Logo
image

কাবুলত দুৰ্ভিক্ষ ঘৰৰ বয়-বস্তু বেচিবলৈ লৈছে একাংশই

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ তালিবানে আফগানিস্তান দখল কৰাৰ পাছতে দেশখন ভয়ংকৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে৷ বিশেষকৈ কাবুলত একাংশ পৰিয়ালে খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ক’বলৈ গ’লে আফগানিস্তানৰ ৰাজধানী চহৰখনত এতিয়া একাংশৰ বাবে জীয়াই থকাটো প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে৷ ফলত দুবেলা দুমুঠি খাবৰ বাবে এনে পৰিয়ালৰ লোকসকলে ঘৰৰ টিভি, ফেন, ৰেফ্ৰিজেৰেটৰ আদিকে ধৰি বিভিন্ন সা-সামগ্ৰী পানীৰ দামত বিক্ৰী কৰিবলৈ ধৰা পৰিলক্ষিত হৈছে৷ কাবুলৰ এনে লোকসকলৰ দুৰাৱস্থাক কেন্দ্ৰ কৰি বিভিন্ন মহল চিন্তিত হৈ পৰিছে৷