Logo
image

ডুবাইত আজিৰ পৰা আইপিএল

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ অক্টোবৰ-নবেম্বৰত ইউনাইটেড আৰৱ এমীৰেটছ আৰু ওমানত অনুষ্ঠিত হ’ব টুৱেণ্টী২০ বিশ্বকাপ৷ তাৰ পূৰ্বে আজিৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ [আই পি এল] চতুৰ্দশ ছীজনৰ দ্বিতীয় পৰ্বৰ খেল৷  ভাৰতীয় ক্ৰিকেটাৰৰ লগতে আই পি এলত ভাগ ল’বলগীয়া বিদেশী ক্ৰিকেটাৰসকলে টুৱেণ্টী২০ বিশ্বকাপৰ পূৰ্বে নিজকে প্ৰস্তুত  কৰাৰ বাবে এয়া হ’ব ভাল সুযোগ৷ ভাৰতীয় সময়মতে আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া খেলখনত যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব মহেন্দ্ৰ সিং ধোনি নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে৷ মুম্বাই ইণ্ডিয়ানছ হৈছে আই পি এলৰ সফলতম দল৷ ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে সৰ্বাধিক পাঁচবাৰ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় টুৱেণ্টী২০ টুৰ্নামেণ্টখনৰ খিতাপ জয় কৰিছে৷ এইবাৰো যদি দলটো চেম্পিয়ন হয়, তেন্তে সেয়া হ’ব দলটোৰ জয়ৰ হেট্ৰিক৷ উল্লেখ্য, আই পি এলৰ চতুৰ্দশ ছীজন আৰম্ভ কৰা হৈছিল চলিত বৰ্ষৰ এপ্ৰিলত৷ জৈৱ সুৰক্ষিত পৰিবেশত কেইবাজনো ক্ৰিকেটাৰৰ লগতে ছাপ’ৰ্ট ষ্টাফ ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে ২৯ খন খেল সম্পূৰ্ণ হোৱা অৱস্থাত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টুৰ্নামেণ্টখন স্থগিত ৰাখিবলৈ বাধ্য হৈছিল৷ বহু চিন্তা-চৰ্চাৰ পাছত আই পি এলৰ চতুৰ্দশ ছীজনৰ বাকী থকা খেলকেইখন ইউনাইটেড আৰৱ এমীৰেটছত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷

চলিত বৰ্ষৰ টুৰ্নামেণ্টখনত এতিয়ালৈকে সাতখন খেলৰ চাৰিখনত জয়ী হৈ ৮ পইণ্টেৰে মুম্বাই ইণ্ডিয়ানছ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে৷ তাৰ বিপৰীতে পাঁচখন খেলত জয়ী হোৱাৰ সূত্ৰে ১০ পইণ্টেৰে দ্বিতীয় স্থানত আছে চেন্নাই ছুপাৰ কিংছ৷ ১২ পইণ্টেৰে শীৰ্ষত আছে দিল্লী কেপিটেলছ৷ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখৰ খবৰেটো হৈছে যে ইউনাইটেড আৰৱ এমীৰেটছত আই পি এলৰ সময়ত ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতিত অনুমতি দিয়া হৈছে৷ ষ্টেডিয়ামৰ মুঠ ক্ষমতাৰ পঞ্চাছ শতাংশ দৰ্শকে খেল উপভোগ কৰিব পাৰিব৷ যদিও আই পি এলৰ সময়ত ষ্টেডিয়ামত দৰ্শকৰ প্ৰবেশত অনুমতি দিয়া হৈছে, টুৰ্নামেণ্টখনৰ সময়ত ক্ৰিকেটাৰসকলৰ ক্ষেত্ৰত থাকিব কঠোৰ ক’ভিড নীতি৷ ক’ভিড বিধি ভংগ কৰা ক্ৰিকেটাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে৷