Logo
image

ড্ৰেছ ক’ড

সভ্য পশ্চিমীয়া সমাজত ড্ৰেছ ক’ড নামৰ এটা বিষয় আছে৷ সেয়া বহু সময়ত লিখিত হয় আৰু বহু সময়ত হয় পৰম্পৰাগত৷ ড্ৰেছ ক’ড মানে অনুষ্ঠানভেদে, উপলক্ষ্য অনুসৰি, পৰিৱেশ অনুসাৰে পুৰুষ-মহিলাই পৰিধান কৰিবলগীয়া পোছাকৰ নিয়ম৷ ভাৰতীয় সমাজতো ড্ৰেছ ক’ড আছে৷ পিছে সেয়া সাধাৰণতে লিখিত নহয়৷ পৰম্পৰা অনুসৰিয়েই আমাৰ দেশত ড্ৰেছ ক’ড চলি আহিছে৷ ভিন ভিন পৰিৱেশত একেজন ব্যক্তিয়েই ভিন ভিন পোছাক পৰিধান কৰে৷ সামৰিক বিভাগৰ এজন লোকে সামৰিক ইউনিফৰ্ম, স্কুলৰ শিক্ষাৰ্থীয়ে স্কুলৰ ইউনিফৰ্ম, সাংস্কৃতিক কৰ্মীয়ে ভাগ লোৱা অনুষ্ঠানত সেই সংস্কৃতিৰ পোছাক পৰিধান কৰে৷ একেজন শিক্ষাৰ্থী অথবা সামৰিক বিভাগৰ ব্যক্তি যদি সমুদ্ৰৰ বীচ্ছলৈ যায় তেন্তে তেওঁ নিজৰ কৰ্মক্ষেত্ৰৰ ইউনিফৰ্ম পৰিধান কৰি নাযায়৷ তেতিয়া তেওঁ পৰিধান কৰে বীচ্ছৱেৰ৷ একেদৰে ক্লাবলৈ যোৱাৰ সময়ত সেই একেজন ব্যক্তিয়েই কেজুৱেলৱেৰ পৰিধান কৰে৷ তাত আনুষ্ঠানিকতা নাথাকে৷ সকলোৱে এনেদৰে ঘাইকৈ পশ্চিমীয়া দেশত ড্ৰেছ ক’ডৰ অনুশাসন মানি চলা দেখা যায়৷ ভাৰতত পশ্চিমীয়া পোছাকত দেশবাসী আসক্ত হৈ পৰি এতিয়া নিজৰ পৰম্পৰাগত পোছাক প্ৰায়েই এৰি দিছে৷ পিছে পশ্চিমীয়া পোছাকো ড্ৰেছ ক’ড অনুসৰি পৰিধান কৰিবলৈ শিকা নাই৷ পশ্চিমীয়া সমাজত ড্ৰেছ ক’ড বুলি ক’লে ঘাইকৈ পাঁচবিধমান পোছাক আছে৷ সেয়া হ’ল– [১] ফৰ্মেল বা ব্লেক টাই, [২] ছেমি ফৰ্মেল, [৩] বিজিনেছ ফৰ্মেল, [৪] বিজিনেছ কেজুৱেল, [৫] স্মাৰ্ট কেজুৱেল৷ ইয়াৰ উপৰি আন কিছুমান স্থানত পৰিধান কৰাৰ বাবে আৰু কেইবিধমান ড্ৰেছ ক’ড আছে৷ তথাপি মূলতঃ এই পাঁচবিধ পোছাক পৰিচ্ছদৰেই প্ৰায় সকলো অনুষ্ঠানত উপস্থিত হ’ব পৰা যায়৷ এই ড্ৰেছ ক’ড মানি চলাৰ বাবেই আমি বাৰাক অ’বামাক হোৱাইট হাউচ অথবা আন্তঃৰাষ্ট্ৰীয় বৈঠকত ক’লা ছ্যুট টাইসহ পৰিধান কৰা দেখো৷ একেজন অ’বামাই গল্ফ খেলিবলৈ গ’লে গল্ফ কোৰ্চৰ উপযোগী হাফপেণ্ট আৰু টি-চাৰ্ট পৰিধান কৰে৷ হলীউডৰ তাৰকা ৰেড কাৰ্পেটত আমি ইমান শুৱনি দেখো কেৱল এই ড্ৰেছ ক’ডৰ বাবে৷