Logo
image

প্ৰিয়ংকাৰে ফেৰ মাৰি হলীউডত দীপিকা!

হলীউডত প্ৰিয়ংকা চোপ্ৰাৰ একচ্ছত্ৰী ৰাজত্বৰ দিন হয়তো উকলিছে৷ নতুন খবৰ অনুযায়ী দীপিকাই হলীউডৰ এখন নতুন ছবিত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে দীপিকা পাডুকন৷ ইয়াৰ পূৰ্বে ২০১৭ চনত 'XXX _ Return of xunder cage' নামৰ ছবিখনত দীপিকাই অভিনয় কৰিছিল৷ বলীউডৰ পৰা গৈ দ্বিতীয়বাৰলৈ হলীউডৰ ছবিত অভিনয় কৰিব ৰণবীৰ পত্নী দীপিকা পাডুকনে৷ 

উল্লেখ্য বলীউডৰ পৰা গৈ হলীউডৰ  ছবিত অভিনয় কৰাসকলৰ ভিতৰত সঘনে উচ্ছাৰিত হয় প্ৰিয়ংকা চোপ্ৰাৰ নাম৷ হলীউডক যেন একেবাৰে হাতৰ মুঠিত ৰাখিছিল প্ৰিয়ংকাই৷ বলীউডৰ ফালে পিঠি দি হলীউডতে মনোনিৱেশ কৰিছিল দেশী গাৰ্লে৷ বলীউডৰ কাকো পাট্টাই নিদিয়া বুলিও প্ৰিয়ংকালৈ আঙুলি টোৱাই অনুৰাগীসকলে মাজে সময়ে কটাক্ষ কৰাও দেখা যায়৷ প্ৰিয়ংকালৈ অনুৰাগীৰ তীব্ৰ বাক্যবান– ওস্তাদৰ খেল শেষ ৰাতি৷ প্ৰিয়ংকাৰ হলীউড ৰাজত্বক ঢুকি পাইছে দীপিকাই৷..’ সূত্ৰত প্ৰকাশ যে দীপিকাৰ এই নতুন হলীউডী ছবিখন হ’ব একেবাৰে ৰোমাণ্টিক কমেডি৷ ছবিখনত হলীউডৰ বেছ নামকৰা কেইবাজনো তাৰকাই অভিনয় কৰিব৷ ছবিখনত দীপিকা অকল অভিনয়েই নহয় প্ৰযোজনা সহযোগী হিচাপেও থাকিব বুলি জানিব পৰা গৈছে৷ হলীউডৰ বিখ্যাত প্ৰযোজনা সংস্থা STX Film'sৰ সৈতে দীপিকাৰ চুক্তি হৈছে৷ ইতিমধ্যে বলীউডত গুঞ্জন উঠিছে হলীউডৰ এই প্ৰযোজনা সংস্থাই প্ৰথমে প্ৰিয়ংকাৰ নাম উত্থাপন কৰিছিল৷ ইফালে এনে এক ভ্ৰান্ত দাবীক নস্যাৎ কৰিছে দীপিকা এণ্ড কোম্পানীয়ে৷