Logo
image

লণ্ডনত নিলাম হ’ব ৰবীন্দ্ৰনাথৰ ‘যুগল’

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠকুৰে অঁকা এখন ছবি ২২ ছেপ্টেম্বৰত নিলাম হ’ব লণ্ডনত৷ আগশাৰীৰ নিলামকাৰী সংস্থা ‘ক্ৰিষ্টিজ’ৰ দ্বাৰা এই নিলাম কৰা হ’ব৷ সংস্থাটোৰ ৱেবছাইটত এই কথা প্ৰকাশ কৰা হয়৷ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামহীন এই ছবিখনক নিলামকাৰী সংস্থাটোৱে ‘যুগল’ বুলি অভিহিত কৰিছে৷ সংস্থাটোৰ ফালৰ পৰা কোৱা হৈছে যে এই ছবিখন ১.২০ লাখ পাউণ্ডৰ পৰা ১.৮০ লাখ পাউণ্ডত বিক্ৰী হ’ব বুলি ধাৰণা কৰা হৈছে৷ ভাৰতীয় টকাত এই মূল্য হ’ব ৮৮ লাখৰ পৰা ১.৩ কোটি৷ এই পেইণ্টিংখন হৈছে ২২.৮ ইঞ্চি দীঘল আৰু আৰু ২০ ইঞ্চি বহল৷ ৰবীন্দ্ৰনাথ ঠাকুৰে অঁকা বেছিভাগ ছবিৰ ভিতৰত এই ছবিখনৰ আকাৰ কিছু ডাঙৰ৷ ১৯৩০ চন বা তাৰ আশে-পাশে ৰবীন্দ্ৰনাথ ঠাকুৰে ইউৰোপ ভ্ৰমণ কৰাৰ সময়ত এই পেইণ্টিংখন আঁকিছিল আৰু পেৰিছতো এইবোৰৰ প্ৰদৰ্শনী হৈছিল৷ তেতিয়াই ইউৰোপৰ বহু ধন কুবেৰে এই ছবিবোৰ সংগ্ৰহ কৰিছিল৷ এনে সংগৃহীত ছবিৰ ভিতৰত এই ‘যুগল’খনো অন্যতম আছিল৷ ক্ৰিষ্টিজৰ দ্বাৰা প্ৰকাশ কৰা অনুসৰি জাৰ্মানীৰ এটা দম্পতীয়ে এই ছবিখন ক্ৰয় কৰিছিল৷ উক্ত দম্পতীটোৰ পৰিয়ালৰ লোকেই ক্ৰিষ্টিজক এই ছবিখন নিলামৰ বাবে দিছে৷