ ৫ জানুৱাৰীত ড্ৰাগ্‌ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াই ভাৰত বায়’টেকৰ উৎপাদিত ক’ভাক্সিন ভেক্‌চিন দেশত জৰুৰী ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছিল৷ কিন্তু ইয়াৰ দুদিন পূৰ্বে অৰ্থাৎ ৩ জানুৱাৰীত ক’ভিশ্বিল্ড ভেক্‌চিনৰ উৎপাদনকাৰী প্ৰতিষ্ঠান পুনেৰ ছিৰাম ইন্সষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাই টুইটাৰযোগে ভাৰত বায়’টেকৰ ক’ভাক্সিন পানীৰ দৰে নিৰাপদ বুলিও আওপকীয়াকৈ ক’ভাক্সিনক লৈ প্ৰশ্ন তোলা দেখা গৈছিল৷ এই লৈ দেশৰ একাংশ নাগৰিকে ক’ভাক্সিন ভেক্‌চিনৰ গুণাগুণক লৈও সন্দেহৰ দৃষ্টিৰে চাইছিল৷ ইপিনে বিশ্ব স্বাস্থ্য সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুৰব্বী ডাঃ শুভ্ৰজিৎ ভট্টাচাৰ্যই জানিবলৈ দিয়া অনুসৰি চলিত ছেপ্টেম্বৰৰ শেষৰফালে ক’ভাক্সিন ভেক্‌চিনৰ জৰুৰী ব্যৱহাৰত ডব্লিউ এইচ অ’ৱে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে৷ জৰুৰী ব্যৱহাৰৰ অনুমতি দিয়াৰ লগে লগে বিদেশ ভ্ৰমণত কোনো ভাৰতীয়ৰ অসুবিধা নাথাকিব৷ আনহাতে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক মুনীন্দ্ৰ নাথ নাটেয়ে প্ৰকাশ কৰা অনুসৰি অসমত সৰ্বমুঠ ১৯,৯৯,৪৭৬ ড’জ ক’ভাক্সিন ভেক্‌চিন প্ৰদান কৰা হৈছে৷ উল্লেখ্য, ডব্লিউ এইচ অ’ৱে ক’ভাক্সিনক অনুমোদন নিদিয়াৰ বাবেই ভাৰত বায়’টেকে উৎপাদন কিছু কমাই দিয়া বুলিও অভিযোগ উঠিছে৷ যাৰ বাবে অসমকে ধৰি সমগ্ৰ দেশতে ক’ভাক্সিনৰ ব্যৱহাৰ হ্ৰাস পোৱা দেখা গৈছে৷ মুঠৰ ওপৰত ‘মেক ইন ইণ্ডিয়া’ মাৰ্কা ক’ভাক্সিন লৈ বিদেশত এতিয়া নিষিদ্ধ হৈ পৰিছে ভাৰতীয় নাগৰিক৷