Logo
image

‘টাইম’ৰ ১০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোল্লা বৰাদৰ

আমাৰ অসম, ১৮ ছেপ্টেম্বৰঃ বিখ্যাত মাৰ্কিন আলোচনী ‘টাইম’ৰ দ্বাৰা বুধবাৰে নিশা প্ৰকাশিত বিশ্বৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে বিদ্ৰোহী সংগঠন তালিবানৰ সহকাৰী প্ৰতিষ্ঠাপক মোল্লা বৰাদৰে৷ মোল্লা বৰাদৰে টাইম আলোচনীৰ এশ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰাক লৈ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ এই তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ছেৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী আদৰ পুনৱালাইও স্থান লাভ কৰিছে৷ কিন্তু কিয় মোল্লা বৰাদৰে এই তালিকাত স্থান লাভ কৰিলে? ইয়াৰ কাৰণ হৈছে বিদ্ৰোহী সংগঠন তালিবানক পুনৰ আফগানিস্তানৰ শাসনলৈ অনাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ আমেৰিকাৰ সৈতে তালিবানৰ শান্তি আলোচনা আৰম্ভ হোৱাত বিশেষ ভূমিকা পালন কৰিছিল বৰাদৰে৷ ২০১৬ চনত নিঃশেষ হ’ব খোজা তালিবানক একত্ৰিত কৰিছিল এই মোল্লা বৰাদৰে৷ মোল্লা বৰাদৰৰ নেতৃত্বত ডোহাত আমেৰিকাৰ সৈতে হোৱা তালিবানৰ আলোচনাৰ অন্তত আমেৰিকাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছিল৷ গতিকে মোল্লা বৰাদৰ বিশ্ববাসীৰ বাবে চিনাকি নাম হৈছিল পৰিছিল৷ তালিবানী নেতা হ’লেও তেওঁ আছিল নৰম মনোভাৱৰ৷ তেওঁ যুদ্ধৰ সলনি বিচাৰে শান্তি৷ কিন্তু পাকিস্তানৰ কুখ্যাত আই এছ আইৰ হস্তক্ষেপত মোল্লা বৰাদৰ আফগানিস্তানৰ প্ৰধানমন্ত্ৰী হোৱাৰ পৰা বঞ্চিত হয় আৰু হাক্কানি নেটৱৰ্কৰ কট্টৰপন্থী নেতাইহে চৰকাৰ নিয়ন্ত্ৰণ কৰে৷ যাৰ ফলত তালিবানৰ দুই পক্ষৰ মাজত সংঘাত হোৱাৰ বাতৰিও আহিছে আৰু বৰাদৰ গুৰুতৰভাৱে আহত হোৱা বুলি চৰ্চা চলিছে৷ বৰ্তমান বৰাদৰে উপ-প্ৰধানমন্ত্ৰীৰ দায়িত্বহে লাভ কৰিছে৷ মোল্লা বৰাদৰৰ আচল নাম হৈছে মোল্লা আব্দুল গনি বৰাদৰ৷ ‘বৰাদৰ’ অৰ্থাৎ ‘ব্ৰাদাৰ’ বুলি তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰে অভিহিত কৰা বাবেই তেওঁৰ নামত বৰাদৰ শব্দটো ব্যৱহাৰ কৰা হয়৷ আমেৰিকাৰ সৈতে তালিবানৰ শান্তি আলোচনা আগবঢ়াই নিয়াত সফল হোৱা বাবেই টাইম আলোচনীয়ে মোল্লা বৰাদৰক বিশ্বৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰে৷