Logo
image

হাফপেণ্টৰ ৰেহৰূপ

আমি ভাৰতত পোৱা হাফপেণ্ট আৰু যাক প্ৰকৃততে শ্বৰ্টছ বুলি কয় তাৰো অসংখ্য প্ৰকাৰ আছে৷ সেই প্ৰকাৰৰ বেছিভাগৰ নামেই আমি নাজানো৷ মূলতঃ শ্বৰ্টছক ওঠৰটা ভাগত ভাগ কৰিব পাৰি৷ বিস্তৃতভাৱে শ্বৰ্টছৰ ভাগ ৪৫ বা তাতকৈ অধিক৷ [১] বুটি শ্বৰ্টছ, [২] বয় শ্বৰ্টছ, [৩] জামাইকান বা বাৰ্মুডা শ্বৰ্টছ, [৪] নী-লেংথ শ্বৰ্টছ, [৫] পেডেল পুছাৰ শ্বৰ্টছ, [৬] টৰেডৰ শ্বৰ্টছ, [৭] কেপ্ৰি শ্বৰ্টছ, [৮] বয়ফ্ৰেণ্ড শ্বৰ্টছ, [৯] চিন’ শ্বৰ্টছ, [১০] কাট-অফ শ্বৰ্টছ, [১১] ৰেপ শ্বৰ্টছ, [১২] কাৰ্গো শ্বৰ্টছ, [১৩] শ্লিপশ্বৰ্ট শ্বৰ্টছ, [১৪] স্কৰ্টছ শ্বৰ্টছ, [১৫] ছুইমিং ট্ৰাংক শ্বৰ্টছ, [১৬] বক্সাৰ শ্বৰ্টছ, [১৭] ব’ৰ্ড শ্বৰ্টছ আৰু [১৮] নী-হাগাৰ শ্বৰ্টছ৷ ইয়াৰ উপৰি মেন এথলেটিক শ্বৰ্টছ, ৰানিং শ্বৰ্টছ, ৱাকিং শ্বৰ্টছ, হাইকিং শ্বৰ্টছ, চাইক্লিং শ্বৰ্টছ, জীম শ্বৰ্টছ, টেনিছ শ্বৰ্টছ, গল্ফ শ্বৰ্টছ, ছামাৰ কেজুৱেল শ্বৰ্টছ, ডেনিম শ্বৰ্টছ, প্লিটেড শ্বৰ্টছ, খাকী শ্বৰ্টছ, বেগি শ্বৰ্টছ, টেইলৰ্ড শ্বৰ্টছ, পেটাৰ্ণড শ্বৰ্টছ, ডেইজী ডিউক শ্বৰ্টছ, লিনেন শ্বৰ্টছ, লেডাৰ শ্বৰ্টছ, এট হোম বা আণ্ডাৰ শ্বৰ্টছ, কমপ্ৰেছন শ্বৰ্টছ, প্ৰিণ্টেড শ্বৰ্টছ ইত্যাদি সাম্প্ৰতিক সময়ত বহুলভাৱে ব্যৱহাৰ হোৱা দেখা যায়৷