এইবোৰ খাদ্য একেলগে নাখাব, হানি কৰে স্বাস্থ্যৰ
আমাৰ অসম বিশেষঃ ভোক লাগিলে সন্মুখত যি পোৱা যায় তাকে খোৱাটো আমাৰ প্ৰায় সকলোৰে অভ্যাস৷ তদুপৰি কিছুমান লোক আছে, যিসকলে পছন্দৰ খাদ্য দেখিলে ভাল-বেয়া বিচাৰ নকৰি খাবলৈ আৰম্ভ কৰি দিয়ে৷ কিন্তু জানেনে, কিছুমান খাদ্য আছে যিবোৰ একেলগে খালে স্বাস্থ্যৰ হানি হ’ব পাৰে৷ আজিৰ শিতানত কোনবোৰ খাদ্য একেলগে খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক সেই বিষয়ে উল্লেখ কৰা হ’ল–
[১] দৈ আৰু ফলঃ দেহৰ অতিৰিক্ত ওজন কমাবলৈ বহুতে দৈৰ সৈতে আপেল, আঙুৰ, খেজুৰ আৰু অন্যান্য শুকান ফল মিহলাই খাই ভাল পায়৷ এই অভ্যাস ত্যাগ কৰক৷ কিয়নো, দৈ আৰু ফল একেলগে খালে এচিডিটীৰ সমস্যাত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ তদুপৰি এনে খাদ্যই ক’ল্ড এলাৰ্জিৰ সৃষ্টি কৰে৷
[২] বাৰ্গাৰৰ সৈতে ‘ফ্ৰাই’ঃ বাৰ্গাৰৰ সৈতে ‘ফ্ৰেঞ্চ ফ্ৰাই’য়ে সোৱাদ দুগুণ কৰে৷ তদুপৰি ফাষ্টফুডৰ দোকানসমূহত বাৰ্গাৰৰ সৈতে ‘ফ্ৰেঞ্চ ফ্ৰাই’ দিয়া হয়৷ এনে খাদ্য খোৱাৰ পৰা আঁতৰি থাকক৷ বাৰ্গাৰৰ সৈতে ‘ফ্ৰাই’ খালে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়৷ ফলত ক্লান্তিভাৱ আহে৷
[৩] পিজ্জা আৰু ছ’ডাঃ বহুতে পিজ্জাৰ সৈতে ছ’ডা বা ক’ল্ড ড্ৰিংকছ খাই ভাল পায়৷ কিন্তু এই দুবিধ খাদ্যক পাকস্থলীয়ে একেলগে গ্ৰহণ কৰিব নোৱাৰে৷ ফলত হজম শক্তিত সমস্যাৰ সৃষ্টি হয়৷ তদুপৰি এই দুবিধ খাদ্য একেলগে খালে দৈহিক শক্তি হ্ৰাস পায়৷
[৪] কণী আৰু বেকনঃ ‘ব্ৰেকফাষ্ট’ত কণী আৰু বেকন একেলগে খোৱা অনুচিত৷ কিয়নো এইবিধ খাদ্য শক্তিৰ উৎস৷ এই দুবিধ খাদ্যৰ পৰা যি শক্তি উৎপন্ন হয়, সেই শক্তি আকৌ খুউব কম সময়ৰ ভিতৰতে নাইকিয়া হৈ পৰে৷ ফলত অলস ভাবৰ সৃষ্টি হয়৷