Logo
image

শ্বৰ্টছৰ শ্বৰ্ট হিষ্ট্ৰী

কঁকালৰ পৰা আঁঠুৰ ওপৰলৈকে পৰা যিবিধ পোছাক তাকেই শ্বৰ্টছ বুলি কোৱা হয়৷ শ্বৰ্টছ হৈছে ট্ৰাউজাৰ বা লংপেণ্ট দুভাগ কৰি দিয়াৰ পাছত যিটো অৱস্থা সেয়াই৷ শ্বৰ্টছৰ সৃষ্টি হৈছিল পশ্চিমীয়া দেশত৷ কাৰণ তাতেই ট্ৰাউজাৰ আছিল৷ ওঠৰশ শতিকাৰ পৰাই ইউৰোপ আৰু আমেৰিকাত শ্বৰ্টছ ব্যৱহাৰ কৰা দেখা যায়৷ সাধাৰণতে শ্বৰ্টছ গ্ৰীষ্মপ্ৰধান দেশত অঞ্চলৰ পোছাক যদিও শীতপ্ৰধান অঞ্চলতহে এসময়ত গ্ৰীষ্মৰ দিনত শ্বৰ্টছ পৰিধান কৰা দেখা গৈছিল৷ ঘাইকৈ ব্ৰিটিছ, আমেৰিকান আৰু অন্যান্য দেশৰ সামৰিক জোৱান আৰু বিষয়াই প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গ্ৰীষ্মপ্ৰধান অঞ্চলত যুদ্ধৰত অৱস্থাত বেছিকৈ শ্বৰ্টছ পৰিধান কৰিছিল৷ তাৰ পাছৰ পৰাই লাহে লাহে শ্বৰ্টছ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিয়পি পৰে৷ ইউৰোপ আৰু আমেৰিকাত স্কুলীয়া ছাত্ৰক শিশু অৱস্থাত শ্বৰ্টছ পৰিধান কৰিবলৈ দিয়া হৈছিল৷ শৈশৱৰ পৰা কৈশোৰত প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকক লংপেণ্ট পৰিধান কৰিবলৈ দিয়া হৈছিল৷ সেই পৰম্পৰা আমাৰ দেশতো অটুট আছে৷ পশ্চিমীয়া দেশত পৰৱৰ্তী সময়ত বিভিন্ন ক্ষেত্ৰলৈ আৰু বিভিন্ন পৰিৱেশলৈ শ্বৰ্টছৰ আগমন ঘটিল৷ লগে লগে সলনি হ’ল শ্বৰ্টছৰ ৰেহৰূপ৷ ৪০ ৰ দশকৰ পৰাহে ইউৰোপ আৰু আমেৰিকাত মহিলাই শ্বৰ্টছ পৰিধান কৰিবলৈ ধৰিলে৷ সেই সময়ত হলীউডৰ নায়িকাই প্ৰথমে শ্বৰ্টছ পৰিধান কৰা দেখা গৈছিল আৰু তাৰ পৰাই সমাজৰ বিভিন্ন স্তৰলৈ শ্বৰ্টছৰ আগমন ঘটিল৷ পশ্চিমীয়া দেশত এতিয়া শ্বৰ্টছ বহুলভাৱে ব্যৱহাৰ হয়৷ স্কুল-কলেজ, আনকি কোনো ঠাইত বিজিনেছ কেজুৱেল হিচাপে কাৰ্যালয়লৈও অনেকে শ্বৰ্টছ পৰিধান কৰি যায়৷ তথাপি পশ্চিমীয়া ড্ৰেছ ক’ড অক্ষুন্ন ৰাখিয়েই পাশ্চাত্যৰ দেশত শ্বৰ্টছ পৰিধান কৰা হয়৷