কৰ’নাৰ পৰা আপোনাৰ শিশুটিক কেনেকৈ নিৰাপদে ৰাখিব?
আমাৰ অসম বিশেষঃ কৰ’নাৰ দ্বিতীয় ঢৌত বেছি আক্ৰান্ত হৈছে তৰুণসকল৷ আকৌ তৃতীয় ঢৌত শিশু তথা কিশোৰসকল আক্ৰান্ত হোৱাৰ আশংকা অধিক৷ কৰ’নাৰ তৃতীয় ঢৌ অহাৰ পূৰ্বে আপোনাৰ সন্তানটিক কেনেদৰে নিৰাপদে ৰাখিব তাৰ কেইটামান পৰামৰ্শ আগবঢ়াইছে বিশিষ্ট শিশু বিশেষজ্ঞ সুমন পোদ্দাৰ আৰু চিকিৎসক অৰবিন্দ বিশ্বাসে৷
শিশুটিক কি খুৱাবঃ
[১] এনে জটিল সময়ত শিশুৰ প্ৰ’টিন-কে’লৰি বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ ঘৰৰ বাহিৰৰ খাদ্য শিশুটিক দিয়াৰ পৰা বিৰত থাকক৷ ঘৰতে স্নেক্স তৈয়াৰ কৰি দিব৷
[২] সিজোৱা মূৰ্গীৰ মাংসৰ জোল দিব পাৰে৷
[৩] ৰুটীৰ মোটা অংশ চিঙি গৰম চব্জিৰ চুপ বা দাইলত তিয়াই নৰম কৰি খুৱাওক৷
[৪] কমলা, মৌচুমী বা নেমুৰ ৰস দিব পাৰে৷
[৫] প্ৰচুৰ পৰিমাণে পানী খাবলৈ দিয়ক৷
[৬] ডায়েৰিয়া হ’লে অ’ আৰ এছ খুৱাওক৷
কি কৰিবঃ
প্ৰথমে শিশুটিক লৈ আতংকিত হোৱাৰ কোনো দৰকাৰ নাই৷ বাহিৰৰ পৰা আহি শিশুটিৰ ওচৰলৈ নাযাব৷ যোৱাৰ আগতে নিজে গা-পা ধুই পৰিষ্কাৰ হৈ শিশুটিৰ ওচৰ চাপক৷ ঘৰৰ পৰিয়ালৰ সদস্যৰ পৰাই শিশুটি কৰ’নাত আক্ৰান্ত হ’ব পাৰে৷
ঘৰত থাকিলেও শিশুটিৰ ওচৰলৈ যাওতে মাস্ক পিন্ধি যাওক৷সম্ভৱ হ’লে শিশুটিকো মাস্ক পৰিধান কৰাওক৷
খিয়াল ৰাখক৷ আপোনাৰ সন্তানটি যাতে জনসমাগমৰ ওচৰ নাচাপে৷ বাহিৰৰ লগ-বন্ধুৰ সৈতেও খেলা-ধুলা বন্ধ কৰক৷ মনত ৰাখিব শিশু বাহিৰলৈ যাবলৈ দি আনৰ লগত মিলা-মিছা কৰিবলৈ দিলে সংক্ৰমণৰ আশংকা থাকে৷
সাধাৰণতে শিশুটিৰ চকু, নাক, মুখ স্পৰ্শ নকৰিব৷ সঘনে অভিভাৱকে ছেনিটাইজ ব্যৱহাৰ কৰক৷ ঘৰ-বাৰী পৰিষ্কাৰ কৰি ৰখাটো অতি জৰুৰী৷ ঘৰ বীজাণু নাশক দি পৰিষ্কাৰ কৰক৷ ঘৰৰ দৰ্জা, টেবুল, চকী, সকলো সময়তে ছেনিটাইজ কৰক৷ ঢাকনি দিয়া ডাচবিন ব্যৱহাৰ কৰক৷