Logo
image

৯০ দিন মহাকাশত কটাই পৃথিৱীলৈ উভতি আহিল চীনৰ ৩ মহাকাশচাৰী

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ চীনৰ মহাকাশচাৰীসকলৰ আটাইতকৈ দীঘলীয়া অভিযানৰ সামৰণি পৰিল৷ মহাকাশত ৯০ দিন কটোৱাৰ পাছত উভতি আহিছে চীনৰ ৩ মহাকাশচাৰী নি হাইচেং, লীউ বোমিং আৰু টাং হনবোই৷ বৃহস্পতিবাৰে নিশা ১.৩৫ বজাত চীনৰ এই মহাকাশচাৰী ৩জনে মংগোলীয়াৰ গোবি মৰুভূমিত অৱতৰণ কৰে৷ উল্লেখ্য যে, এই তিনিজন মহাকাশচাৰীয়ে চীনৰ মহাকাশ কেন্দ্ৰৰ টিয়ামহে ম’ডিউলত ৯০ দিন কটাই বিভিন্ন গৱেষণা কৰিছিল৷ যোৱা ১৭জুনত তেওঁলোকে পৃথিৱীৰ পৰা উৰা মাৰিছিল৷ ভূপৃষ্ঠৰ পৰা ৩৮০ কিলোমিটাৰ উচ্ছতাত থকা মহাকাশ কেন্দ্ৰত তেওঁলোকে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলায়৷ অভিযানৰ অংশস্বৰূপে আনকি মহাকাশত খোজো কাঢ়ে তেওঁলোকে৷ উল্লেখ্য যে, বিগত কিছুবছৰ ধৰি মহাকাশ গৱেষণাত চীনে বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূৰ্বে দেশখনে ২০১৯ চনত বিশ্বৰ প্ৰথমখন দেশ হিচাপে চন্দ্ৰলৈ মানৱবিহীন ৰ’ভাৰ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল৷